< এস্থার 8 >
1 ১ সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক যিহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
Mhlalokho inkosi u-Ahasuweru yanika iNdlovukazi u-Esta impahla kaHamani, isitha samaJuda. UModekhayi weza phambi kwenkosi, ngoba u-Esta wayesechazile ngobuhlobo babo.
2 ২ তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙঠি সোলোকাই মৰ্দখয়ক দিলে। ইষ্টেৰে হামনৰ আস্থাবৰ সম্পত্তিৰ দায়িত্বত মৰ্দখয়ক নিযুক্ত কৰিলে।
Inkosi yakhupha indandatho yayo yophawu lobukhosi, eyayisiyithathele uHamani, yayipha uModekhayi. U-Esta wamkhetha uModekhayi ukuba aphathe impahla kaHamani.
3 ৩ পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
U-Esta wabuye wancenga enkosini, eziwisela ezinyaweni zayo njalo ekhala. Wayicela ukuba inqabele icebo elibi likaHamani umʼAgagi, ayelicebe ngamaJuda.
4 ৪ তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।
Inkosi yasiselulela intonga yayo yegolide ku-Esta owasukuma wama phambi kwayo.
5 ৫ ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।
Wathi, “Nxa kuyithokozisa inkosi, njalo nxa ingamukela ngokuthokoza ibona kuyinto efanele ukwenziwa, njalo nxa ithokoza ngami, akubhalwe umlayo ozachitha izincwadi ezalotshwa nguHamani indodana kaHamedatha, umʼAgagi, ezazibhalwe ngezimiso zokuchitha amaJuda kuzozonke izabelo zenkosi.
6 ৬ কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
Kambe kungavuma njani ukubona incithakalo isehlela abantu bakithi? Kungavuma njani ukuba ngibone incithakalo yemuli yakithi?”
7 ৭ তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।
Inkosi u-Ahasuweru waphendula iNdlovukazi loModekhayi umJuda ngokuthi, “Ngoba uHamani ehlasele amaJuda, sengiphe u-Esta impahla yakhe, njalo sebemlengise esakhiweni sokulengisa.
8 ৮ এতিয়া যিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞা পত্র লিখা হওক; আৰু ৰজাৰ আঙঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা, আৰু ৰজাৰ আঙঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ’ব নোৱাৰে।”
Ngakho-ke bhala omunye umlayo ngebizo lenkosi usenzela amaJuda njengokubona kwakho, ubusuyingcina ngophawu lwendandatho yenkosi, ngoba awukho umbiko olotshwe ngebizo lenkosi wangcinwa ngophawu lwendandatho yayo ongadilizwa.”
9 ৯ তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
Onobhala besigodlweni bahle babizwa masinyane, ngelanga lamatshumi amabili lantathu ngenyanga yesithathu, inyanga ethiwa nguSivana. Babhala yonke imilayo kaModekhayi kumaJuda, lakuziphathamandla, kubabusi lakuzikhulu kuzozonke izabelo ezilikhulu elilamatshumi amabili lesikhombisa kusukela e-Indiya kuze kuyefika eTopiya. Imilayo leyo yayibhalwe ngombhalo walelo lalelo lizwe ngolimi lwalabobantu njalo lakubaJuda ngombhalo wabo lolimi lwabo.
10 ১০ মৰ্দখয়ে এই পত্র ৰজা অহচবেৰোচৰ নামেৰে লিখি তাত ৰজাৰ আঙঠিৰে মোহৰ মাৰিছিল। ৰাজ অশ্ৱপালনৰ প্রতিষ্ঠানৰ পৰা ৰাজ-কাৰ্য্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহক সকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ’ল।
UModekhayi wabhala ngebizo leNkosi u-Ahasuweru, wangcina izincwadi lezo ngophawu lwendandatho yenkosi, wathuma izithunywa ezazigada amabhiza ayelesiqubu efuyelwe ukusetshenziswa yinkosi.
11 ১১ এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
Isimiso somlayo wenkosi sasinika amaJuda kuwo wonke amadolobho imvumo yokuhlangana lokuzivikela; ukuchitha, ukubulala babhubhise yonke impi ehlomileyo eyaloba yisiphi isizwe loba isifunda esasingabahlasela kanye labesifazane labantwana; lokuthi baphange impahla yezitha zabo.
12 ১২ ৰজা অহচবেৰোচৰ অধীনত থকা সকলো প্রদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ’ল, সেয়া আছিল দ্বাদশ মাহৰ তেৰ তাৰিখ, অৰ্থাৎ অদৰ মাহৰ তেৰ তাৰিখ।
Ilanga elamiswayo ukuba amaJuda enze lokho kuzozonke izabelo zeNkosi u-Ahasuweru lalingeletshumi lantathu ngenyanga yetshumi lambili, inyanga ethiwa ngu-Adari.
13 ১৩ সকলো লোকলৈ এই আজ্ঞা, বিধান স্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্রকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল; যাতে সেই দিনা যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্রতিশোধ লবলৈ যুগুত হৈ থাকে।
Isimiso somlayo lowo sasizakhutshwa sibe ngumthetho kuzozonke izabelo, umenyezelwe ebantwini bezizwe zonke ukuze amaJuda ahlale elungele ngalelolanga ukuphindisela ezitheni zawo.
14 ১৪ তাতে ৰাজ-কাৰ্য্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদবাহক সকলে উঠি বেগাই ৰজাৰ সেই পত্র বিলাবলৈ গৈছিল; আৰু সেই আজ্ঞা পত্র চুচন ৰাজপ্রসাদতো জাৰি কৰা হৈছিল।
Izithunywa zaphuma ngokuphangisa zigade amabhiza esigodlweni, zifuqwa ngumlayo wenkosi. Isimiso somlayo samenyezelwa edolobheni laseSusa.
15 ১৫ তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
UModekhayi wasuka phambi kwenkosi egqoke izembatho zobukhosi ezilombala oluhlaza okwesibhakabhaka lomhlophe, umqhele wegolide omkhulu kanye lesembatho esiyibubende eselembu lelineni elihle. Kwaba ledili lentokozo edolobheni laseSusa.
16 ১৬ যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
Kwaba yisikhathi sokuthaba lokuthokoza, injabulo lodumo kubaJuda.
17 ১৭ প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।
Kuzozonke izabelo lakuwo wonke amadolobho, ingqe lapho isimiso somlayo wenkosi esaya khona, kwaba lentokozo lenjabulo kubaJuda, kwaba lamadili kwadliwa. Abantu abanengi bakwezinye izizwe baba ngabaJuda ngenxa yokwesaba amaJuda.