< ইফিচীয়া 6 >
1 ১ হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত।
১হে বালকাঃ, যূযং প্ৰভুম্ উদ্দিশ্য পিত্ৰোৰাজ্ঞাগ্ৰাহিণো ভৱত যতস্তৎ ন্যায্যং|
2 ২ “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
২ৎৱং নিজপিতৰং মাতৰঞ্চ সম্মন্যস্ৱেতি যো ৱিধিঃ স প্ৰতিজ্ঞাযুক্তঃ প্ৰথমো ৱিধিঃ
3 ৩ তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।”
৩ফলতস্তস্মাৎ তৱ কল্যাণং দেশে চ দীৰ্ঘকালম্ আযু ৰ্ভৱিষ্যতীতি|
4 ৪ হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
৪অপৰং হে পিতৰঃ, যূযং স্ৱবালকান্ মা ৰোষযত কিন্তু প্ৰভো ৰ্ৱিনীত্যাদেশাভ্যাং তান্ ৱিনযত|
5 ৫ দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
৫হে দাসাঃ, যূযং খ্ৰীষ্টম্ উদ্দিশ্য সভযাঃ কম্পান্ৱিতাশ্চ ভূৎৱা সৰলান্তঃকৰণৈৰৈহিকপ্ৰভূনাম্ আজ্ঞাগ্ৰাহিণো ভৱত|
6 ৬ কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।
৬দৃষ্টিগোচৰীযপৰিচৰ্য্যযা মানুষেভ্যো ৰোচিতুং মা যতধ্ৱং কিন্তু খ্ৰীষ্টস্য দাসা ইৱ নিৱিষ্টমনোভিৰীশ্চৰস্যেচ্ছাং সাধযত|
7 ৭ তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা।
৭মানৱান্ অনুদ্দিশ্য প্ৰভুমেৱোদ্দিশ্য সদ্ভাৱেন দাস্যকৰ্ম্ম কুৰুধ্ৱং|
8 ৮ মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
৮দাসমুক্তযো ৰ্যেন যৎ সৎকৰ্ম্ম ক্ৰিযতে তেন তস্য ফলং প্ৰভুতো লপ্স্যত ইতি জানীত চ|
9 ৯ আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।
৯অপৰং হে প্ৰভৱঃ, যুষ্মাভি ৰ্ভৰ্ত্সনং ৱিহায তান্ প্ৰতি ন্যায্যাচৰণং ক্ৰিযতাং যশ্চ কস্যাপি পক্ষপাতং ন কৰোতি যুষ্মাকমপি তাদৃশ একঃ প্ৰভুঃ স্ৱৰ্গে ৱিদ্যত ইতি জ্ঞাযতাং|
10 ১০ অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
১০অধিকন্তু হে ভ্ৰাতৰঃ, যূযং প্ৰভুনা তস্য ৱিক্ৰমযুক্তশক্ত্যা চ বলৱন্তো ভৱত|
11 ১১ ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
১১যূযং যৎ শযতানশ্ছলানি নিৱাৰযিতুং শক্নুথ তদৰ্থম্ ঈশ্ৱৰীযসুসজ্জাং পৰিধদ্ধ্ৱং|
12 ১২ কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। (aiōn )
১২যতঃ কেৱলং ৰক্তমাংসাভ্যাম্ ইতি নহি কিন্তু কৰ্তৃৎৱপৰাক্ৰমযুক্তৈস্তিমিৰৰাজ্যস্যেহলোকস্যাধিপতিভিঃ স্ৱৰ্গোদ্ভৱৈ ৰ্দুষ্টাত্মভিৰেৱ সাৰ্দ্ধম্ অস্মাভি ৰ্যুদ্ধং ক্ৰিযতে| (aiōn )
13 ১৩ এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
