< এস্থার 7 >

1 তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ’ল।
Вниде же царь и Аман пировати со царицею.
2 দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
И рече царь Есфири во вторый день на пиру: что есть, Есфире царице? И что прошение твое? И что моление твое? И будет тебе до полуцарствия моего.
3 তেতিয়া ৰাণী ইষ্টেৰে উত্তৰ দি ক’লে, “মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু যদি আপুনি ভাল দেখে, তেনেহ’লে মোৰ প্ৰাণ মোক দিয়ক। এয়েই মোৰ নিবেদন আৰু মোৰ লোক সকলৰ বাবেও মই এই অনুৰোধ কৰিছোঁ।
И отвещавши (Есфирь царица) рече: аще обретох благодать пред очима твоима, царю, да дастся душа моя прошению моему и людие мои молению моему:
4 কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ, আৰু বিনষ্ট কৰিবৰ বাবে বিক্রী কৰা হৈছে। আমি যদি কেৱল দাস-দাসী হ’বলৈ বেচা গলোহেঁতেন, তেনেহ’লে মই নিজমে থাকিলো হয়; আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্রয়োজন নহলে হয়।”
продани бо есмы, аз же и людие мои, на погибель и расхищение и в работу, мы же и чада наша в рабы и рабыни, и небрегох: несть бо достоин клеветник двора царева.
5 তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক ক’লে, “তেওঁ কোন হয়? এই কাৰ্য কৰিবলৈ সাহ কৰা জন ক’ত আছে?”
И рече царь: кто есть сей, иже дерзну сотворити вещь сию?
6 ইষ্টেৰে ক’লে, “সেই দুষ্ট হামনেই বিৰুদ্ধী আৰু শত্ৰু লোক হয়।” তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত আতঙ্কিত হ’ল।
И рече Есфирь: человек враг, Аман лукавый сей. Аман же смятеся от царя и царицы.
7 তেতিয়া ৰজাই ক্ৰোধত দ্ৰাক্ষাৰস পান কৰাৰ পৰা উঠি গৈ ৰাজপ্রসাদৰ বাগিছাত সোমাল; কিন্তু ৰজাই যে হামনৰ বিৰুদ্ধে অমঙ্গল স্থিৰ কৰিলে সেই কথা হামনে জানিবলৈ পাই, ৰাণী ইষ্টেৰৰ পৰা নিজৰ প্ৰাণ ভিক্ষা কৰিবলৈ তাতে থাকিল।
Царь же воста со гневом от пира (и иде) в вертоград: Аман же моляше царицу, видяше бо себе в бедах суща.
8 তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।
Возвратися же царь из вертограда, и Аман припаде к ложу, на немже бе Есфирь, моля царицу. И рече царь: егда и жену насилует в дому моем? Аман же слышав изменися лицем.
9 পাছত ৰজাৰ পৰিচৰ্যা কৰা হৰ্বোনা নামেৰে এজন নপুংসকে ক’লে, “যি মৰ্দখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে।” ৰজাই ক’লে, “সেই কাঠৰ ওপৰতে ইয়াক ফাঁচি দিয়া হওক।”
Рече же Вугафан един от скопцев, сей же ведяше о том древе, видев е в дому Аманове, егда призываше его на обед царский, и о сем испытав единаго от отрок, уразумев замышляемое, и рече ко царю: се, и древо уготова Аман Мардохею глаголавшему благая о цари, и стоит в дому Аманове возвышено на лакот пятьдесят. И рече царь: да повесится (Аман) на нем.
10 ১০ তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
И повешен бысть Аман на древе, еже уготова Мардохею. И тогда царь утолися от ярости.

< এস্থার 7 >