< এস্থার 6 >
1 ১ সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।
A tej nocy król nie mógł spać, kazał więc przynieść księgę pamiątkową kronik. I odczytano ją przed królem.
2 ২ সেই কাৰ্য-বিৱৰণীত লিখা অনুসাৰে এই কথা গ’ম পোৱা গ’ল যে, ৰাজ-নপুংসক বিগথন আৰু তেৰচ নামেৰে দুজন প্রৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহচবেৰোচৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মৰ্দখয়েই ৰজাক জনাইছিল।
I tam znaleziono zapisek, że to Mardocheusz doniósł na Bigtana i Teresza, dwóch eunuchów króla, stróżów progu, że usiłowali podnieść rękę na króla Aswerusa.
3 ৩ পাছত ৰজাই সুধিলে, “মৰ্দখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁক কি সন্মান বা স্বীকৃতি প্রদান কৰা হৈছিল? তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাস সকলে তেওঁক ক’লে, “তেওঁৰ বাবে একো কৰা হোৱা নাই।”
Wtedy król zapytał: Jaką cześć i jaki zaszczyt przyznano za to Mardocheuszowi? Odpowiedzieli słudzy króla, jego dworzanie: Niczego mu nie przyznano.
4 ৪ ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।
Król zapytał: Kto jest na dziedzińcu? A właśnie Haman przyszedł na zewnętrzny dziedziniec domu królewskiego, aby porozmawiać z królem, by powiesić Mardocheusza na szubienicy, którą dla niego przygotował.
5 ৫ ৰজাৰ দাস সকলে তেওঁক ক’লে, “হামন চোতালত থিয় হৈ আছে।” তাতে ৰজাই ক’লে, “তেওঁক ভিতৰলৈ আহিব দিয়া।”
Słudzy króla odpowiedzieli mu: Oto Haman stoi na dziedzińcu. Król powiedział: Niech wejdzie.
6 ৬ হামন যেতিয়া ভিতৰলৈ সোমাল, তেতিয়া ৰজাই তেওঁক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ কি কৰা উচিত?” হামনে মনতে ভাবিলে, মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব?
I Haman wszedł. A król zapytał go: Co uczynić temu mężczyźnie, którego król chce uczcić? A Haman myślał w swoim sercu: Kogo by król chciał uczcić bardziej niż mnie?
7 ৭ সেয়ে হামনে ৰজাক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে,
Odpowiedział Haman królowi: Dla mężczyzny, którego król chce uczcić;
8 ৮ তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।
Niech przyniosą szatę królewską, w którą się ubiera król, [niech przyprowadzą] konia, na którym jeździ król, i niech włożą mu koronę królewską na głowę;
9 ৯ তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”
Potem niech przekażą tę szatę i konia do rąk jednego z najznakomitszych książąt, niech ubiorą tego mężczyznę, którego król chce uczcić, niech go prowadzą na koniu po placu miejskim i niech wołają przed nim: Tak postąpi się z mężczyzną, którego król chce uczcić.
10 ১০ তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
Wtedy król powiedział do Hamana: Spiesz się, weź szatę i konia, tak jak powiedziałeś, i uczyń tak z Żydem Mardocheuszem, który siedzi w bramie królewskiej. Nie pomiń niczego z tego wszystkiego, co powiedziałeś.
11 ১১ তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”
Haman wziął więc szatę i konia, ubrał Mardocheusza i prowadził go na koniu po placu miejskim, wołając przed nim: Tak postąpi się z mężczyzną, którego król chce uczcić.
12 ১২ তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
Potem wrócił Mardocheusz do bramy królewskiej, Haman zaś pospieszył się do swego domu smutny, z nakrytą głową.
13 ১৩ হামনে তেওঁৰ ভাৰ্যা জেৰচক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক’লে। তেতিয়া তেওঁৰ যি সকল লোক জ্ঞানৰ বাবে জনাজাত আছিল, তেওঁলোক আৰু তেওঁৰ ভাৰ্যা জেৰচে তেওঁক ক’লে, “যি মৰ্দখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ’ব ধৰিছে, সেই মৰ্দখয় যদি যিহুদী বংশৰ লোক হয়, তেনেহলে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব, তেওঁৰ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ’ব।”
I Haman opowiedział swojej żonie Zeresz i wszystkim swoim przyjaciołom o wszystkim, co mu się przydarzyło. Jego mędrcy i jego żona Zeresz powiedzieli: Jeśli Mardocheusz, przed którym zacząłeś upadać, pochodzi z narodu żydowskiego, to nie przemożesz go, ale niezawodnie upadniesz przed nim.
14 ১৪ তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।
A gdy oni jeszcze z nim rozmawiali, oto przyszli eunuchowie króla, aby spiesznie zaprowadzić Hamana na ucztę, którą przygotowała Estera.