< এস্থার 2 >
1 ১ এই সকলো ঘটনাৰ পাছত, ৰজা অহচবেৰোচৰ ক্ৰোধ শান্ত হ’ল, তাৰ পাছত তেওঁ ৰাণী ৱষ্টী, আৰু তেওঁ কৰা কাৰ্যৰ বষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে।
После тога, кад се утиша гнев цара Асвира, он се опомену Астине и шта је учинила и шта је наређено за њу.
2 ২ তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱক জনে তেওঁক ক’লে, “মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক।
И рекоше момци цареви, слуге његове: Да потраже цару младих девојака лепих;
3 ৩ মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
И нека одреди цар приставе по свим земљама царства свог да скупе све девојке младе и лепе у Сусан град царски у женски двор под руку Игаја дворанина царевог, чувара женског, и нека им се дају потребе за лепоту.
4 ৪ যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।
Па која девојка буде по вољи цару, нека буде царица на Астинино место. И то би по вољи цару, и учини тако.
5 ৫ সেই সময়ত মৰ্দখয় নামেৰে চুচন ৰাজপ্রসাদত এজন যিহুদী লোক আছিল। তেওঁৰ পিতৃ যায়ীৰ, যায়ীৰৰ পিতৃ চিমিয়ী, আৰু চিমিয়ীৰ পিতৃ কীচ আছিল। কীচ এজন বিন্যামীনীয়া লোক আছিল।
Беше у Сусану, царском граду Јудејац по имену Мардохеј, син Јаира сина Симеја сина Кисовог, од племена Венијаминовог,
6 ৬ বাবিলৰ ৰজা নবূখদনেচৰে বন্দী কৰি নিয়া যিহূদাৰ ৰজা যকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত যিৰূচালেমৰ পৰা মৰ্দখয়কো বন্দী কৰি লৈ গৈছিল।
Који би одведен у ропство из Јерусалима с робљем које би одведено у ропство с Јехонијом царем Јудиним, ког зароби Навуходоносор, цар вавилонски.
7 ৭ মৰ্দখয়ে নিজৰ দদায়েকৰ জীয়েক হদচ্ছাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল; কাৰণ তেওঁৰ পিতৃ-মাতৃ নাছিল। সেই যুৱতীৰ দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মৰ্দখয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল।
Он одгајаше Адасу, а то је Јестира, кћи стрица његовог, јер не имаше оца ни матере; а девојка беше лепог стаса и красног лица, и по смрти оца јој и матере узе је Мардохеј за кћер.
8 ৮ ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত, চুচন ৰাজপ্ৰাসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগয়ৰ তত্ত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰাসাদলৈ আনি, মহিলাক তত্বৱাধান লোৱা হেগয়ৰ অধীনত ৰাখিছিল।
И кад се разгласи реч царева и заповест, и много се девојака скупи у Сусан град царски под руку Игајеву, би и Јестира доведена у двор царев, под руку Игаја чувара женског.
9 ৯ ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
И девојка му омиле и нађе милост у њега, те јој одмах даде потребе за лепоту и део њен, и седам присталих девојака из царског дома, и намести је с њеним девојкама на најлепше место у женском дому.
10 ১০ ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয় সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মৰ্দখয়ে তেওঁক সেই কথা ক’বলৈ নিষেধ কৰিছিল।
Јестира не каза народ свој ни род свој, јер јој Мардохеј беше забранио да не казује.
11 ১১ ইষ্টেৰ কেনে দৰে আছে, আৰু তেওঁলৈ কি কৰা হ’ব, সেই কথা জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল।
А Мардохеј ходаше сваки дан испред трема од женског дома да би дознао како је Јестира и шта ће бити од ње.
12 ১২ ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
А кад би дошао ред на коју девојку да уђе к цару Асвиру, пошто би јој се чинило по женском закону дванаест месеца (јер толико времена требаше да се улепшавају, шест месеца уљем од смирне, а шест месеца мирисима и другим стварима за лепоту женску),
13 ১৩ এগৰাকী যুৱতীক যেতিয়া ৰাজপ্রসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে, সেয়াই সকলো মহিলা গৃহৰ পৰা তেওঁক দিয়া হয়।
Тада би девојка ишла к цару, и шта би год рекла дало би јој се да с тим иде из женске куће у дом царев.
14 ১৪ তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।
Увече би ушла, а ујутру би се вратила у другу кућу женску под руку Сазгаза дворанина царевог, чувара иночког; више не би ишла к цару, већ ако би је хтео цар, те би била позвана по имену.
15 ১৫ ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ (অবীহয়িলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মৰ্দখয়ে তেওঁক নিজৰ ছোৱালী দৰে প্রতিপালন কৰিছিল) সময় হ’ল, তেতিয়া তেওঁ মহিলা সকলৰ তদাৰক ৰাজ-নপুংসক হেগয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে।
И тако, кад дође ред на Јестиру, кћер Авихаила стрица Мардохејевог, коју беше узео за кћер, да уђе к цару, она не заиска ништа него шта рече Игај дворанин царев, чувар женски; и Јестира налажаше милост у сваког ко је виђаше.
16 ১৬ ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
Тако би Јестира одведена к цару Асвиру у царски двор његов десетог месеца, које је месец Тевет, седме године царовања његовог.
17 ১৭ ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজমুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
И цару омиле Јестира мимо све друге жене, и придоби милост и љубав његову мимо све девојке, те јој метну царски венац на главу и учини је царицом на место Астинино.
18 ১৮ তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।
И учини цар велику гозбу свим кнезовима својим и слугама својим ради Јестире, и поклони земљама олакшице, и раздаде дарове како цар може.
19 ১৯ দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
А кад се другом скупљаху девојке, Мардохеј сеђаше на вратима царевим.
20 ২০ মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।
А Јестира не каза свој род ни народ, као што јој беше заповедио Мардохеј, и Јестира чињаше шта јој Мардохеј говораше, као кад се одгајаше код њега.
21 ২১ মৰ্দখয় ৰাজ-দুৱাৰত বহি থকা দিন বোৰত ৰজাৰ কৰ্মচাৰী বিগথন আৰু তেৰচ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহচবেৰোচৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে।
У те дане, кад Мардохеј сеђаше на вратима царевим, расрдише се Вихтан и Тарес, два дворанина царева између оних који стражаху на прагу, и гледаху да дигну руке на цара Асвира.
22 ২২ সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।
А то дозна Мардохеј и јави царици Јестири, а Јестира каза цару у име Мардохејево.
23 ২৩ সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁচিকাঠত ফাঁচি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।
И кад се ствар извиде и нађе, бише обешена она обојица на дрво, и то се записа у књигу дневника пред царем.