< এস্থার 9 >

1 পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ’বলৈ আছিল। সেই দিনা যিহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে।
ובשנים עשר חדש הוא חדש אדר בשלושה עשר יום בו אשר הגיע דבר המלך ודתו להעשות ביום אשר שברו איבי היהודים לשלוט בהם ונהפוך הוא אשר ישלטו היהודים המה בשנאיהם
2 যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে যিহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰিলে।
נקהלו היהודים בעריהם בכל מדינות המלך אחשורוש לשלח יד במבקשי רעתם ואיש לא עמד לפניהם כי נפל פחדם על כל העמים
3 প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
וכל שרי המדינות והאחשדרפנים והפחות ועשי המלאכה אשר למלך--מנשאים את היהודים כי נפל פחד מרדכי עליהם
4 মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল।
כי גדול מרדכי בבית המלך ושמעו הולך בכל המדינות כי האיש מרדכי הולך וגדול
5 যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে।
ויכו היהודים בכל איביהם מכת חרב והרג ואבדן ויעשו בשנאיהם כרצונם
6 চুচন ৰাজকোঁঠত যিহুদী লোকসকলে পাঁচশ লোকক বধ আৰু ধ্বংস কৰিলে।
ובשושן הבירה הרגו היהודים ואבד--חמש מאות איש
7 তেওঁলোকে বধ কৰা লোকসকল এওঁলোক: পৰ্চনদাথা, দলফোন, অস্পথা,
ואת פרשנדתא ואת דלפון ואת אספתא
8 পোৰাথা, অদলিয়া, অৰীদাথা,
ואת פורתא ואת אדליא ואת ארידתא
9 পৰ্মস্তা, অৰীচয়, অৰীদয়, আৰু বয়িজাথা।
ואת פרמשתא ואת אריסי ואת ארידי ואת ויזתא
10 ১০ যিহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে।
עשרת בני המן בן המדתא צרר היהודים--הרגו ובבזה--לא שלחו את ידם
11 ১১ সেই দিনা যি সকলক চুচন ৰাজকোঁঠত বধ কৰা হ’ল, তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ’ল।
ביום ההוא בא מספר ההרוגים בשושן הבירה--לפני המלך
12 ১২ ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”
ויאמר המלך לאסתר המלכה בשושן הבירה הרגו היהודים ואבד חמש מאות איש ואת עשרת בני המן--בשאר מדינות המלך מה עשו ומה שאלתך וינתן לך ומה בקשתך עוד ותעש
13 ১৩ ইষ্টেৰে ক’লে, “যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ’লে আজিৰ দৰে কাইলৈয়ো কৰিবলৈ চুচনত থকা যিহুদী সকলক অনুমতি দিয়া হওক; আৰু হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক।”
ותאמר אסתר אם על המלך טוב--ינתן גם מחר ליהודים אשר בשושן לעשות כדת היום ואת עשרת בני המן יתלו על העץ
14 ১৪ সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ’ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ’ল।
ויאמר המלך להעשות כן ותנתן דת בשושן ואת עשרת בני המן תלו
15 ১৫ চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে।
ויקהלו היהודיים (היהודים) אשר בשושן גם ביום ארבעה עשר לחדש אדר ויהרגו בשושן שלש מאות איש ובבזה--לא שלחו את ידם
16 ১৬ ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ’ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে।
ושאר היהודים אשר במדינות המלך נקהלו ועמד על נפשם ונוח מאיביהם והרוג בשנאיהם חמשה ושבעים אלף ובבזה--לא שלחו את ידם
17 ১৭ অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল’লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
ביום שלושה עשר לחדש אדר ונוח בארבעה עשר בו ועשה אתו יום משתה ושמחה
18 ১৮ কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ’ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল’লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
והיהודיים (והיהודים) אשר בשושן נקהלו בשלושה עשר בו ובארבעה עשר בו ונוח בחמשה עשר בו ועשה אתו יום משתה ושמחה
19 ১৯ এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।
על כן היהודים הפרוזים (הפרזים) הישבים בערי הפרזות--עשים את יום ארבעה עשר לחדש אדר שמחה ומשתה ויום טוב ומשלח מנות איש לרעהו
20 ২০ মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে।
ויכתב מרדכי את הדברים האלה וישלח ספרים אל כל היהודים אשר בכל מדינות המלך אחשורוש--הקרובים והרחוקים
21 ২১ প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে।
לקים עליהם--להיות עשים את יום ארבעה עשר לחדש אדר ואת יום חמשה עשר בו בכל שנה ושנה
22 ২২ এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।
כימים אשר נחו בהם היהודים מאיביהם והחדש אשר נהפך להם מיגון לשמחה ומאבל ליום טוב לעשות אותם ימי משתה ושמחה ומשלח מנות איש לרעהו ומתנות לאבינים
23 ২৩ মৰ্দখয়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল।
וקבל היהודים את אשר החלו לעשות ואת אשר כתב מרדכי אליהם
24 ২৪ সেই সময়ত সকলো যিহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। যিহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল (চিঠি খেলাইছিল)।
כי המן בן המדתא האגגי צרר כל היהודים--חשב על היהודים לאבדם והפל פור הוא הגורל להמם ולאבדם
25 ২৫ কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
ובבאה לפני המלך אמר עם הספר ישוב מחשבתו הרעה אשר חשב על היהודים על ראשו ותלו אתו ואת בניו על העץ
26 ২৬ এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে,
על כן קראו לימים האלה פורים על שם הפור--על כן על כל דברי האגרת הזאת ומה ראו על ככה ומה הגיע אליהם
27 ২৭ যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।
קימו וקבל (וקבלו) היהודים עליהם ועל זרעם ועל כל הנלוים עליהם ולא יעבור--להיות עשים את שני הימים האלה ככתבם וכזמנם בכל שנה ושנה
28 ২৮ তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
והימים האלה נזכרים ונעשים בכל דור ודור משפחה ומשפחה מדינה ומדינה ועיר ועיר וימי הפורים האלה לא יעברו מתוך היהודים וזכרם לא יסוף מזרעם
29 ২৯ তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।
ותכתב אסתר המלכה בת אביחיל ומרדכי היהודי--את כל תקף לקים את אגרת הפרים הזאת--השנית
30 ৩০ ৰজা অহচবেৰোচৰ ৰাজ্যৰ এশ সাতাইশ খন প্রদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ’ল।
וישלח ספרים אל כל היהודים אל שבע ועשרים ומאה מדינה--מלכות אחשורוש דברי שלום ואמת
31 ৩১ লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে।
לקים את ימי הפרים האלה בזמניהם כאשר קים עליהם מרדכי היהודי ואסתר המלכה וכאשר קימו על נפשם ועל זרעם דברי הצומות וזעקתם
32 ৩২ ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰীমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ’ল; আৰু এই সকলোকে পুস্তকত লিখা হ’ল।
ומאמר אסתר--קים דברי הפרים האלה ונכתב בספר

< এস্থার 9 >