< ইফিচীয়া 4 >
1 ১ এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।
ⲁ̅ϮϮϨⲞ ⲞⲨⲚ ⲈⲢⲰⲦⲈⲚ ⲀⲚⲞⲔ ⲠⲈⲦⲤⲞⲚϨ ϦⲈⲚⲠϬⲞⲒⲤ ⲈⲘⲞϢⲒ ⲔⲀⲦⲀ ⲠⲈⲘⲠϢⲀ ⲚⲦⲈⲠⲒⲐⲰϨⲈⲘ ⲪⲎ ⲈⲦⲀⲨⲐⲀϨⲈⲘ ⲐⲎⲚⲞⲨ ⲈⲢⲞϤ
2 ২ আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
ⲃ̅ϦⲈⲚ ⲐⲈⲂⲒⲞ ⲚϨⲎⲦ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲞⲨⲘⲈⲦⲢⲈⲘⲢⲀⲨϢ ⲚⲈⲘ ⲞⲨⲘⲈⲦⲢⲈϤⲰⲞⲨ ⲚϨⲎⲦ ⲈⲢⲈⲦⲈⲚⲈⲢⲀⲚⲈⲬ ⲈⲤⲐⲈ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ϦⲈⲚⲞⲨⲀⲄⲀⲠⲎ.
3 ৩ শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
ⲅ̅ⲈⲢⲈⲦⲈⲚⲒⲎⲤⲞⲨⲤ ⲈⲀⲢⲈϨ ⲈϮⲘⲈⲦⲞⲨⲀⲒ ⲚⲦⲈⲠⲒⲠⲚⲈⲨⲘⲀⲚⲈⲘ ⲠⲒⲘⲞⲨⲢ ⲈⲦϪⲎⲔ ⲈⲂⲞⲖ ⲚⲦⲈϮϨⲒⲢⲎⲚⲎ
4 ৪ শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল৷
ⲇ̅ⲞⲨⲤⲰⲘⲀ ⲚⲞⲨⲰⲦ ⲚⲈⲘ ⲞⲨⲠⲚⲈⲨⲘⲀⲚⲞⲨⲰⲦ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀⲨⲐⲀϨⲈⲘ ⲐⲎⲚⲞⲨ ϦⲈⲚⲞⲨϨⲈⲖⲠⲒⲤ ⲚⲞⲨⲰⲦ ⲚⲦⲈⲠⲈⲦⲈⲚⲐⲰϨⲈⲘ.
5 ৫ এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু
ⲉ̅ⲞⲨϬⲞⲒⲤ ⲚⲞⲨⲰⲦ ⲞⲨⲚⲀϨϮ ⲚⲞⲨⲰⲦ ⲞⲨⲰⲘⲤ ⲚⲞⲨⲰⲦ.
6 ৬ এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।
ⲋ̅ⲞⲨⲀⲒ ⲠⲈ ⲪⲚⲞⲨϮ ⲪⲒⲰⲦ ⲚⲦⲈⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲪⲎ ⲈⲦⲬⲎ ϨⲒϪⲈⲚ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲞⲨⲞϨ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲞⲨⲞϨ ⲚϦⲢⲎⲒ ϦⲈⲚⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ.
7 ৭ খ্ৰীষ্টই যি পৰিমাণৰ বৰ দান আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে।
ⲍ̅ⲠⲒⲞⲨⲀⲒ ⲆⲈ ⲠⲒⲞⲨⲀⲒ ⲘⲘⲞⲚ ⲀⲨϮ ⲚⲀϤ ⲚⲞⲨϨⲘⲞⲦ ⲔⲀⲦⲀ ⲠϢⲒ ⲚϮⲆⲰⲢⲈⲀ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ.
