< ইফিচীয়া 5 >
1 ১ এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।
Devenez donc les imitateurs de Dieu, comme des enfants bien-aimés;
2 ২ খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
et marchez dans la charité, à l’exemple de Christ, qui nous a aimés, et qui s’est livré lui-même à Dieu pour nous comme une offrande et un sacrifice de bonne odeur.
3 ৩ আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
Que l’impudicité, qu’aucune espèce d’impureté, et que la cupidité, ne soient pas même nommées parmi vous, ainsi qu’il convient à des saints.
4 ৪ আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক।
Qu’on n’entende ni paroles déshonnêtes, ni propos insensés, ni plaisanteries, choses qui sont contraires à la bienséance; qu’on entende plutôt des actions de grâces.
5 ৫ আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
Car, sachez-le bien, aucun impudique, ou impur, ou cupide, c’est-à-dire, idolâtre, n’a d’héritage dans le royaume de Christ et de Dieu.
6 ৬ অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
Que personne ne vous séduise par de vains discours; car c’est à cause de ces choses que la colère de Dieu vient sur les fils de la rébellion.
7 ৭ গতিকে, আপোনালোক তেওঁলোকৰ সহভাগী নহব।
N’ayez donc aucune part avec eux.
8 ৮ কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।
Autrefois vous étiez ténèbres, et maintenant vous êtes lumière dans le Seigneur. Marchez comme des enfants de lumière!
9 ৯ কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।
Car le fruit de la lumière consiste en toute sorte de bonté, de justice et de vérité.
10 ১০ ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব।
Examinez ce qui est agréable au Seigneur;
11 ১১ আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
et ne prenez point part aux œuvres infructueuses des ténèbres, mais plutôt condamnez-les.
12 ১২ কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।
Car il est honteux de dire ce qu’ils font en secret;
13 ১৩ পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়
mais tout ce qui est condamné est manifesté par la lumière, car tout ce qui est manifesté est lumière.
14 ১৪ কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”
C’est pour cela qu’il est dit: Réveille-toi, toi qui dors, Relève-toi d’entre les morts, Et Christ t’éclairera.
15 ১৫ এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
Prenez donc garde de vous conduire avec circonspection, non comme des insensés, mais comme des sages;
16 ১৬ সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।
rachetez le temps, car les jours sont mauvais.
17 ১৭ এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।
C’est pourquoi ne soyez pas inconsidérés, mais comprenez quelle est la volonté du Seigneur.
18 ১৮ দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;
Ne vous enivrez pas de vin: c’est de la débauche. Soyez, au contraire, remplis de l’Esprit;
19 ১৯ ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।
entretenez-vous par des psaumes, par des hymnes, et par des cantiques spirituels, chantant et célébrant de tout votre cœur les louanges du Seigneur;
20 ২০ সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
rendez continuellement grâces pour toutes choses à Dieu le Père, au nom de notre Seigneur Jésus-Christ,
21 ২১ খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।
vous soumettant les uns aux autres dans la crainte de Christ.
22 ২২ হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক;
Femmes, soyez soumises à vos maris, comme au Seigneur;
23 ২৩ কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।
car le mari est le chef de la femme, comme Christ est le chef de l’Église, qui est son corps, et dont il est le Sauveur.
24 ২৪ মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক।
Or, de même que l’Église est soumise à Christ, les femmes aussi doivent l’être à leurs maris en toutes choses.
25 ২৫ হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
Maris, aimez vos femmes, comme Christ a aimé l’Église, et s’est livré lui-même pour elle,
26 ২৬ মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
afin de la sanctifier par la parole, après l’avoir purifiée par le baptême d’eau,
27 ২৭ তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।
afin de faire paraître devant lui cette Église glorieuse, sans tache, ni ride, ni rien de semblable, mais sainte et irrépréhensible.
28 ২৮ সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।
C’est ainsi que les maris doivent aimer leurs femmes comme leurs propres corps. Celui qui aime sa femme s’aime lui-même.
29 ২৯ কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়।
Car jamais personne n’a haï sa propre chair; mais il la nourrit et en prend soin, comme Christ le fait pour l’Église,
30 ৩০ কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ।
parce que nous sommes membres de son corps.
31 ৩১ ‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হব আৰু তাতে দুয়ো এক দেহ হব।’
C’est pourquoi l’homme quittera son père et sa mère, et s’attachera à sa femme, et les deux deviendront une seule chair.
32 ৩২ ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ।
Ce mystère est grand; je dis cela par rapport à Christ et à l’Église.
33 ৩৩ যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
Du reste, que chacun de vous aime sa femme comme lui-même, et que la femme respecte son mari.