< দ্বিতীয় বিবরণ 1 >

1 মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল, লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
यर्दन नदीको बेँसीको मैदानमा सुपको सामुन्‍ने अराबामा पारान, तोफेल, लाबान, हसेरोत र दीसाहाबका बिचमा यर्दनपारिको उजाड-स्थानमा मोशाले सबै इस्राएलीलाई दिएका वचन यिनै हुन् ।
2 হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
होरेबदेखि सेइर पर्वतको बाटो भएर कादेश-बर्नेसम्म पुग्‍न एघार दिन लाग्छ ।
3 ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
चालिसौँ वर्षको एघारौँ महिनाको पहिलो दिनमा मोशाले इस्राएलका सबै मानिसलाई परमप्रभुले तिनीहरूको बारेमा मोशालाई आज्ञा गर्नुभएका सबै कुरा तिनले तिनीहरूलाई बताइदिए ।
4 যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
हेश्बोनमा बस्‍ने एमोरीहरूका राजा सीहोन र एद्रईको अस्तारोतमा बस्‍ने बाशानका राजा ओगलाई परमप्रभुले आक्रमण गर्नुभएपछि यो भएको थियो ।
5 বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।
यर्दनपारि मोआब देशमा मोशाले यी निर्देशनहरू दिन थाले,
6 তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
“परमप्रभु हाम्रा परमेश्‍वर यसो भन्दै होरेबमा हामीसित बोल्नुभयो, 'तिमीहरू यस डाँडामा बसेको धेरै भइसकेको छ ।
7 এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।
आफ्नो यात्रा सुरु गरी एमोरीहरूको पहाडी देश र त्यसका छेउछाउका सबै ठाउँ अर्थात् यर्दन नदीको बेँसीको मैदान, पहाडी देश, तराई, नेगेव र समुद्रीतटमा कनानीहरूको देश र लेबनान र महानदी यूफ्रेटिससम्म जाओ ।
8 শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”
हेर, मैले यो देश तिमीहरूको सामु राखिदिएको छु । परमप्रभुले तिमीहरूका पिता-पुर्खाहरू अर्थात् अब्राहाम, इसहाक र याकूबसित तिनीहरू र तिनीहरूका सन्तानहरूलाई दिने प्रतिज्ञा गर्नुभएको देशमा गएर यसलाई कब्जा गर ।'
9 সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
त्यस बेला मैले तिमीहरूलाई यसो भनेँ, 'म एक्लै तिमीहरूलाई अगुवाइ गर्न सक्दिनँ ।
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
परमप्रभु तिमीहरूका परमेश्‍वरले तिमीहरूको वृद्धि गराउनुभएको छ, अब हेर आज तिमीहरू आकाशका तारापुञ्‍जजस्तै धेरै भएका छौ ।
11 ১১ আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।
परमप्रभु तिमीहरूका पिता-पुर्खाका परमेश्‍वरले आफूले प्रतिज्ञा गरेअनुसार तिमीहरूलाई हजारौँ गुणा वृद्धि गरी तिमीहरूलाई आशिष् दिनुभएको होस् ।
12 ১২ কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
तर म आफैले मात्र कसरी तिमीहरूका भार, तिमीहरूका बोझ र तिमीहरूका झगडाहरू बोक्‍न सक्छु?
13 ১৩ আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
हरेक कुलबाट बुद्धिमान् मानिसहरू, समझशक्ति भएकाहरू र असल नाम चलेकाहरूलाई छान र म तिनीहरूलाई तिमीहरूका नायक नियुक्त गर्ने छु ।'
14 ১৪ আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
तिमीहरूले जवाफ दिई मलाई भन्यौ, 'तपाईंले भन्‍नुभएको कुरो हाम्रो निम्ति असल छ ।'
15 ১৫ সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
त्यसैले मैले तिमीहरूका कुलहरूबाट मुख्य मानिसहरू, बुद्धिमान् मानिसहरू, असल नाउँ चलेकाहरूलाई छानी तिनीहरूलाई तिमीहरूका नायक बनाएँ ताकि तिनीहरूले कुल-कुलअनुसार हजार, सय, पचास र दसको रेखदेख गरून् ।
16 ১৬ আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।
त्यस बेला मैले तिमीहरूका न्यायकर्ताहरूलाई यसो भनी आज्ञा दिएँ, 'तिमीहरूका दाजुभाइहरूका बिचमा भएको झगडालाई सुनी कुनै मानिस, भाइ र तिमीहरूका परदेशीको बिचमा धार्मिकतापूर्वक न्याय गर ।
17 ১৭ বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
झगदा हुँदा कसैको पक्षपात नगर । साना-ठुला दुवैको कुरामा समान रूपमा ध्यान देओ । मानिसको अनुहारदेखि नडराओ किनकि न्याय परमेश्‍वरको हो । तिमीहरूले मिलाउन नसक्‍ने झगडा मकहाँ ल्याओ र म त्यो सुन्‍ने छु ।'
18 ১৮ আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।
तिमीहरूले गर्नुपर्ने सबै कुरा मैले त्यस बेला नै तिमीहरूलाई आज्ञा गरेको थिएँ ।
