< এস্থার 7 >
1 ১ তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ’ল।
So the king and Aman went in to drink with the queen.
2 ২ দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
And the king said to Esther at the banquet on the second day, What is it, queen Esther? and what [is] your request, and what [is] your petition? and it shall be [done] for you, to the half of my kingdom.
3 ৩ তেতিয়া ৰাণী ইষ্টেৰে উত্তৰ দি ক’লে, “মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু যদি আপুনি ভাল দেখে, তেনেহ’লে মোৰ প্ৰাণ মোক দিয়ক। এয়েই মোৰ নিবেদন আৰু মোৰ লোক সকলৰ বাবেও মই এই অনুৰোধ কৰিছোঁ।
And she answered and said, If I have found favour in the sight of the king, let [my] life be granted to my petition, and my people to my request.
4 ৪ কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ, আৰু বিনষ্ট কৰিবৰ বাবে বিক্রী কৰা হৈছে। আমি যদি কেৱল দাস-দাসী হ’বলৈ বেচা গলোহেঁতেন, তেনেহ’লে মই নিজমে থাকিলো হয়; আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্রয়োজন নহলে হয়।”
For both I and my people are sold for destruction, and pillage, and slavery; [both] we and our children for bondmen and bondwomen: and I consented not to it, for the [is] not worthy of the king's palace.
5 ৫ তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক ক’লে, “তেওঁ কোন হয়? এই কাৰ্য কৰিবলৈ সাহ কৰা জন ক’ত আছে?”
And the king said, Who [is] this that has dared to do this thing?
6 ৬ ইষ্টেৰে ক’লে, “সেই দুষ্ট হামনেই বিৰুদ্ধী আৰু শত্ৰু লোক হয়।” তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত আতঙ্কিত হ’ল।
And Esther said, the adversary [is] Aman, this wicked man. Then Aman was troubled before the king and the queen.
7 ৭ তেতিয়া ৰজাই ক্ৰোধত দ্ৰাক্ষাৰস পান কৰাৰ পৰা উঠি গৈ ৰাজপ্রসাদৰ বাগিছাত সোমাল; কিন্তু ৰজাই যে হামনৰ বিৰুদ্ধে অমঙ্গল স্থিৰ কৰিলে সেই কথা হামনে জানিবলৈ পাই, ৰাণী ইষ্টেৰৰ পৰা নিজৰ প্ৰাণ ভিক্ষা কৰিবলৈ তাতে থাকিল।
And the king rose up from the banquet to go into the garden: and Aman began to entreat the queen; for he saw that he was in an evil case.
8 ৮ তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।
And the king returned from the garden; and Aman had fallen upon the bed, intreating the queen. And the king said, Will you even force [my] wife in my house? And when Aman heard it, he changed countenance.
9 ৯ পাছত ৰজাৰ পৰিচৰ্যা কৰা হৰ্বোনা নামেৰে এজন নপুংসকে ক’লে, “যি মৰ্দখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে।” ৰজাই ক’লে, “সেই কাঠৰ ওপৰতে ইয়াক ফাঁচি দিয়া হওক।”
And Bugathan, one of the chamberlains, said to the king, Behold, Aman has also prepared a gallows for Mardochaeus, who spoke concerning the king, and a gallows of fifty cubits high has been set up in the premises of Aman. And the king said, Let him be hanged thereon.
10 ১০ তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
So Aman was hanged on the gallows that had been prepared for Mardochaeus: and then the king's wrath was appeased.