8 ৮ শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।
ⲏ̅ⲈⲐⲂⲈⲪⲀⲒ ϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀϤϢⲈ ⲚⲀϤ ⲈⲠϬⲒⲤⲒ ⲀϤⲈⲢⲈⲬⲘⲀⲖⲰⲦⲈⲨⲒⲚ ⲚⲞⲨⲈⲬⲘⲀⲖⲰⲤⲒⲀ ⲀϤϮ ⲚϨⲀⲚⲦⲀⲒⲞ ⲚⲚⲒⲢⲰⲘⲒ.
9 ৯ যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল?
ⲑ̅ⲠⲒϢⲈ ⲆⲈ ⲈⲠϢⲰⲒ ⲞⲨ ⲠⲈ ⲈⲂⲎⲖ ϪⲈ ⲀϤϢⲈ ⲚⲀϤ ⲞⲚ ⲈⲚⲒⲤⲀ ⲈⲦⲤⲀⲠⲈⲤⲎⲦ ⲘⲠⲔⲀϨⲒ
10 ১০ যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল।
ⲓ̅ⲪⲎ ⲈⲦⲀϤϢⲈ ⲈⲠⲈⲤⲎⲦ ⲚⲐⲞϤ ⲞⲚ ⲠⲈ ⲈⲦⲀϤϢⲈ ⲈⲠϢⲰⲒ ⲚⲚⲒⲪⲎⲞⲨⲒ ⲦⲎⲢⲞⲨ ϨⲒⲚⲀ ⲚⲦⲈϤϪⲰⲔ ⲈⲂⲞⲖ ⲚϨⲰⲂ ⲚⲒⲂⲈⲚ.
11 ১১ সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।
ⲓ̅ⲁ̅ⲞⲨⲞϨ ⲚⲐⲞϤ ⲀϤϮ ⲘⲈⲚ ⲚϨⲀⲚⲀⲠⲞⲤⲦⲞⲖⲞⲤ ϨⲀⲚⲞⲨⲞⲚ ⲆⲈ ⲘⲠⲢⲞⲪⲎⲦⲎⲤ ϨⲀⲚⲔⲈⲞⲨⲞⲚ ⲆⲈ ⲚⲢⲈϤϨⲒϢⲈⲚⲚⲞⲨϤⲒ ϨⲀⲚⲔⲈⲞⲨⲞⲚ ⲆⲈ ⲘⲘⲀⲚⲈⲤⲰⲞⲨ ⲚⲈⲘ ϨⲀⲚⲢⲈϤϮⲤⲂⲰ.
12 ১২ ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।
ⲓ̅ⲃ̅ⲠⲢⲞⲤ ⲤⲞⲂϮ ⲚⲦⲈⲚⲒⲀⲄⲒⲞⲤ ⲈⲨϨⲰⲂ ⲚϮⲆⲒⲀⲔⲞⲚⲒⲀ ⲈⲨⲔⲰⲦ ⲚⲦⲈⲠⲤⲰⲘⲀ ⲘⲠⲬⲢⲒⲤⲦⲞⲤ.
13 ১৩ যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।
ⲓ̅ⲅ̅ϢⲀⲚⲦⲈⲚⲈⲢⲔⲀⲦⲀⲚⲦⲀⲚ ⲦⲎⲢⲈⲚ ⲈϮⲘⲈⲦⲞⲨⲀⲒ ⲚⲦⲈⲠⲒⲚⲀϨϮ ⲚⲈⲘ ⲠⲈⲘⲒ ⲚⲦⲈⲠϢⲎⲢⲒ ⲘⲪⲚⲞⲨϮ ⲈⲨⲢⲰⲘⲒ ⲚⲦⲈⲖⲒⲞⲤ ⲈⲨϢⲒ ⲚⲦⲈϮⲘⲀⲒⲎ ⲚⲦⲈⲪⲘⲞϨ ⲘⲠⲬⲢⲒⲤⲦⲞⲤ.
