< ইফিচীয়া 6 >
1 ১ হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত।
Watoto watiini wazazi wenu katika Bwana, kwa maana hii ni haki.
2 ২ “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
“Mheshimu baba yako na mama yako” (Maana hii ndiyo amri ya kwanza yenye ahadi),
3 ৩ তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।”
“ili iwe heri kwenu na muweze kuishi maisha marefu juu ya nchi.”
4 ৪ হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
Na ninyi akina baba, msiwakwaze watoto na kuwasababishia hasira, badala yake, waleeni katika maonyo na maagizo ya Bwana.
5 ৫ দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
Enyi watumwa, iweni watiifu kwa mabwana zenu wa hapa duniani kwa heshima kubwa na kutetemeka kwa hofu itokayo mioyoni mwenu. muwe watiifu kwao kama vile mnavyomtii Kristo.
6 ৬ কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।
Utii wenu usiwe tu pale mabwana zenu wanapowatazama ili kuwafurahisha. Badala yake, iweni watiifu kama watumwa wa Kristo. Fanyeni Mapenzi ya Mungu kutoka mioyoni mwenu,
7 ৭ তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা।
watumikieni kwa mioyo yenu yote, kwa kuwa mnamtumikia Bwana na wala si wanadamu,
8 ৮ মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
mnapaswa kujua kwamba katika kila tendo jema mtu analofanya, atapokea zawadi kutoka kwa Bwana, ikiwa ni mtumwa au mtu huru.
9 ৯ আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।
Na ninyi mabwana fanyeni vivyo hivyo kwa watumwa wenu. Msiwatishe mkijua kwamba yeye aliye Bwana wa wote ni yule aliye mbinguni. Mkijua kuwa hakuna upendeleo ndani yake.
10 ১০ অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
Hatimaye, iweni na nguvu katika Bwana na katika uwezo wa nguvu zake.
11 ১১ ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
Vaeni silaha zote za Mungu, ili kwamba mpate kusimama kinyume na hila za shetani.
12 ১২ কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। (aiōn )
kwa kuwa vita yetu si ya damu na nyama, bali ni dhidi ya falme na mamlaka ya roho na watawala wa ulimwengu wa uovu na giza, dhidi ya pepo katika sehemu za mbingu. (aiōn )
13 ১৩ এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
Kwa hiyo, vaeni silaha zote za Mungu, ili mpate kusimama imara dhidi ya uovu katika kipindi hiki kiovu. Baada ya kumaliza kila kitu, mtasimama imara.
14 ১৪ এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
Hatimaye simameni imara. Fanyeni hivi baada ya kuwa mmefunga mkanda katika kweli na haki kifuani.
15 ১৫ শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক।
Fanyini hivi mkiwa mmevaa utayari miguuni mwenu wa kutangaza injili ya amani.
16 ১৬ যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
Katika kila hali mkichukua ngao ya imani, ambayo itakuwezesha kuizima mishale ya yule mwovu.
17 ১৭ পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
Vaeni kofia ya wokovu na upanga wa Roho, ambayo ni neno la Mungu.
18 ১৮ সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
pamoja na maombi na dua. Ombeni kwa Roho kila wakati. Kwa mtazamo huu iweni waangalifu kila wakati kwa uvumilivu wote na maombi kwa ajili ya waamini wote.
19 ১৯ মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
Ombeni kwa ajili yangu, ili nipewe ujumbe ninapofungua mdomo wangu. Ombeni kwamba nieleweshe kwa ujasiri kweli iliyofichika ihusuyo injili.
20 ২০ কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
Ni kwa ajili ya injili mimi ni balozi niliyefungwa minyororo, ili kwamba ndani mwao niseme kwa ujasiri kama ninavyowiwa kusema.
21 ২১ মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷
Lakini ninyi pia mjue mambo yangu na jinsi ninavyoendelea, Tikiko ndugu yangu kipenzi na mtumishi mwaminifu katika Bwana, atawajulisha kila kitu.
22 ২২ আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।
Nimemtuma kwenu kwa kusudi hili maalumu, ili kwamba mjue mambo kuhusu sisi, aweze kuwafariji mioyo yenu.
23 ২৩ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক।
Amani na iwe kwa ndugu, na upendo pamoja na imani kutoka kwa Mungu baba na Bwana Yesu Kristo.
24 ২৪ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
Neema na iwe pamoja na wote wanampenda Bwana Yesu Kristo kwa pendo lile lisilo kufa.