< উপদেশক 10 >
1 ১ যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়।
Halált hozó légy büzhödtté, erjedővé teszi a kenőcskeverőnek olaját; nyomósabb bölcseségnél, dicsőségnél egy kevés balgaság.
2 ২ জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে।
A bölcsnek szive jobbja felől van, és a balgának szíve balja felől.
3 ৩ বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
Az úton is, a midőn a balgatag jár, hiányzik a szíve, és mindenkinek azt mondja, hogy balgatag ő.
4 ৪ অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
Ha az uralkodónak indulata fölgerjed ellened, helyedet el ne hagyd, mert a szelídség nagy vétségeket enyhít.
5 ৫ অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
Van egy baj, melyet láttam a nap alatt, – mint egy tévedés, mely a hatalmastól ered:
6 ৬ অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
a balgaság nagy magasságba helyeztetett, míg a gazdagok alacsonyságban ülnek.
7 ৭ মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
Szolgákat láttam lovakon, míg vezérek a földön jártak, miként szolgák.
8 ৮ যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
A ki vermet ás, belé esik; s a ki falat áttör, azt kígyó marja meg.
9 ৯ যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
A ki köveket szakít ki, megsérül általuk, a ki fát hasogat, veszélyeztetik általa.
10 ১০ কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
Ha megtompult a vas s ő nem köszörülte meg az élét, akkor meg kell feszíteni az erőt, s ügyes eljárás nyereségét a bölcseség adja.
11 ১১ মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
Ha mar a kígyó, nem lévén igézés, akkor nincsen nyeresége a nyelv emberének.
12 ১২ জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
A bölcs szájának szavai csupa kellem, de a balgának ajkai megrontják őt;
13 ১৩ অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
szája szavainak kezdete balgaság, szájának vége pedig gonosz eszelősség.
14 ১৪ অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
S a balgatag szaporítja a szókat; nem tudja az ember azt, a mi lesz, és ahogy lesz ő utána, ki mondhatja meg neki?
15 ১৫ অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
A balgának fáradsága kifárasztja őt, a ki nem tud a városba menni.
16 ১৬ দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
Jaj neked ország, te melynek királya gyermek, míg vezéreid reggel étkeznek!
17 ১৭ কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে।
Boldog vagy ország, te melynek királya nemesek fia, míg vezéreid a maga idején étkeznek – erőben és nem ivásban.
18 ১৮ এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।
Renyheség folytán sülyed a gerendázat és a kezek tunyasága folytán csepeg a ház.
19 ১৯ আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
Vígságra készítenek lakomát és a bor megörvendezteti az életet; a pénz módot ad mindenre.
20 ২০ ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।
Még gondolatodban se átkozd a királyt és hálóazobáidban se átkozd a gazdagot; mert az ég madara elviszi a hangot és a szárnyas tudtúl adja a szót.