14 ১৪ তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
ⲓ̅ⲇ̅ϨⲒⲚⲀ ⲚⲦⲈⲚϢⲦⲈⲘϢⲰⲠⲒ ⲈⲚⲞⲒ ⲚⲔⲞⲨϪⲒ ⲚⲀⲖⲞⲨ ⲈⲢⲈ ⲠϨⲰⲒⲘⲒ ϨⲒⲞⲨⲒ ⲘⲘⲞⲚ ⲈⲨⲞⲨⲰⲦⲈⲂ ⲘⲘⲞⲚ ⲈⲂⲞⲖ ϦⲈⲚⲐⲎⲞⲨ ⲚⲒⲂⲈⲚ ⲚⲦⲈϮⲘⲈⲦⲢⲈϤϮⲤⲂⲰ ϦⲈⲚϮⲔⲨⲂⲒⲀ ⲚⲦⲈⲚⲒⲢⲰⲘⲒ ϦⲈⲚⲞⲨⲘⲈⲦⲤⲈⲂ ⲠⲢⲞⲤ ⲚⲒⲔⲞⲦⲤ ⲚⲦⲈϮⲠⲖⲀⲚⲎ.
15 ১৫ কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।
ⲓ̅ⲉ̅ⲈⲚⲒⲢⲒ ⲆⲈ ⲚⲐⲘⲎⲒ ϦⲈⲚⲞⲨⲀⲄⲀⲠⲎ ⲘⲀⲢⲈⲚϮⲀⲒⲀⲒ ⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈϦⲞⲨⲚ ⲈⲢⲞϤ ⲈⲦⲈ ⲚⲐⲞϤ ⲠⲈ ϮⲀⲪⲈ ⲠⲬⲢⲒⲤⲦⲞⲤ.
16 ১৬ মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।
ⲓ̅ⲋ̅ⲪⲀⲒ ⲈⲦⲈ ⲠⲒⲤⲰⲘⲀ ⲦⲎⲢϤ ϨⲰⲦⲠ ⲈⲢⲞϤ ⲞⲨⲞϨ ⲀϤϮⲘⲀϮ ϦⲈⲚⲞⲨϨⲒⲞⲒ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲚⲒⲘⲞⲨⲦ ⲚⲒⲂⲈⲚ ⲚⲦⲈⲚⲒⲤⲀϨⲚⲒ ⲔⲀⲦⲀ ⲠⲒⲈⲢϨⲰⲂ ϦⲈⲚⲞⲨϢⲒ ⲚⲦⲈⲪⲞⲨⲀⲒ ⲪⲞⲨⲀⲒ ⲚⲚⲒⲘⲈⲖⲞⲤ ϤⲒⲢⲒ ⲘⲠⲒⲀⲒⲀⲒ ⲚⲦⲈⲠⲒⲤⲰⲘⲀ ⲈⲨⲔⲰⲦ ⲚⲀϤ ϦⲈⲚⲞⲨⲀⲄⲀⲠⲎ.
17 ১৭ এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
ⲓ̅ⲍ̅ⲪⲀⲒ ⲆⲈ ϮϪⲰ ⲘⲘⲞϤ ⲞⲨⲞϨ ϮⲈⲢⲘⲈⲐⲢⲈ ϦⲈⲚⲠϬⲞⲒⲤ ⲈϢⲦⲈⲘⲐⲢⲈⲦⲈⲚⲘⲞϢⲒ ϪⲈ ⲘⲪⲢⲎϮ ⲈⲦⲈ ⲚⲒⲈⲐⲚⲞⲤ ⲘⲞϢⲒ ⲘⲘⲞϤ ϦⲈⲚⲞⲨⲘⲈⲦⲈⲪⲖⲎⲞⲨ ⲚⲦⲈⲠⲞⲨϨⲎⲦ.
