< এস্থার 3 >

1 এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে।
After these events King Ahasuerus promoted Haman the son of Hammedatha the Agagite, and advanced him to a place above all the officials who were with him.
2 ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল।
All the king’s courtiers who were in the king’s gate used to bow down before Haman, for so the king had commanded, but Mordecai did not bow down nor prostrate himself.
3 তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাস সকলে মৰ্দখয়ক ক’লে, “আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই?”
Then the king’s courtiers, who were in the king’s gate, said to Mordecai, “Why do you disobey the king’s command?”
4 এইদৰে প্রতিদিনে তেওঁক কোৱাৰ পাছতো তেওঁ তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ’ল। তাতে তেওঁলোকে মৰ্দখয়ৰ কথা একেদৰে থাকিব নে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে। কাৰণ মৰ্দখয় যে এজন যিহুদী লোক, সেই বিষয়ে তেওঁ তেওঁলোকক কৈছিল।
When they had spoken to him day after day without his listening to them, they informed Haman, to see whether Mordecai’s acts would be tolerated, for he had told them that he was a Jew.
5 হামনে যেতিয়া দেখিলে যে, মৰ্দখয়ে তেওঁৰ আগত আঠু লোৱা নাই আৰু প্ৰণিপাতো কৰা নাই, তেতিয়া তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ হ’ল।
When Haman saw that Mordecai did not bow down nor prostrate himself before him, he was furious.
6 তেওঁ কেৱল মৰ্দখয়ক বধ কৰা কথাত অপমান বোধ কৰিলে। কাৰণ ৰজাৰ দাস সকলে মৰ্দখয় কোন লোক সকলৰ পৰা আহিছিল সেই কথা তেওঁক কৈছিল। সেয়ে হামনে ৰজা অহচবেৰোচৰ সমগ্র ৰাজ্যত থকা মৰ্দখয়ৰ যিহুদী লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিলে।
But it seemed to him beneath his dignity to lay hands on Mordecai alone, for they had told him who Mordecai’s people were. Instead Haman sought to destroy all the people of Mordecai, all the Jews throughout the kingdom of Ahasuerus.
7 প্রথম মাহত (নীচান মাহত) ৰজা অহচবেৰোচ ৰাজত্বৰ দ্বাদশ বছৰত, হামনৰ আগত দ্বাদশ মাহলৈকে (অদৰ মাহত) ক্ৰম অনুসাৰে প্ৰতিদিনৰ আৰু প্ৰত্যেক মাহৰ বাবে পুৰ অৰ্থাৎ চিঠি খেলোৱা হ’ল।
In the first month (the month of Nisan) in the twelfth year of the reign of King Ahasuerus, Haman had ‘pur’ (which means ‘lot’) cast before him to determine the best day and best month for his actions. The lot fell on the thirteenth day of the twelfth month – the month of Adar.
8 তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
So Haman said to King Ahasuerus, “There is a certain people scattered among the peoples in all the provinces of your kingdom, whose laws differ from those of every other and who do not keep the king’s laws. Therefore it is not right for the king to tolerate them.
9 যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহলে তেওঁলোকক বধ কৰিবলৈ আদেশ দিয়া হওক; তাতে মই ৰাজ- ভঁৰালত ৰাখিবৰ অৰ্থে ৰজাৰ ব্যৱসায়ৰ তত্ত্বাৱধানত থকা ৰাজ-কৰ্মচাৰী সকলৰ হাতত দহ-হাজাৰ কিক্কৰ ৰূপ দিম।”
If it seems best to the king, let an order be given to destroy them, and I will pay ten thousand silver coins into the royal treasury.”
10 ১০ তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সোলাকাই যিহুদী সকলৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে।
So the king took off his signet ring from his hand and gave it to Haman son of Hammedatha the Agagite, the enemy of the Jews.
11 ১১ ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”
“The money is yours,” the king said to Haman, “and the people also to do with them as you wish.”
12 ১২ তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।
And so, on the thirteenth day of the first month, the king’s secretaries were summoned and as Haman instructed an edict was issued to the king’s satraps and provincial governors and the rulers of each of the peoples in their own script and their own language. The edict was written in the name of King Ahasuerus and sealed with his ring.
13 ১৩ একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল।
Dispatches were sent by couriers to all the king’s provinces, saying: Destroy, kill, put an end to all the Jews, young and old, little children and women, on the thirteenth day of the twelfth month, and plunder their possessions.
14 ১৪ সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয়, সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্রচাৰ কৰিবলৈ, সেই পত্রৰ নকল যুগুত কৰা হ’ল।
A copy of the edict was to be published as a decree in every province – publicly displayed so that everyone might be ready for that day.
15 ১৫ ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।
By command of the king the couriers raced off, and the edict was published in Susa itself. Then the king and Haman sat down to drink, but the city of Susa was in turmoil.

< এস্থার 3 >