< উপদেশক 10 >

1 যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়।
Од мртвих мува усмрди се и поквари уље апотекарско, тако од мало лудости цена мудрости и слави.
2 জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে।
Срце је мудром с десне стране, а лудом је с леве стране.
3 বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
Безумник и кад иде путем, без разума је и казује свима да је безуман.
4 অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
Ако се подигне на те гнев оног који влада, не остављај место своје, јер благост уклања велике грехе.
5 অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
Има зло које видех под сунцем, као погрешка која долази од владаоца:
6 অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
Лудост се посађује на највише место, и богати седе на ниском месту.
7 মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
Видех слуге на коњима, а кнезови иду пешице, као слуге.
8 যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
Ко јаму копа, у њу ће пасти, и ко разваљује ограду, ујешће га змија.
9 যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
Ко одмиче камење, удариће се о њих, ко цепа дрва, није миран од њих.
10 ১০ কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
Кад се затупи гвожђе и оштрице му се не наоштре, тада треба више снаге; али мудрост може боље поправити.
11 ১১ মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
Ако уједе змија пре бајања, ништа неће помоћи бајач.
12 ১২ জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
Речи из уста мудрог љупке су, а безумног прождиру усне његове.
13 ১৩ অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
Почетак је речима уста његових лудост, а свршетак говору његовом зло безумље.
14 ১৪ অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
Јер луди много говори, а човек не зна шта ће бити; и ко ће му казати шта ће после њега бити?
15 ১৫ অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
Луде мори труд њихов, јер не знају ни у град отићи.
16 ১৬ দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
Тешко теби, земљо, кад ти је цар дете и кнезови твоји рано једу!
17 ১৭ কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে।
Благо теби, земљо, кад ти је цар племенит и кнезови твоји једу на време да се поткрепе, а не да се опију.
18 ১৮ এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।
С лењости угибље се кров и с немарних руку прокапљује кућа.
19 ১৯ আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
Ради весеља готове се гозбе, и вино весели живе, а новци врше све.
20 ২০ ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।
Ни у мисли својој не псуј цара, ни у клети, у којој спаваш, не псуј богатог, јер птица небеска однеће глас и шта крила има доказаће реч.

< উপদেশক 10 >