< ইফিচীয়া 3 >
1 ১ এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|
2 ২ আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
yuṣmadartham īśvareṇa mahyaṁ dattasya varasya niyamaḥ kīdṛśastad yuṣmābhiraśrāvīti manye|
3 ৩ ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|
4 ৪ আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব।
ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|
5 ৫ সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
6 ৬ সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,
7 ৭ ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 ৮ ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 ৯ আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। (aiōn )
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn )
10 ১০ ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svarge prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭe prakāśyate tadarthaṁ sa yīśunā khrīṣṭena sarvvāṇi sṛṣṭavān|
11 ১১ তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে। (aiōn )
yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca
12 ১২ খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ।
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn )
13 ১৩ গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়; সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে।
ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|
14 ১৪ এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam
15 ১৫ সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্রত্যেক পৰিয়ালে নাম পাইছে; তেওঁৰ পৰাই সকলো প্রাণীক সৃষ্টি কৰা হৈছে।
asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|
16 ১৬ ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|
17 ১৭ বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 ১৮ তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে।
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 ১৯ খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হব।
jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|
20 ২০ আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti
21 ২১ মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন। (aiōn )
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn )