< উপদেশক 6 >
1 ১ মই সূর্যৰ তলত আন এক দুখৰ বিষয় দেখিলোঁ; সেয়ে মানুহৰ পক্ষে অতি কষ্টকৰ।
Est et aliud malum, quod vidi sub sole, et quidem frequens apud homines:
2 ২ ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।
Vir, cui dedit Deus divitias, et substantiam, et honorem, et nihil deest animae suae ex omnibus, quae desiderat: nec tribuit ei potestatem Deus ut comedat ex eo, sed homo extraneus vorabit illud. hoc vanitas, et miseria magna est.
3 ৩ কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
Si genuerit quispiam centum liberos, et vixerit multos annos, et plures dies aetatis habuerit, et anima illius non utatur bonis substantiae suae, sepulturaque careat: de hoc ergo pronuncio quod melior illo sit abortivus.
4 ৪ সেই মৃত সন্তানে বৃথাই আহি আন্ধাৰতেই বিদায় লয় আৰু সেই কেঁচুৱাৰ নাম নাইকিয়া হৈ যায়।
Frustra enim venit, et pergit ad tenebras, et oblivione delebitur nomen eius.
5 ৫ যদিও এই কেঁচুৱাটিয়ে কেতিয়াও সূৰ্য দেখা নাপায় অথবা একোকে নাজানে, তথাপিও সেই ধনী মানুহতকৈ সি অধিক বিশ্রাম পায়।
Non vidit solem, neque cognovit distantiam boni et mali:
6 ৬ এনেকি, যদি কোনো লোক দুই হাজাৰ বছৰো জীয়াই থাকে, কিন্তু জীৱনত সুখ নাপায়, তেন্তে তাৰ কি লাভ? সকলোৱেই জানো একে ঠাইলৈকে নাযায়?
etiam si duobus millibus annis vixerit, et non fuerit perfruitus bonis: nonne ad unum locum properant omnia?
7 ৭ মানুহৰ সকলো পৰিশ্ৰমেই তেওঁৰ পেটৰ কাৰণে, তথাপিও তেওঁৰ ভোক কেতিয়াও নপলায়।
Omnis labor hominis in ore eius: sed anima eius non implebitur.
8 ৮ অজ্ঞানতকৈ জ্ঞানী লোকৰ সুবিধা কি? আন লোকসকলৰ আগত কিদৰে চলিব লাগে, তাক জানিলে এজন দৰিদ্রৰ কি লাভ হয়?
Quid habet amplius sapiens a stulto? et quid pauper nisi ut pergat illuc, ubi est vita?
9 ৯ অধিক পোৱাৰ বাসনাতকৈ বৰং চকুৱে যি দেখা পায়, তাতে সন্তুষ্ট থকা ভাল। ইও অসাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা হয়।
Melius est videre quod cupias, quam desiderare quod nescias. sed et hoc vanitas est, et praesumptio spiritus.
10 ১০ যি যি আছে, তাৰ নাম আগেয়ে দিয়া হৈছে; মানুহনো কি, তাকো জনা গৈছে যে তেওঁলোকে নিজতকৈ যি জনা শক্তিশালী, তেওঁৰ লগত যুঁজ কৰিব নোৱাৰে।
Qui futurus est, iam vocatum est nomen eius: et scitur quod homo sit, et non possit contra fortiorem se in iudicio contendere.
11 ১১ যিমানে বেছি কথা কোৱা হয়, সিমানে অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?
Verba sunt plurima, multamque in disputando habentia vanitatem.
12 ১২ মানুহৰ অসাৰ জীৱনকালত তেওঁৰ কাৰণে কি ভাল তাক কোনে জানে? তেওঁতো নিজৰ অল্পস্থায়ী দিনবোৰ এক ছাঁয়াৰ দৰে কটায়। তেওঁ গুছি যোৱাৰ পাছত সূর্যৰ তলত কি ঘটিব তাক কোনে তেওঁক ক’ব পাৰিব?
Quid necesse est homini maiora se quaerere, cum ignoret quid conducat sibi in vita sua numero dierum peregrinationis suae, et tempore, quod velut umbra praeterit? Aut quis ei poterit indicare quod post eum futurum sub sole sit?