< উপদেশক 11 >
1 ১ তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
To wo burodo gu nsuo ani, na daakye bi wo nsa bɛka bio.
2 ২ তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
Kyekyɛ mu ma nnipa baason, mpo nnipa baawɔtwe, ɛfiri sɛ, wonnim amanehunu a ɛbɛba asase no so.
3 ৩ যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
Sɛ omununkum mu wɔ nsuo a, ɛtɔ gu asase so. Sɛ dua bi bu hwe anafoɔ fam anaa atifi fam a, deɛ ɛhweeɛ no, ɛhɔ ara na ɛbɛda.
4 ৪ যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।
Obiara a ɔtwɛn ewiem nsakraeɛ no rennua, na deɛ ɔhwɛ omununkum no nso rentwa.
5 ৫ বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
Sɛdeɛ wonhunu ɛkwan a mframa nam soɔ, anaa sɛdeɛ wɔnwono onipadua wɔ yafunu mu no, saa ara na worentumi nte Onyankopɔn nnwuma ase. Adeɛ nyinaa Yɛfoɔ no.
6 ৬ ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
Dua wʼaba anɔpa, na anwummerɛ nso ma wo nsa nna ho, na wonnim deɛ ɛbɛyɛ yie, sɛ yei anaa yei anaasɛ ebia mmienu no nyinaa bɛyɛ yie.
7 ৭ স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়
Hann yɛ fɛ; na ɛyɛ aniwa dɛ sɛ ɔhunu owia.
8 ৮ কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।
Mfeɛ dodoɔ a onipa bɛtena nkwa yi mu nyinaa ɛsɛ sɛ ɔnya ahotɔ. Nanso ɛsɛ sɛ ɔkae nnabɔne na ɛbɛdɔɔso. Biribiara a ɛbɛba no yɛ ahuhudeɛ.
9 ৯ হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।
Ma wʼani nnye, aberanteɛ, ɛberɛ a woyɛ ɔbabunu, ma wʼakoma mma wo anigyeɛ wɔ wo mmeranteberɛ mu. Di deɛ wʼakoma pɛ ne deɛ wʼaniwa hunu akyi, nanso hunu sɛ yeinom nyinaa ho Onyankopɔn de wo bɛba atemmuo mu.
10 ১০ এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।
Enti yi adwendwene biara firi wʼakoma mu na to ɔhaw biara a ɛwɔ wo mu no gu, ɛfiri sɛ mmeranteyɛ ne ahoɔden yɛ ahuhudeɛ.