< উপদেশক 4 >
1 ১ পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
Opět obrátiv se, i viděl jsem všeliká ssoužení, kteráž se dějí pod sluncem, a aj, slzy křivdu trpících, ješto nemají potěšitele, ani moci k vyjití z ruky těch, kteříž je ssužují, a nemají potěšitele.
2 ২ সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে, সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল, তেওঁলোক অধিক সৌভাগ্যশালী।
Protož já chválil jsem mrtvé, kteříž již zemřeli, více nežli živé, kteříž jsou živi až po dnes.
3 ৩ কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।
Nýbrž nad oba tyto šťastnější jest ten, kterýž ještě nebyl, a neviděl skutku zlého, dějícího se pod sluncem.
4 ৪ তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
Nebo spatřil jsem všelikou práci a každé dobré dílo, že jest k závisti jedněch druhým. I to také jest marnost a trápení ducha.
5 ৫ অজ্ঞান লোকে হাত সাৱটি একো নকৰাকৈ থাকে, তেওঁলোকে নিজকে ধ্বংস কৰে।
Blázen skládá ruce své, a jí maso své, říkaje:
6 ৬ বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
Lepší jest plná hrst s odpočinutím, nežli přehršlí plné s prací a trápením ducha.
7 ৭ পাছত মই পুনৰ সূৰ্যৰ তলত অসাৰতা দেখিলোঁ।
Opět obrátiv se, viděl jsem jinou marnost pod sluncem:
8 ৮ কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।
Jest samotný někdo, nemaje žádného, ani syna, ani bratra, a však není konce všeliké práci jeho, ani oči jeho nemohou se nasytiti bohatství. Nepomyslí: Komu já pracuji, tak že i životu svému ujímám pohodlí? I to také jest marnost a bídné zaneprázdnění.
9 ৯ এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
Lépeť jest dvěma než jednomu; mají zajisté dobrý užitek z práce své.
10 ১০ কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে। কিন্তু হায় সেই অকলে থকা লোক! কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
Nebo padne-li který z nich, druhý pozdvihne tovaryše svého. Běda tedy samotnému, když by padl; nebo nemá druhého, aby ho pozdvihl.
11 ১১ তাৰ উপৰি দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব?
Také budou-li dva spolu ležeti, zahřejí se, ale jeden jak se zahřeje?
12 ১২ যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
Ovšem, jestliže by se kdo jednoho zmocniti chtěl, dva postaví se proti němu; ano trojnásobní provázek nesnadně se přetrhne.
13 ১৩ এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
Lepší jest dítě chudé a moudré, než král starý a blázen, kterýž neumí již ani napomenutí přijímati,
14 ১৪ সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
Ačkoli z žaláře vychází, aby kraloval, nýbrž i v království svém může na chudobu přijíti.
15 ১৫ মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।
Viděl jsem všecky živé, kteříž chodí pod sluncem, ani se přídrželi pacholete, potomka onoho, kterýž měl kralovati místo něho.
16 ১৬ এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।
Nebývalo konce té vrtkosti všeho lidu, jakž toho, kterýž byl před nimi, takž ani potomci nebudou se těšiti z něho. Protož i to jest marnost a trápení ducha.