< উপদেশক 5 >
1 ১ ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
Èuvaj nogu svoju kad ideš u dom Božji, i pristupi da slušaš; to je bolje nego što bezumni daju žrtve, jer ne znaju da zlo èine.
2 ২ তোমাৰ মুখে কেতিয়াও বেগা-বেগীকৈ কথা নকওঁক। ঈশ্বৰৰ আগত বেগা-বেগীকৈ কোনো কথা উচ্চাৰণ নকৰিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা যেন অলপ হয়।
Nemoj nagliti ustima svojim, i srce tvoje da ne bude brzo izgovoriti što pred Bogom, jer je Bog na nebu a ti si na zemlji, zato neka bude malo rijeèi tvojih.
3 ৩ অধিক কাৰ্যৰ ভাৱ-চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে, তেনেকৈ আৰু অধিককৈ কথা ক’লে অজ্ঞানতা প্রকাশ পায়।
Jer san dolazi od mnogoga posla, a glas bezumnikov od mnogih rijeèi.
4 ৪ ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।
Kad uèiniš zavjet Bogu, ne oklijevaj ispuniti ga, jer mu nijesu mili bezumnici; što god zavjetuješ, ispuni.
5 ৫ সেয়ে সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল।
Bolje je da ne zavjetuješ negoli da zavjetuješ pa ne ispuniš.
6 ৬ তোমাৰ মুখে যেন তোমাৰ শৰীৰক পাপৰ পথলৈ লৈ নাযায়; “মোৰ সংকল্প কৰা ভুল হ’ল” এই কথা প্রার্থনা গৃহৰ পুৰোহিতৰ আগত নকবা; মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধিত কৰা?
Ne daj ustima svojima da na grijeh navode tijelo tvoje, i ne govori pred anðelom da je bilo nehotice. Zašto bi se gnjevio Bog na rijeèi tvoje i potro djelo ruku tvojih?
7 ৭ কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।
Jer kao što u mnoštvu sanova ima taštine, tako i u mnogim rijeèima; nego boj se Boga.
8 ৮ তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
Ako vidiš gdje se èini nepravda siromahu i otima sud i pravda u zemlji, ne èudi se tome, jer viši pazi na visokoga, i ima još viših nad njima.
9 ৯ কিন্তু ভূমিত উৎপাদন কৰিবলৈ এজন ৰজা থাকিলে এখন দেশৰ বাবে সকলোপ্রকাৰে এক লাভ হয়।
Ali je zemlja korisnija od svega; i car njivi služi.
10 ১০ যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
Ko ljubi novce, neæe se nasititi novaca; i ko ljubi bogatstvo, neæe imati koristi od njega. I to je taština.
11 ১১ ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ?
Gdje je mnogo dobra, mnogo je i onijeh koji ga jedu; pa kaka je korist od toga gospodaru? osim što gleda svojim oèima.
12 ১২ যি জনে পৰিশ্রম কৰে, তেওঁ কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে।
Sladak je san onome koji radi, jeo malo ili mnogo; a sitost bogatome ne da spavati.
13 ১৩ সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
Ima ljuto zlo koje vidjeh pod suncem: bogatstvo koje se èuva na zlo onome èije je.
14 ১৪ দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
Jer tako bogatstvo propadne zlom nezgodom, te sinu kojega je rodio ne ostane ništa u ruku.
15 ১৫ মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
Kao što je izašao iz utrobe matere svoje nag, tako opet odlazi kako je došao; i ništa ne uzima od truda svojega da ponese u ruci svojoj.
16 ১৬ ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
I to je ljuto zlo što odlazi kako je došao; i kaka mu je korist što se trudio u vjetar,
17 ১৭ তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।
I svega vijeka svojega jeo u mraku, i mnogo se brinuo i žalostio i ljutio?
18 ১৮ তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।
Eto, to vidjeh da je dobro i lijepo èovjeku da jede i pije i uživa dobro od svega truda svojega kojim se trudi pod nebom za života svojega, koji mu Bog da, jer mu je to dio.
19 ১৯ তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
I kad kome Bog da bogatstvo i blago, i da mu da uživa i uzima svoj dio i da se veseli s truda svojega, to je dar Božji.
20 ২০ তেওঁ নিজৰ আয়ুসৰ দিনবোৰৰ কথা মনলৈ নানে, কিয়নো ঈশ্বৰে তেওঁৰ মনত আনন্দ দি তেওঁক ব্যস্ত ৰাখে।
Jer se neæe mnogo opominjati dana života svojega, jer mu Bog daje da mu je srce veselo.