< ইফিচীয়া 1 >
1 ১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|
2 ২ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
asmākaṁ tātasyeśvarasya prabho ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 ৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 ৪ জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca
5 ৫ ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 ৬ ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,
7 ৭ কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 ৮ সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|
9 ৯ খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।
svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā
10 ১০ ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব।
tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 ১১ ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,
12 ১২ আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।
tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|
13 ১৩ আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|
14 ১৪ ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।
yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|
15 ১৫ এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi
16 ১৬ তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই।
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamaye ca yuṣmān smaran varamimaṁ yācāmi|
17 ১৭ মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|
18 ১৮ ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 ১৯ লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
tadīyamahāparākramasya mahatvaṁ kīdṛg anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 ২০ সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,
21 ২১ সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। (aiōn )
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn )
22 ২২ ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā
23 ২৩ সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।
sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|