< এস্থার 2 >

1 এই সকলো ঘটনাৰ পাছত, ৰজা অহচবেৰোচৰ ক্ৰোধ শান্ত হ’ল, তাৰ পাছত তেওঁ ৰাণী ৱষ্টী, আৰু তেওঁ কৰা কাৰ্যৰ বষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে।
După aceste lucruri, când furia împăratului Ahaşveroş s-a potolit, el şi-a amintit de Vaşti şi ceea ce ea a făcut şi ce s-a hotărât împotriva ei.
2 তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱক জনে তেওঁক ক’লে, “মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক।
Atunci servitorii împăratului care îl serveau i-au spus: Să se caute fecioare tinere şi plăcute pentru împărat.
3 মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
Şi împăratul să rânduiască ofiţeri în toate provinciile împărăţiei sale, pentru ca ei să adune toate fecioarele tinere şi plăcute la palatul Susa, în casa femeilor, sub îngrijirea lui Hegai, famenul împăratului, păzitorul femeilor; şi să le fie date lucrurile lor pentru curăţire.
4 যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।
Şi tânăra care va plăcea împăratului să fie împărăteasă în locul lui Vaşti. Şi aceasta a plăcut împăratului; şi a făcut astfel.
5 সেই সময়ত মৰ্দখয় নামেৰে চুচন ৰাজপ্রসাদত এজন যিহুদী লোক আছিল। তেওঁৰ পিতৃ যায়ীৰ, যায়ীৰৰ পিতৃ চিমিয়ী, আৰু চিমিয়ীৰ পিতৃ কীচ আছিল। কীচ এজন বিন্যামীনীয়া লোক আছিল।
Şi era în palatul Susa un anumit iudeu, al cărui nume era Mardoheu, fiul lui Iair, fiul lui Şimei, fiul lui Chiş, un beniamit;
6 বাবিলৰ ৰজা নবূখদনেচৰে বন্দী কৰি নিয়া যিহূদাৰ ৰজা যকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত যিৰূচালেমৰ পৰা মৰ্দখয়কো বন্দী কৰি লৈ গৈছিল।
Care a fost adus din Ierusalim odată cu captivitatea care a fost adusă cu Ieconia împăratul lui Iuda, pe care i-a adus Nebucadneţar împăratul Babilonului.
7 মৰ্দখয়ে নিজৰ দদায়েকৰ জীয়েক হদচ্ছাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল; কাৰণ তেওঁৰ পিতৃ-মাতৃ নাছিল। সেই যুৱতীৰ দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মৰ্দখয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল।
Şi el a crescut-o pe Hadasa, care este Estera, fiica unchiului său; fiindcă ea nu avea nici tată nici mamă, şi tânăra era plăcută şi frumoasă; pe ea Mardoheu a luat-o să fie fiica lui după ce tatăl şi mama ei au murit.
8 ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত, চুচন ৰাজপ্ৰাসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগয়ৰ তত্ত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰাসাদলৈ আনি, মহিলাক তত্বৱাধান লোৱা হেগয়ৰ অধীনত ৰাখিছিল।
Şi s-a întâmplat, când s-a auzit porunca şi hotărârea împăratului, şi când multe tinere au fost adunate la palatul Susa, sub îngrijirea lui Hegai, că şi Estera a fost adusă în casa împăratului, sub îngrijirea lui Hegai, păzitorul femeilor.
9 ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
Şi tânăra i-a plăcut şi a obţinut bunătate din partea lui; iar el în grabă i-a dat lucrurile pentru curăţire, împreună cu lucrurile ei şi şapte tinere, care se cuvenea să îi fie date din casa împăratului; şi el a mutat-o pe ea şi pe tinerele ei în cel mai bun loc în casa femeilor.
10 ১০ ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয় সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মৰ্দখয়ে তেওঁক সেই কথা ক’বলৈ নিষেধ কৰিছিল।
Estera nu şi-a arătat nici poporul nici rudenia; fiindcă Mardoheu i-a poruncit să nu şi-o arate.
