< উপদেশক 1 >
1 ১ দায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা।
Las palabras del Predicador, hijo de David, rey en Jerusalén:
2 ২ উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ।
“Vanidad de vanidades”, dice el Predicador; “Vanidad de vanidades, todo es vanidad”.
3 ৩ সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ?
¿Qué gana el hombre con todo el trabajo que realiza bajo el sol?
4 ৪ এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰকাল থাকে।
Una generación va, y otra viene; pero la tierra permanece para siempre.
5 ৫ সূৰ্য উদয় হয়, সূর্য অস্ত যায়; বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়।
También el sol sale, y el sol se pone, y se apresura a su lugar de origen.
6 ৬ বতাহ দক্ষিণ দিশলৈ বয়, আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়; এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে, আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে।
El viento va hacia el sur y se vuelve hacia el norte. Se gira continuamente mientras va, y el viento vuelve de nuevo a sus cauces.
7 ৭ সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূর্ণ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে।
Todos los ríos desembocan en el mar, pero el mar no está lleno. Al lugar donde fluyen los ríos, allí vuelven a fluir.
8 ৮ সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য। চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়; কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়।
Todas las cosas están llenas de cansancio que no se puede expresar. El ojo no se sacia de ver, ni el oído se llena de oír.
9 ৯ যি হৈ গ’ল, সেয়ে পুনৰ হ’ব; যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব; সূৰ্যৰ তলত নতুন একোৱেই নাই।
Lo que ha sido es lo que será, y lo que se ha hecho es lo que se hará; y no hay nada nuevo bajo el sol.
10 ১০ এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে, ‘চোৱা এইটো নতুন’? যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।
¿Hay algo de lo que se pueda decir: “He aquí, esto es nuevo”? Hace mucho tiempo, en los tiempos que nos precedieron.
11 ১১ অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই; অনেক পাছত যি ঘটিছিল, আৰু ভৱিষ্যতেও যি যি হ’ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব।”
No hay memoria de lo primero, ni habrá memoria de lo segundo que ha de venir, entre los que vendrán después.
12 ১২ মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ।
Yo, el Predicador, era rey sobre Israel en Jerusalén.
13 ১৩ আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ।
Aplicaba mi corazón a buscar y escudriñar con sabiduría todo lo que se hace bajo el cielo. Es una pesada carga que Dios ha dado a los hijos de los hombres para que se aflijan con ella.
14 ১৪ সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।
He visto todas las obras que se hacen bajo el sol; y he aquí que todo es vanidad y una persecución del viento.
15 ১৫ যি বেঁকা তাক পোন কৰিব নোৱাৰি! যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য!
Lo que está torcido no se puede enderezar, y lo que falta no se puede contar.
16 ১৬ মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।”
Me dije a mí mismo: “He aquí que he obtenido para mí una gran sabiduría por encima de todos los que fueron antes de mí en Jerusalén. Sí, mi corazón ha tenido gran experiencia de sabiduría y conocimiento”.
17 ১৭ তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Aplicaba mi corazón a conocer la sabiduría y a conocer la locura y la insensatez. Percibí que esto también era una persecución del viento.
18 ১৮ কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।
Porque en la mucha sabiduría hay mucho dolor; y el que aumenta el conocimiento, aumenta el dolor.