< ইফিচীয়া 2 >
1 ১ পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Kati yelo mwabile mwawile mu'makosa na sambi yinu.
2 ২ এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল। (aiōn )
Yabile mu'aga kwanza mwatiyenda lingana na nyakati ya ulimwengu huu. Mwabile mwatiboka kwa kunkengama ntawala wa mamlaka ya kumaunde. Ayee nga roho yake yolo apangaye kazi mu, bana ba kuasi. (aiōn )
3 ৩ আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
Twenga wote twabile nkati ya balo baaminiya kwaa hapo mwanzo. Twabile tupangite kwa namna ya tamaa inoite kwaa ya yega yitu. Twabile twapanga mapenzi ga yega yitu ni ufahamu witu. Twabile kwa asili ya bana ba dhahabu kati benge.
4 ৪ কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,
Lakini Nnongo ywabile ni rehema yanyansima kwa sababu ya lipendo lyake likolo lyaatupendile twenga.
5 ৫ তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;
Muda twabile mu'kiwo mu'makosa yitu, atuletya pamope mu'maisha gaayambe nkati ya Kristo. Ni kwa neema kuwa nati lopolelwa.
6 ৬ তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
Nnongo kayogolya mpamo ni kutupanga tama pamope mu'pandu pa'kumaunde nkati ya Kristo Yesu.
7 ৭ ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে। (aiōn )
Apangite nyoo ili muda waisa aweze kutubonekea utajiri nkolo wa neema yake. Utubonekeya twenga alee kwa ndela ya wema wake nkati ya Kristo Yesu. (aiōn )
8 ৮ কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।
Kwa neema mupangilwe akochopoli kwa ndela ya imani. Na yee iboka kwaa kwitu. Ni zawadi ya Nnongo.
9 ৯ কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
Itokana kwaa ni makowe. Matokeo gake, abile kwaa mundu yumo ywa kujisifu.
10 ১০ কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
Kwa sababu twenga twabile kazi ya Nnongo. tuumbilwe mu'Kristo Yesu upanga makowe yanoite. Ni makowe aga ambayo Nnongo agapangite tangu zamani za kale kwaajili yitu, ili tutyange mu'agoo.
11 ১১ মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
Kwa nyo mukumbukye kuwa kunchogo mwabile bandu ba mataifa kwa namna ya yega. Mkemelwa”mbile kwaa ni tohara” kwa chelo chakemelwa tohara ya yega yapangilwe kwa maboko ga bandu.
12 ১২ সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।
Kwa muda woo mwabile mwati tengwa na Kristo. Mwabile ageni kwa bandu ba Israeli. Mwabile ageni kwa liagano lya ahadi. Mwabile kwaa ni uhakika wa muda uisile. Mwabile bila Nnongo mu'ulimwengu.
13 ১৩ আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
Lakini nambeambe mu'Kristo Yesu mwenga ambao kunchogo mwabile kutalu ni Nnongo mpangilwe papipi ni Nnongo kwa mwai ya Kristo.
14 ১৪ তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
Kwa mana ywembe nga amani yitu. Apangite abele kuwa yumo. Kwa yega yake atikuuharibu ukuta wa utengano wabile utitenganisha, huo uadui.
15 ১৫ খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।
Kwamba atikuikomesha saliya ya amri na kanuni ili aumbile mundu yumo wayambe nkati yake. Apangite amani.
16 ১৬ তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।
Apangite nyoo ili kubakwembanisha makundi abele ya bandu kuwa yega yimo kwa Nnongo petya msalaba. Kwa ndela ya msalaba aupangite uadui kuwa kiwo
17 ১৭ এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
Yesu aisile ni kutangaza amani kwinu mwenga mwabile kutalu ni amani kwa balo babile papipi.
18 ১৮ কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।
Kwa mana kwa ndela ya Yesu twenga abele tubile na nafasi kwa yolo Roho yumo kuyingya kwa Tate.
19 ১৯ হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।
Nyoo bai, mwenga bandu ba mataifa mwasafiri kwaa ni ageni kae. Ila mwa wenyeji pamope ni balo batengwile kwa ajili ya Nnongo ni ajumbe mu'nyumba ya Nnongo.
20 ২০ এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
Mchengwilwe nnani ya msingi wa mitume ni manabii. Kristo Yesu mwene abile liwe kolo lya mbembeni.
21 ২১ যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷
Mu'ywembe lyengo lyoti latikuunganisha pamope ni kukua kati hekalu nkati ya Ngwana.
22 ২২ তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।
Ni nkati yake mwenga mchengwilwe pamope kati mahali pa tamya pa Nnongo mu'Roho.