11 ১১ ইষ্টেৰ কেনে দৰে আছে, আৰু তেওঁলৈ কি কৰা হ’ব, সেই কথা জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল।
Şi Mardoheu se plimba zilnic pe dinaintea curţii casei femeilor, să afle starea Esterei şi ce se face cu ea.
12 ১২ ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
Şi când venea rândul fiecărei tinere să intre la împăratul Ahaşveroş, după ce a stat douăsprezece luni, conform obiceiului femeilor, (fiindcă astfel se împlineau zilele purificării lor, adică, şase luni cu untdelemn de smirnă, şi şase luni cu arome dulci şi cu alte lucruri pentru purificarea femeilor).
13 ১৩ এগৰাকী যুৱতীক যেতিয়া ৰাজপ্রসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে, সেয়াই সকলো মহিলা গৃহৰ পৰা তেওঁক দিয়া হয়।
Şi astfel venea fiecare tânără la împărat; tot ceea ce îşi dorea i se dădea să ia cu ea din casa femeilor în casa împăratului.
14 ১৪ তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।
Mergea seara şi se întorcea dimineaţa în a doua casă a femeilor, sub îngrijirea lui Şaaşgaz, famenul împăratului, care păzea concubinele; ea nu mai intra la împărat decât dacă împăratului i-a plăcut de ea şi era chemată pe nume.
15 ১৫ ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ (অবীহয়িলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মৰ্দখয়ে তেওঁক নিজৰ ছোৱালী দৰে প্রতিপালন কৰিছিল) সময় হ’ল, তেতিয়া তেওঁ মহিলা সকলৰ তদাৰক ৰাজ-নপুংসক হেগয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে।
Şi când a venit rândul Esterei, fiica lui Abihail, unchiul lui Mardoheu care o luase la el ca fiica lui, să intre la împărat, nu a cerut nimic decât ceea ce Hegai, famenul împăratului, păzitorul femeilor, a rânduit. Şi Estera a obţinut favoare înaintea vederii tuturor celor ce o priveau.
16 ১৬ ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
Astfel Estera a fost luată la împăratul Ahaşveroş în casa lui împărătească în luna a zecea, care este luna Tebet, în al şaptelea an al domniei lui.
17 ১৭ ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজমুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
Şi împăratul a iubit-o pe Estera mai mult decât pe toate femeile, iar ea a obţinut har şi favoare înaintea vederii lui mai mult decât toate fecioarele; astfel că el i-a pus coroana împărătească pe cap şi a făcut-o împărăteasă în locul lui Vaşti.
18 ১৮ তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।
Apoi împăratul a făcut un ospăţ mare tuturor prinţilor lui şi servitorilor lui, adică ospăţul Esterei; şi a dat o scutire provinciilor şi a dat daruri conform cu starea împăratului.
19 ১৯ দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
Şi când fecioarele au fost adunate a doua oară, atunci Mardoheu a stat la poarta împăratului.
20 ২০ মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।
Estera nu şi-a fost arătat încă nici rudenia nici poporul, precum îi poruncise Mardoheu, pentru că Estera a împlinit porunca lui Mardoheu, ca şi atunci când ea creştea lângă el.
21 ২১ মৰ্দখয় ৰাজ-দুৱাৰত বহি থকা দিন বোৰত ৰজাৰ কৰ্মচাৰী বিগথন আৰু তেৰচ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহচবেৰোচৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে।
În acele zile, când Mardoheu stătea în poarta împăratului, doi dintre famenii împăratului, Bigtan şi Tereş, dintre aceia care păzeau uşa, s-au înfuriat şi au căutat să pună mâna pe împăratul Ahaşveroş.
22 ২২ সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।
Şi acest lucru a fost cunoscut de Mardoheu, care l-a spus împărătesei Estera; iar Estera a adus aceasta la cunoştinţa împăratului în numele lui Mardoheu.
23 ২৩ সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁচিকাঠত ফাঁচি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।
Şi după ce s-a făcut cercetarea acestui lucru, s-a aflat ca adevărat; astfel amândoi au fost spânzuraţi de un copac; iar aceasta a fost scrisă în cartea cronicilor înaintea împăratului.

< এস্থার 2 >