< উপদেশক 2 >
1 ১ মই মোৰ হৃদয়ক ক’লোঁ, “আহাঁ, মই আমোদ-প্রমোদেৰে তোমাক পৰীক্ষা কৰি চাম; সেয়ে, এতিয়া সুখ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অসাৰ আছিল।
Es sacīju savā sirdī: nu tad, gribu baudīt priekus un redzēt labas dienas; bet redzi, arī tā ir niecība!
2 ২ মই হাঁহিৰ বিষয়ে ক’লো, “ই বলিয়ালি,” আনন্দৰ বিষয়ত “ই কি কৰিব পাৰে?
Uz smiešanos es sacīju: tu esi neprātīga, un uz prieku: ko tu dari?
3 ৩ আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালোঁ।
Tad es savā sirdī apņēmos, mielot savu miesu ar vīnu, un kamēr sirds uz gudrību dotos, arī baudīt ģeķību, tiekams es redzētu, kas cilvēku bērniem labi būtu, kas tiem jādara apakš debess savā dzīvības laikā.
4 ৪ মই কিছুমান মহৎ কাৰ্য কৰিলোঁ; মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দ্ৰাক্ষাবাৰী পাতিলো;
Es darīju lielus darbus; es uzcēlu sev ēkas, dēstīju vīna dārzus;
5 ৫ মই ঠায়ে ঠায়ে অনেক বাগিছা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ;
Es sev kopu dārzus un jaukas birzes un stādīju tur visādus augļu kokus.
6 ৬ গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ;
Es sev izraku dīķus, no tiem slacināt birzi, kur koki zaļoja.
7 ৭ মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল;
Es pirku kalpus un kalpones, man bija arī dzimta saime un vēršu un avju lielāks pulks, nekā visiem, kas priekš manis bijuši Jeruzālemē.
8 ৮ মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।
Es sev arī sakrāju sudrabu un zeltu un dārgumus no ķēniņiem un valstīm. Es sev sagādāju dziedātājus un dziedātājas, un ko cilvēku bērni mēdz iekārot, sievas pār sievām.
9 ৯ মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল।
Un es paliku lielāks un lielāks un pieņēmos pār visiem, kas priekš manis bijuši Jeruzālemē, arī mana gudrība man palika.
10 ১০ মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।
Un visu, ko manas acis iekāroja, to es tām neatrāvu; es neliedzu savai sirdij nekāda prieka; jo mana sirds priecājās par visu manu pūliņu, un šī bija mana daļa no visa mana pūliņa.
11 ১১ তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
Tad es uzlūkoju visus savus darbus, ko manas rokas bija darījušas, un to pūliņu, ar ko es grūti biju pūlējies, un redzi, viss bija niecība un grābstīšanās pēc vēja, un labuma nav pasaulē.
12 ১২ পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।
Un es griezos, redzēt gudrību un neprātību un ģeķību. Jo ko tas cilvēks (darīs), kas nāks pēc ķēniņa? to pašu, kas jau sen darīts.
13 ১৩ মই দেখিলোঁ, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।
Un es redzēju, ka gudrība ir labāka nekā ģeķība, tā kā gaisma labāka nekā tumsība.
14 ১৪ জ্ঞানী মানুহৰ মূৰত চকু থাকে; কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি মই এটাই বুজিলো যে, সকলোৰে শেষ দশা একে হয়।
Gudram acis stāv galvā, un ģeķis staigā tumsībā; bet es arī manīju, kā viņiem visiem vienāds liktenis.
15 ১৫ তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”
Tad es sacīju savā sirdī: kad man tāds pat liktenis kā ģeķim, kāpēc tad es tik pārlieku esmu dzinies pēc gudrības? Un es sacīju savā sirdī: Arī tā ir niecība.
16 ১৬ মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।
Jo gudro tāpat mūžam nepiemin kā ģeķi; jo kas tagad ir, tas nākošā laikā viss top aizmirsts, un tāpat gudrais mirst kā ģeķis.
17 ১৭ এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Tādēļ es ienīdēju šo dzīvību, jo es turēju par ļaunu, kas pasaulē notiek; jo viss tas ir niecība un grābstīšanās pēc vēja.
18 ১৮ সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
Es arī ienīdēju visu savu pūliņu, ar ko es biju nopūlējies pasaulē, ka man tas bija jāpamet cilvēkam, kas būs pēc manis.
19 ১৯ সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি তেৱেঁই মোৰ সকলো কার্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছোঁ আৰু জ্ঞানৰ পৰিচয় দিলোঁ। ইও অসাৰ।
Jo kas zin, vai viņš būs gudrs vai ģeķis; un tomēr viņš valdīs pār visu manu darbu, ar ko esmu nopūlējies, un ko ar gudrību esmu padarījis pasaulē; arī tā ir niecība.
20 ২০ এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, তাৰ বাবে মোৰ মন নিৰাশ হবলৈ ধৰিলে।
Tāpēc es griezos, ka mana sirds apnikusi atstātos no visa tā pūliņa, ar ko biju nopūlējies pasaulē.
21 ২১ কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
Jo jebšu kas savu darbu ar gudrību un ziņu un pareizi dara, taču viņam sava daļa jāpamet citam, kas pie tā nav strādājis; arī tā ir niecība un liela nelietība.
22 ২২ সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়?
Kas tad cilvēkam atlec no visa viņa darba un viņa sirds pūliņa, ar ko viņš nopūlējies pasaulē?
23 ২৩ প্রত্যেক দিনা তেওঁৰ কামত দুখ আৰু বিৰক্তি থকে; এনেকি ৰাতিও তেওঁৰ মনে বিশ্রাম নাপায়। ইও অসাৰ।
Jo visas viņa dienas ir sāpes, un viņa darbs ir sirdēsti, arī naktī viņa sirds nedus; tā ir arīdzan niecība.
24 ২৪ তেন্তে মানুহৰ পক্ষে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে।
Vai tad nebūs labāki cilvēkam, ka viņš ēd un dzer un savai dvēselei ļauj labumu baudīt pie sava pūliņa? Bet es esmu redzējis, ka arī tas nāk no Dieva rokas.
25 ২৫ কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে অথবা কোনে যি কোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে?
Kas gan var ēst un kas var ko baudīt bez Viņa?
26 ২৬ যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Jo cilvēkam, pie kā Viņam labs prāts, Viņš dod gudrību un atzīšanu un prieku, bet grēciniekam Viņš dod grūtumu, ka tas kopj un krāj un tomēr atstāj tam, pie kā Dievam labs prāts. Arī tā ir niecība un grābstīšanās pēc vēja.