18 ১৮ কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।
ⲓ̅ⲏ̅ⲈⲨⲞⲒ ⲚⲬⲀⲔⲒ ϦⲈⲚⲠⲞⲨⲘⲈⲨⲒ ⲈⲨⲞⲒ ⲚϢⲈⲘⲘⲞ ⲘⲠⲒⲰⲚϦ ⲚⲦⲈⲪⲚⲞⲨϮ ⲈⲐⲂⲈ ϮⲘⲈⲦⲀⲦⲈⲘⲒ ⲈⲦϢⲞⲠ ⲚϦⲎⲦⲞⲨ ⲈⲐⲂⲈ ⲠⲒⲐⲰⲘ ⲚⲦⲈⲠⲞⲨϨⲎⲦ
19 ১৯ তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।
ⲓ̅ⲑ̅ⲚⲀⲒ ⲈⲦⲀⲨⲈⲢⲀⲦⲘⲔⲀϨ ⲀⲨⲦⲎⲒⲦⲞⲨ ⲘⲘⲀⲨⲀⲨⲦⲞⲨ ⲈϦⲢⲎⲒ ⲈⲨⲤⲰϤ ⲈⲨϨⲰⲂ ⲚⲦⲈϬⲰϦⲈⲘ ⲚⲒⲂⲈⲚ ϦⲈⲚⲞⲨⲘⲈⲦϬⲒⲚϪⲞⲚⲤ.
20 ২০ কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই;
ⲕ̅ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲚⲎ ⲈⲦⲀⲨⲦⲤⲀⲂⲈ ⲐⲎⲚⲞⲨ ⲀⲚ ⲘⲠⲀⲒⲢⲎϮ ⲈⲠⲬⲢⲒⲤⲦⲞⲤ.
21 ২১ আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে,
ⲕ̅ⲁ̅ⲒⲤϪⲈ ⲀⲦⲈⲦⲈⲚⲤⲞⲐⲘⲈϤ ⲞⲨⲞϨ ⲀⲨⲦⲤⲀⲂⲈ ⲐⲎⲚⲞⲨ ⲚϦⲎⲦϤ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲈ ⲞⲨⲘⲈⲐⲘⲎⲒ ⲈⲦⲬⲎ ϦⲈⲚⲒⲎⲤⲞⲨⲤ.
22 ২২ আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে।
ⲕ̅ⲃ̅ⲚⲦⲈⲦⲈⲚⲬⲰ ⲈϦⲢⲎⲒ ϨⲰⲦⲈⲚ ⲘⲠⲈⲦⲈⲚϪⲒⲚⲘⲞϢⲒ ⲚⲦⲈϢⲞⲢⲠ ⲠⲒⲢⲰⲘⲒ ⲚⲀⲠⲀⲤ ⲪⲎ ⲈⲐⲚⲀⲦⲀⲔⲞ ⲔⲀⲦⲀ ⲚⲒⲈⲠⲒⲐⲨⲘⲒⲀ ⲚⲦⲈϮⲀⲠⲀⲦⲎ.
23 ২৩ সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি,
ⲕ̅ⲅ̅ⲚⲦⲈⲦⲈⲚⲈⲢⲂⲈⲢⲒ ⲆⲈ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲠⲈⲦⲈⲚϨⲎⲦ.
24 ২৪ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।
ⲕ̅ⲇ̅ⲞⲨⲞϨ ⲚⲦⲈⲦⲈⲚϮ ϨⲒ ⲐⲎⲚⲞⲨ ⲘⲠⲒⲢⲰⲘⲒ ⲘⲂⲈⲢⲒ ⲪⲎ ⲈⲦⲀⲨⲤⲞⲚⲦϤ ⲔⲀⲦⲀ ⲪⲚⲞⲨϮ ϦⲈⲚⲞⲨⲘⲈⲐⲘⲎⲒ ⲚⲈⲘ ⲞⲨⲦⲞⲨⲂⲞ ⲚⲦⲈⲐⲘⲎⲒ.
25 ২৫ সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
ⲕ̅ⲉ̅ⲈⲐⲂⲈⲪⲀⲒ ⲬⲰ ⲈϦⲢⲎⲒ ⲚϮⲘⲈⲐⲚⲞⲨϪ ⲤⲀϪⲒ ⲚⲐⲘⲎⲒ ⲠⲒⲞⲨⲀⲒ ⲠⲒⲞⲨⲀⲒ ⲚⲈⲘ ⲠⲈϤϢⲪⲎⲢ ϪⲈ ⲀⲚⲞⲚ ϨⲀⲚⲘⲈⲖⲞⲤ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ.
