< এস্থার 4 >
1 ১ মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
Da Mordekai fikk vite alt som hadde hendt, sønderrev han sine klær og klædde sig i sekk og aske og gikk ut i byen under høie klagerop.
2 ২ তেওঁ কেৱল ৰাজ দুৱাৰলৈকেহে গ’ল; কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল।
Og han kom like til plassen foran kongens port; for ingen som var klædd i sekk, hadde lov til å gå inn i kongens port.
3 ৩ প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
Og i hvert eneste landskap, overalt hvor kongens ord og befaling nådde frem, blev det stor sorg blandt jødene og faste og gråt og jammer, ja, mange redet sig et leie av sekk og aske.
4 ৪ ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁৰ নপুংসক দাস সকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক’লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মৰ্দখয়ৰ বাবে কাপোৰ দি পঠিয়ালে (যাতে মৰ্দখয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে) কিন্তু তেওঁ সেইবোৰ গ্রহণ নকৰিলে।
Da kom Esters unge piker og hennes hoffmenn og fortalte henne det, og dronningen blev full av angst. Hun sendte klær til Mordekai, som han skulde ta på istedenfor de sekkeklær han gikk i; men han tok ikke imot dem.
5 ৫ তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
Ester kalte da til sig Hatak, en av kongens hoffmenn, som han hadde satt til å tjene henne. og bød ham gå til Mordekai for å få vite hvad som var på ferde, og hvorfor han bar sig således at.
6 ৬ সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
Hatak gikk ut til Mordekai på byens torv foran kongens port.
7 ৭ তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
Og Mordekai fortalte ham alt det som hadde hendt ham, og opgav for ham nøiaktig hvor meget sølv Haman hadde lovt å tilveie kongens skattkammer for å få utryddet jødene.
8 ৮ ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।
Han gav ham også en avskrift av den skrevne befaling som var blitt gitt i Susan om å ødelegge dem, forat han skulde vise Ester den og melde henne alt og pålegge henne å gå inn til kongen og be og bønnfalle ham om nåde for sitt folk.
9 ৯ সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।
Hatak kom og fortalte Ester hvad Mordekai hadde sagt.
10 ১০ তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,
Da bød Ester Hatak å gå til Mordekai og si:
11 ১১ ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”
Alle kongens tjenere og folket i kongens landskaper vet at hvis nogen, mann eller kvinne, går inn til kongen i den indre gård uten å være kalt, gjelder for enhver sådan samme lov: at han skal late livet, uten så er at kongen rekker ut sin gullstav mot ham, da får han leve; men jeg er nu i tretti dager ikke blitt kalt til å gå inn til kongen.
12 ১২ সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।
Da Mordekai fikk høre hvad Ester hadde sagt,
13 ১৩ তেতিয়া মৰ্দখয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে: “যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্রসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা, তেনে নাভাবিবা।
sa han at de skulde gi Ester dette svar: Du må ikke tenke at du alene av alle jøder skal slippe unda, fordi du er i kongens hus.
14 ১৪ যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”
For om du tier stille i denne tid, så vil det nok komme utfrielse og redning for jødene fra et annet sted, men du og din fars hus skal omkomme. Og hvem vet om du ikke nettop for en tid som denne er kommet til dronningverdigheten?
15 ১৫ তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ দি পঠালে,
Da sa Ester at det skulde gis Mordekai dette svar:
16 ১৬ “আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”
Gå avsted og få samlet alle jøder som finnes i Susan, og hold faste for min skyld, så I hverken eter eller drikker noget i tre døgn, natt eller dag! Jeg og mine unge piker vil også faste på samme måte. Og så vil jeg gå inn til kongen, enda det ikke er efter loven. Skal jeg da omkomme, så får jeg omkomme.
17 ১৭ মৰ্দখয়ে ইষ্টেৰে তেওঁক কোৱাৰ দৰে কৰিবলৈ গ’ল।
Mordekai gikk bort og gjorde alt det som Ester hadde pålagt ham.