< ইফিচীয়া 2 >
1 ১ পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।
Shi me ma hirzashi ataye sa yazi mu kize usuro ticukum teshime nan nu cara a bange a shime.
2 ২ এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল। (aiōn )
Andesa datti warani anu tarsa, ana ni ge sawatursi Ugomo u ma cico memani bi be buzenzen me nanshi anu zatu tarsa Asere an desa wa haki nan nipum. (aiōn )
3 ৩ আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
Vat oro datti ta cukuno nan we ta tarsi uni rusa umeme ine ini Uhomo Asere ma izi ucore iriba imeme.
4 ৪ কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,
Ugomo Asere mazin ni ni iriba ishew barki memani ma hem in hanu.
5 ৫ তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;
Barki atiyeme salazi mu kizzi memani hirzan duru urusa unize ni ugomo Asere asuro ushew umeme ma suson duru ani rere.
6 ৬ তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
Anyumo Ugomo Asere Yesu memani hirzan duro nigome manno ma yan duro ahira ati cukun abirko anyimo Asesere.
7 ৭ ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে। (aiōn )
Ugomo Asere ma uyi ina nu barki ma bezi ubare umeme usuro uniza nu Ugomo Asere Yesu. (aiōn )
8 ৮ কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।
Usuro imumu iriri ya wu ma suson duro anyimo ani rere me sa ta rebine akagino katuma ka Asere kani.
9 ৯ কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
Da barki kashi ba barki ani me kati uye ma tari bigiri.
10 ১০ কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
Haru katuma kame kani ma kuri mabarkan duru anyimo niza ne Yesu Ugomo Asere barki ti wuzi katuma ka ririn kaga sa Ugomo Asere mamu inkondaru kani.
11 ১১ মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
Barki dati utanda ushime anigura wadi tarsishi anu zoti ni gura wemi waruse nigura nu weme nini ta tarani.
12 ১২ সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।
Rusane uganiya yahar uzina nan nu Ugomo Asere.
13 ১৩ আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
Anime anyimo Ugomo Asere datti yezi piit anami barki uponku uma ye na Yesu Ugomo Asere mayene shi mamu.
14 ১৪ তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
Barki anime Ugomo Asere mimani una unu nati iriba idesa mazeki a Yahudawa ana inde wani makuri ma tuburko utura ugesa wa hari ticukun tuwa nan ni lenu.
15 ১৫ খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।
Ma e makarti ubezi utize tiburi nan uwito ini ce nimime usuro ahira ami ani akim vana Asere usuro anaware wewan adumu nan aji.
16 ১৬ তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।
Makure ma ore ace awe ana waremi anyumo aniza ni Yesu wa cukuno a inde usuro ukotiko umime azere utete.
17 ১৭ এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
Yesu ma e unu boo tize ta Asere, nan nu bezizi iriba irum a hira an desa wa ra piit nan iriba irum a hira desa wa zi mamu cangi.
18 ১৮ কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।
Makure ma ace ma bezeze una urereni ana pepet nan na namamu. Barki memani takim urosa vana nannu Ugomo Asere usuro bibeu bi inde.
19 ১৯ হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।
Barki memani takem urosa vannu Ugomo Asere anuro bibeu bi inde.
20 ২০ এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
Shime a zu agene wani shi anare waniba shi yakim ukaba ahere Ugomo ya cukuno ahana Ugomo Asere.
21 ২১ যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷
Andese a kabi we usuro urusa utize ti Ugomo Asere Yesu memani ni po ni dandang niginome.
22 ২২ তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।
Andesa abari we gusi tidinge anyumo aweme wewani ti denge tiririn ti Ugomo Asere.