26 ২৬ ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;
ⲕ̅ⲋ̅ϪⲰⲚⲦ ⲞⲨⲞϨ ⲘⲠⲈⲢⲈⲢⲚⲞⲂⲒ ⲘⲠⲈⲚⲐⲢⲈ ⲪⲢⲎ ϨⲰⲦⲠ ⲈϪⲈⲚ ⲠⲈⲦⲈⲚⲘⲂⲞⲚ.
27 ২৭ আপোনালোকে চয়তানক সুযোগ নিদিব।
ⲕ̅ⲍ̅ⲞⲨⲆⲈ ⲘⲠⲈⲢϮ ⲘⲀ ⲘⲠⲒⲆⲒⲀⲂⲞⲖⲞⲤ.
28 ২৮ যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
ⲕ̅ⲏ̅ⲠⲈⲦϬⲒⲞⲨⲒ ⲘⲠⲈⲚⲐⲢⲈϤϬⲒⲞⲨⲒ ϪⲈ ⲘⲀⲖⲖⲞⲚ ⲆⲈ ⲘⲀⲢⲈϤϦⲒⲤⲒ ⲈϤⲈⲢϨⲰⲂ ⲚⲚⲈϤϪⲒϪ ⲈⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ϨⲒⲚⲀ ⲚⲦⲈϤϪⲒⲘⲒ ⲈϮ ⲘⲪⲎ ⲈⲦⲈⲢϦⲀⲈ.
29 ২৯ আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
ⲕ̅ⲑ̅ⲤⲀϪⲒ ⲚⲒⲂⲈⲚ ⲈⲦϨⲰⲞⲨ ⲘⲠⲈⲚⲐⲢⲞⲨⲒ ⲈⲂⲞⲖ ϦⲈⲚⲢⲰⲦⲈⲚ ⲀⲖⲖⲀ ⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲈⲨⲔⲰⲦ ⲚⲦⲈϮⲬⲢⲒⲀ ϨⲒⲚⲀ ⲚⲦⲈϤϮ ⲚⲞⲨϨⲘⲞⲦ ⲚⲚⲎ ⲈⲦⲤⲰⲦⲈⲘ.
30 ৩০ মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।
ⲗ̅ⲞⲨⲞϨ ⲘⲠⲈⲢϮⲘⲔⲀϨ ⲚϨⲎⲦ ⲘⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ ⲚⲦⲈⲪⲚⲞⲨϮ ⲪⲎ ⲈⲦⲀⲨⲈⲢⲤⲪⲢⲀⲄⲒⲌⲒⲚ ⲘⲘⲰⲦⲈⲚ ⲚϦⲎⲦϤ ⲈⲠⲒⲈϨⲞⲞⲨ ⲚⲦⲈⲠⲒⲤⲰϮ.
31 ৩১ সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।
ⲗ̅ⲁ̅ϢⲀϢⲒ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲘⲂⲞⲚ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ϪⲰⲚⲦ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲰϢ ⲈⲂⲞⲖ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ϪⲈⲞⲨⲀ ⲚⲒⲂⲈⲚ ⲀⲖⲒⲦⲞⲨ ⲈⲂⲞⲖ ϨⲀⲢⲰⲦⲈⲚ ⲚⲈⲘ ⲔⲀⲔⲒⲀ ⲚⲒⲂⲈⲚ.
32 ৩২ পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
ⲗ̅ⲃ̅ϢⲰⲠⲒ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲚⲬⲢⲤ ⲈⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ⲚⲢⲈϤϢⲈⲚϨⲎⲦ ⲈⲢⲈⲦⲈⲚⲬⲰ ⲈⲂⲞⲖ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀ ⲪⲚⲞⲨϮ ⲬⲰ ⲚⲰⲦⲈⲚ ⲈⲂⲞⲖ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ.