< এস্থার 5 >
1 ১ তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল।
第三日にエステル后の服を着王の家の内庭にいり王の家にむかひて立つ王は王宮の玉座に坐して王宮の戸口にむかひをりしが
2 ২ ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্টেৰক দেখা পালে, তেতিয়া তেওঁৰ ইষ্টেৰৰ প্রতি মৰম লাগিল; আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণী ইষ্টেৰৰ ফালে মেলি দিলে। সেয়ে ইষ্টেৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগ ভাগ চুলে।
王后エステルが庭にたちをるを見てこれに恩をくはへ其手にある金圭をエステルの方に伸しければエステルすすみよりてその圭の頭にさはれり
3 ৩ তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”
王かれに言けるは后エステルなんぢ何をもとむるやなんぢの願意は何なるや國の半分にいたるとも汝にあたふべし
4 ৪ তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”
エステルいひけるは王もし善としたまはば願くは今日わが王のために設けたる酒宴に王とハマンと臨みたまへ
5 ৫ তেতিয়া ৰজাই আজ্ঞা দিলে, “ৰাণী ইষ্টেৰে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক।” সেয়ে ৰজা আৰু হামন ইষ্টেৰে যুগুত কৰা ভোজলৈ গ’ল।
ここに於て王ハマンを急がしめてエステルの言るごとくならしめよと命じ王とハマンやがてエステルが設けたる酒宴に臨めり
6 ৬ ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
酒宴の時王またエステルに言けるは汝の所求は何なるやかならずゆるさるべし なんぢの願意は何なるや國の半分にいたるとも成就らるべし
7 ৭ তেতিয়া ইষ্টেৰে উত্তৰ দি ক’লে, “মোৰ আবেদন আৰু মোৰ প্ৰাৰ্থনা এই,
エステル言けるは我が所求わが願意は是なり
8 ৮ মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু মোৰ নিবেদন ও প্ৰাৰ্থনা গ্রহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহলে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্রশ্নৰ উত্তৰ কাইলৈহে দিম।”
われもし王の目の前に恩を得 王もしわが所求をゆるしわが願意を成就しむることを善としたまはば願くは王とハマンまたわが設けんとする酒宴に臨みたまへ われ明日王の宣まへる言にしたがはん
9 ৯ সেই দিনা হামন আনন্দ আৰু সন্তুষ্ট মনেৰে বাহিৰলৈ ওলাই গ’ল। কিন্তু হামনে যেতিয়া মৰ্দখয়ক ৰাজদুৱাৰত বহি থকা দেখা পালে, তেতিয়াও মৰ্দখয়ে হামনৰ আগত থিয় নহ’ল বা লৰচৰো নহ’ল। তাতে হামনে মৰ্দখয়ৰ ওপৰত ক্রোধেৰে পৰিপূৰ্ণ হ’ল।
かくてハマンはその日よろこび心たのしみて出きたりけるがハマン、モルデカイが王の門に居て己にむかひて起もあがらず身動もせざるを見しかば 痛くモルデカイを怒れり
10 ১০ তথাপি, হামনে নিজকে নিয়ন্ত্রিত কৰি ৰাখিলে, আৰু নিজৰ ঘৰলৈ গুচি গ’ল। তেওঁ তেওঁৰ ভাৰ্যা জেৰচৰ সৈতে তেওঁৰ বন্ধু সকলক একত্রিত হ’বলৈ মাতি পঠিয়ালে।
されどもハマン耐忍びて家にかへりその朋友等および妻ゼレシをまねき來らしめ
11 ১১ হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
而してハマンその富の榮耀とその子の衆多ことと凡て王の己を貴とびし事また己をたかくして王の牧伯および臣僕の上にあらしむることを之に語れり
12 ১২ হামনে ক’লে, “এনেকি ৰাণী ইষ্টেৰে যুগুত কৰা ভোজত যাবলৈ ৰজাৰ লগত মোৰ বাহিৰে আন কাকো নিমন্ত্রণ দিয়া নাছিল। আৰু অহা কালিও ভোজত ৰজাৰ লগত যাবলৈ মই ৰাণী ইষ্টেৰৰ দ্বাৰাই নিমন্ত্ৰণ পাইছোঁ।
しかしてハマンまた言けらく后エステル酒宴を設けたりしが我のほかは何人をも王とともに之に臨ましめず明日もまた我は王とともに后に招かれをるなり
13 ১৩ তথাপিও মই ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়ক যেতিয়া দেখা পাওঁ, তেতিয়া এই সকলোতো মোৰ একো মূল্য নাই যেন মই উপলব্ধি কৰোঁ।”
然れどユダヤ人モルデカイが王の門に坐しをるを見る間は是らの事も快樂からず
14 ১৪ পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।
時にその妻ゼレシとその一切の朋友かれに言けるは請ふ高五十キユビトの木を立しめ明日の朝モルデカイをその上に懸んことを王に奏せ而して王とともに樂しみてその酒宴におもむけとハマンこの事を善としてその木を立しめたり