< এস্থার 4 >

1 মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
Nígbà tí Mordekai gbọ́ gbogbo nǹkan tí ó ṣẹlẹ̀, ó fa aṣọ rẹ̀ ya, ó wọ aṣọ ọ̀fọ̀, ó sì fi eérú kun ara, ó jáde lọ sí inú ìlú ó kígbe sókè ó sì sọkún kíkorò.
2 তেওঁ কেৱল ৰাজ দুৱাৰলৈকেহে গ’ল; কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল।
Ṣùgbọ́n ó lọ sí ẹnu-ọ̀nà ọba nìkan, nítorí kò sí ẹnìkan tí ó wọ aṣọ ọ̀fọ̀ tì a gbà láààyè láti wọ ibẹ̀.
3 প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
Ní gbogbo ìgbèríko tí àṣẹ ikú ọba dé, ọ̀fọ̀ ńlá dé bá àwọn Júù, pẹ̀lú àwẹ̀, ẹkún àti ìpohùnréré ẹkún. Ọ̀pọ̀lọpọ̀ wà nínú aṣọ ọ̀fọ̀ tí wọ́n fi eérú kúnra.
4 ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁৰ নপুংসক দাস সকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক’লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মৰ্দখয়ৰ বাবে কাপোৰ দি পঠিয়ালে (যাতে মৰ্দখয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে) কিন্তু তেওঁ সেইবোৰ গ্রহণ নকৰিলে।
Nígbà tí àwọn ìránṣẹ́bìnrin àti àwọn ìwẹ̀fà Esteri wá, wọ́n sọ nípa Mordekai fún un, ayaba sì wà nínú ìbànújẹ́ ńlá. Ó fi aṣọ ránṣẹ́ sí i kí ó wọ̀ ọ́ dípò aṣọ ọ̀fọ̀ tí ó wọ̀, ṣùgbọ́n òun kò gbà wọ́n.
5 তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
Nígbà náà ni Esteri pe Hataki, ọ̀kan nínú àwọn ìwẹ̀fà ọba tí a yàn láti máa jíṣẹ́ fún un, ó pàṣẹ fún un pé kí ó béèrè ohun tí ó ń dààmú Mordekai àti ohun tí ó ṣe é.
6 সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
Bẹ́ẹ̀ ni Hataki jáde lọ bá Mordekai ní ìta gbangba ìlú níwájú ẹnu-ọ̀nà ọba.
7 তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
Mordekai sọ ohun gbogbo tí ó ṣẹlẹ̀ fún un, papọ̀ pẹ̀lú iye owó tí Hamani ti ṣe ìpinnu láti san sínú àpò ìṣúra ọba fún ìparun àwọn Júù.
8 ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।
Ó sì tún fún un ní ọ̀kan lára ìwé tí ó gbé jáde fún ìparun wọn, èyí tí a tẹ̀ jáde ní Susa, láti fihan Esteri kí ó sì ṣe àlàyé e rẹ̀ fún un, ó sì sọ fún un pé kí ó bẹ̀ ẹ́ kí ó lọ síwájú ọba láti bẹ̀bẹ̀ fún àánú, kí ó bẹ̀bẹ̀ nítorí àwọn ènìyàn rẹ̀.
9 সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।
Hataki padà ó sì lọ ṣàlàyé fún Esteri ohun tí Mordekai sọ.
10 ১০ তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,
Nígbà náà ni Esteri pàṣẹ fún Hataki pé kí ó sọ fún Mordekai,
11 ১১ ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”
“Gbogbo àwọn ìjòyè ọba àti àwọn ènìyàn agbègbè ìjọba rẹ̀ mọ̀ wí pé: fún ẹnikẹ́ni ọkùnrin tàbí obìnrin kan tàbí tí ó bá bá ọba sọ̀rọ̀ láìjẹ́ pé a ránṣẹ́ pè é (ọba ti gbé òfin kan kalẹ̀ pé) kíkú ni yóò kú. Ohun kan tí ó le yẹ èyí ni pé, kí ọba na ọ̀pá wúrà rẹ̀ sí i kí ó sì dá ẹ̀mí rẹ sí. Ṣùgbọ́n, ọgbọ̀n ọjọ́ ti kọjá tí a ti pè mí láti lọ sí ọ̀dọ̀ ọba.”
12 ১২ সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।
Nígbà tí a sọ ọ̀rọ̀ Esteri fún Mordekai,
13 ১৩ তেতিয়া মৰ্দখয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে: “যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্রসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা, তেনে নাভাবিবা।
nígbà náà ni Mordekai sọ kí a dá Esteri lóhùn pé, “Má ṣe rò nínú ara rẹ pé nítorí pé ìwọ wà ní ilé ọba ìwọ nìkan là láàrín gbogbo àwọn Júù.
14 ১৪ যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”
Nítorí bí ìwọ bá dákẹ́ ní àkókò yìí, ìrànlọ́wọ́ àti ìtúsílẹ̀ fún àwọn Júù yóò dìde láti ibòmíràn, ṣùgbọ́n ìwọ àti àwọn ìdílé baba à rẹ yóò ṣègbé. Ta ni ó mọ̀ wí pé nítorí irú àkókò yìí ni o ṣe wà ní ipò ayaba?”
15 ১৫ তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ দি পঠালে,
Nígbà náà ni Esteri rán iṣẹ́ yìí sí Mordekai:
16 ১৬ “আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”
“Lọ, kí o kó gbogbo àwọn Júù tí ó wà ní Susa jọ, kí ẹ sì gbààwẹ̀ fún mi. Ẹ má ṣe jẹun tàbí omi fún ọjọ́ mẹ́ta, ní òru àti ní ọ̀sán. Èmi àti àwọn ìránṣẹ́bìnrin mi náà yóò gbààwẹ̀ gẹ́gẹ́ bí ẹ̀yin náà ti ṣe. Nígbà tí ẹ bá ṣe èyí, èmi yóò tọ ọba lọ, bí ó tilẹ̀ jẹ́ pé ó lòdì sí òfin. Bí mo bá sì ṣègbé, mo ṣègbé.”
17 ১৭ মৰ্দখয়ে ইষ্টেৰে তেওঁক কোৱাৰ দৰে কৰিবলৈ গ’ল।
Bẹ́ẹ̀ ni Mordekai lọ, ó sì sọ gbogbo ohun tí Esteri pàṣẹ fún un.

< এস্থার 4 >