১৩অতো হেতো ৰ্যূযং যযা সংকুলে দিনেঽৱস্থাতুং সৰ্ৱ্ৱাণি পৰাজিত্য দৃঢাঃ স্থাতুঞ্চ শক্ষ্যথ তাম্ ঈশ্ৱৰীযসুসজ্জাং গৃহ্লীত|
14 ১৪ এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
১৪ৱস্তুতস্তু সত্যৎৱেন শৃঙ্খলেন কটিং বদ্ধ্ৱা পুণ্যেন ৱৰ্ম্মণা ৱক্ষ আচ্ছাদ্য
15 ১৫ শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক।
১৫শান্তেঃ সুৱাৰ্ত্তযা জাতম্ উৎসাহং পাদুকাযুগলং পদে সমৰ্প্য তিষ্ঠত|
16 ১৬ যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
১৬যেন চ দুষ্টাত্মনোঽগ্নিবাণান্ সৰ্ৱ্ৱান্ নিৰ্ৱ্ৱাপযিতুং শক্ষ্যথ তাদৃশং সৰ্ৱ্ৱাচ্ছাদকং ফলকং ৱিশ্ৱাসং ধাৰযত|
17 ১৭ পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
১৭শিৰস্ত্ৰং পৰিত্ৰাণম্ আত্মনঃ খঙ্গঞ্চেশ্ৱৰস্য ৱাক্যং ধাৰযত|
18 ১৮ সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
১৮সৰ্ৱ্ৱসমযে সৰ্ৱ্ৱযাচনেন সৰ্ৱ্ৱপ্ৰাৰ্থনেন চাত্মনা প্ৰাৰ্থনাং কুৰুধ্ৱং তদৰ্থং দৃঢাকাঙ্ক্ষযা জাগ্ৰতঃ সৰ্ৱ্ৱেষাং পৱিত্ৰলোকানাং কৃতে সদা প্ৰাৰ্থনাং কুৰুধ্ৱং|
19 ১৯ মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
১৯অহঞ্চ যস্য সুসংৱাদস্য শৃঙ্খলবদ্ধঃ প্ৰচাৰকদূতোঽস্মি তম্ উপযুক্তেনোৎসাহেন প্ৰচাৰযিতুং যথা শক্নুযাং
20 ২০ কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
২০তথা নিৰ্ভযেন স্ৱৰেণোৎসাহেন চ সুসংৱাদস্য নিগূঢৱাক্যপ্ৰচাৰায ৱক্তৃতা যৎ মহ্যং দীযতে তদৰ্থং মমাপি কৃতে প্ৰাৰ্থনাং কুৰুধ্ৱং|
21 ২১ মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷
২১অপৰং মম যাৱস্থাস্তি যচ্চ মযা ক্ৰিযতে তৎ সৰ্ৱ্ৱং যদ্ যুষ্মাভি ৰ্জ্ঞাযতে তদৰ্থং প্ৰভুনা প্ৰিযভ্ৰাতা ৱিশ্ৱাস্যঃ পৰিচাৰকশ্চ তুখিকো যুষ্মান্ তৎ জ্ঞাপযিষ্যতি|
22 ২২ আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।
২২যূযং যদ্ অস্মাকম্ অৱস্থাং জানীথ যুষ্মাকং মনাংসি চ যৎ সান্ত্ৱনাং লভন্তে তদৰ্থমেৱাহং যুষ্মাকং সন্নিধিং তং প্ৰেষিতৱান|
23 ২৩ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক।
২৩অপৰম্ ঈশ্ৱৰঃ প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ সৰ্ৱ্ৱেভ্যো ভ্ৰাতৃভ্যঃ শান্তিং ৱিশ্ৱাসসহিতং প্ৰেম চ দেযাৎ|
24 ২৪ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।
২৪যে কেচিৎ প্ৰভৌ যীশুখ্ৰীষ্টেঽক্ষযং প্ৰেম কুৰ্ৱ্ৱন্তি তান্ প্ৰতি প্ৰসাদো ভূযাৎ| তথাস্তু|