< উপদেশক 12 >
1 ১ বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”
Kae wo Bɔfoɔ wɔ wo mmeranteberɛ mu, ansa na nnabɔne no aba na mfeɛ a wobɛka sɛ, “Menni mu anigyeɛ biara” no reba,
2 ২ সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা।
ansa na owia ne hann, ɔsrane ne nsoromma aduru sum, na omununkum asane aba osutɔ akyi.
3 ৩ সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব।
Ɛberɛ a efie no awɛmfoɔ ho popo, na mmarima ahoɔdenfoɔ akom, ɛberɛ a ayamfoɔ agyae adwumayɛ, sɛ wɔsua enti na wɔn a wɔhwɛ mpoma mu no ani so ayɛ kusuu;
4 ৪ সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব।
ɛberɛ a wɔatoto abɔntene no apono mu na ayammeeɛ nnyegyeeɛ ano abrɛ ase; ɛberɛ a nnipa te nnomaa su na wɔanyane, nanso wɔn nnwontoɔ ano brɛ ase;
5 ৫ সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।
ɛberɛ a nnipa suro ɛsoro kɔ ne mmɔntene so amanenyasɛm; ɛberɛ a sorɔno dua bɛgu nhyerɛnne na abɛbɛ wea korɔ na nkatedeɛ ho adwodwoɔ. Afei onipa kɔ ne daa homeɛ mu na agyaadwotwafoɔ tu gu mmɔntene so.
6 ৬ সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা।
Kae no, ansa na dwetɛ ahoma no ate, anaasɛ sikakɔkɔɔ ayowaa no abɔ; ansa na sukuruwa no abobɔ wɔ asutene ho, anaasɛ asubura so nkyimiiɛ abubu,
7 ৭ মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
na dɔteɛ sane kɔ asase a ɛfiri mu baeɛ, na honhom no tu kɔ Onyankopɔn a ɔde maeɛ no nkyɛn.
8 ৮ উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
“Ahuhudeɛ mu ahuhudeɛ” ɔsɛnkafoɔ no na ɔseɛ. “Biribiara yɛ ahuhudeɛ!”
9 ৯ উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।
Ɔsɛnkafoɔ no yɛ onyansafoɔ na ɔde nimdeɛ maa nnipa nso. Ɔdweneeɛ na ɔyɛɛ nhwehwɛmu na ɔbubuu mmɛ bebree.
10 ১০ উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।
Ɔsɛnkafoɔ no hwehwɛɛ sɛ ɔbɛnya nsɛm a ɛfata, na deɛ ɔtwerɛeɛ no yɛ pɛ na ɛyɛ nokorɛ nso.
11 ১১ জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়াৰ দ্বাৰাই দিয়া হৈছে।
Anyansafoɔ nsɛm te sɛ anantwikafoɔ mpea. Wɔn nsɛm a wɔaboa ano te sɛ nnadewa a wɔde abobɔ dua mu ma akɔ mu yie. Saa nsɛm yi nyinaa firi Odwanhwɛfoɔ baako nkyɛn.
12 ১২ হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।
Mebɔ wo kɔkɔ sɛ twe wo ho firi biribiara a ɛka yeinom ho, me babarima. Nwoma bebrebe atwerɛ nni awieeɛ, na ne sua pii no ma honam yɛ mmerɛ.
13 ১৩ সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
Afei ne nyinaa atɔ asom; nsɛm no awieeɛ nie: Suro Onyankopɔn na di nʼahyɛdeɛ so, na onipa asɛdeɛ nyinaa nie.
14 ১৪ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।
Onyankopɔn bɛbu adeyɛ biara atɛn, deɛ wɔayɛ asie nso ka ho, sɛ ɛyɛ papa anaa bɔne.