19 ১৯ ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
हामी होरेबबाट यात्रा गरी परमप्रभु हाम्रा परमेश्‍वरले हामीलाई आज्ञा गर्नुभएअनुसार तिमीहरूले देखेका विशाल र डरलाग्दो उजाड-स्थानबाट भएर एमोरीहरूको पहाडी देशतर्फ जाने बाटो लाग्यौँ अनि हामी कादेश-बर्ने आइपुग्यौँ ।
20 ২০ তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
मैले तिमीहरूलाई भनेँ, 'तिमीहरू एमोरीहरूको पहाडी देशमा आइपुगेका छौ जुन देश परमप्रभु हाम्रा परमेश्‍वरले हामीलाई दिँदै हुनुहुन्छ ।
21 ২১ চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
हेर, परमप्रभु तिमीहरूका परमेश्‍वरले यो देश तिमीहरूका सामु राखिदिनुभएको छ । तिमीहरूका पिता-पुर्खाका परमप्रभु परमेश्‍वरले तिमीहरूलाई आज्ञा गर्नुभएअनुसार माथि उक्लेर यसको अधिकार गर । नडराओ, न त निरुत्साहित होओ ।'
22 ২২ তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
तिमीहरू हरेक मकहाँ आएर भन्यौ, 'हामीभन्दा अगिअगि मानिसहरू पठाऔँ ताकि तिनीहरूले हाम्रो निम्ति त्यस देशको भेद लिई हामीले त्यस देशलाई कसरी आक्रमण गर्नुपर्छ र हामी कुन-कुन सहरमा आइपुग्‍नुपर्ने हो भन्‍ने बारेमा तिनीहरूले बताऊन् ।'
23 ২৩ আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
त्यो सल्लाहले मलाई ज्यादै खुसी पार्‍यो । मैले तिमीहरूमध्ये हरेक कुलबाट एक-एक गरी बाह्र जना मानिस छानेँ ।
24 ২৪ তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
तिनीहरू पहाडी देशमा गए । तिनीहरू एश्कोलको बेँसीमा पुगी यसको जासुसी गरे ।
25 ২৫ তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
तिनीहरूले आ-आफ्ना हातमा त्यस देशका केही उत्पादनहरू हामीकहाँ ल्याए । तिनीहरूले हामीकहाँ यस्तो समाचार पनि ल्याए, 'परमप्रभु हाम्रा परमेश्‍वरले हामीलाई दिन लाग्‍नुभएको यो देश असल छ ।'
26 ২৬ কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।
तर तिमीहरूले आक्रमण गर्न इन्कार गरी परमप्रभु तिमीहरूका परमेश्‍वरको आज्ञाको विरुद्धमा गयौ ।
27 ২৭ আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
तिमीहरूका पालहरूमा गनगन गर्दै तिमीहरूले भन्यौ, “परमप्रभुले हामीलाई घृणा गर्नुभएको छ । त्यसैले, एमोरीहरूको हातमा सुम्पी हामीलाई नष्‍ट गर्न उहाँले हामीलाई मिश्र देशबाट बाहिर ल्याउनुभएको छ ।
28 ২৮ এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
अब हामी कहाँ जाने? हाम्रा दाजुभाइहरूले यसो भनी हामीलाई निराश बनाएका छन्, 'ती मानिसहरू हामीभन्दा ठुला र अग्ला छन् । तिनीहरूका सहरहरू विशाल छन् र आकाशसम्मै पर्खाल लगाइएका छन् । त्यस बाहेक, त्यहाँ हामीले अनाकीहरूका सन्तानहरूलाई पनि देखेका छौँ' ।”
29 ২৯ তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
तब मैले तिमीहरूलाई भनेँ, 'भयभीत नहोओ, न त तिनीहरूदेखि डराओ ।
30 ৩০ আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
तिमीहरूका अगिअगि जानुहुने तिमीहरूका परमप्रभु परमेश्‍वर नै तिमीहरूका पक्षमा लड्नुहुने छ जस्तो तिमीहरूकै आँखाका सामुन्‍ने मिश्रमा तिमीहरूका निम्ति उहाँले गर्नुभएको थियो ।
31 ৩১ পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
तिमीहरू यस ठाउँमा नआइपुगुञ्‍जेलसम्म बुबाले आफ्नो छोरोलाई बोकेजस्तै उजाड-स्थानसाथै हरेक ठाउँमा परमप्रभु तिमीहरूका परमेश्‍वरले तिमीहरूलाई बोक्‍नुभएको तिमीहरूले देखेकै छौ ।'
32 ৩২ তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।
यस वचनका बाबजुत पनि तिमीहरूले परमप्रभु तिमीहरूका परमेश्‍वरमा विश्‍वास गरेनौ
33 ৩৩ যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
जो रातमा आगो र दिनमा बादल बनेर तिमीहरूलाई छाउनी बनाउने ठाउँ पत्ता लगाउन तिमीहरूका अगिअगि जानुभयो ।
34 ৩৪ আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,
परमप्रभुले तिमीहरूको आवाज सुन्‍नुभयो र उहाँ रिसाउनुभयो । उहाँले शपथ खाएर भन्‍नुभयो,
35 ৩৫ “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
'निश्‍चय नै यो दुष्‍ट पुस्ताको एउटै मान्छेले पनि मैले तिमीहरूका पिता-पुर्खाहरूलाई दिन्छु भनेको असल देश देख्‍ने छैन ।
36 ৩৬ কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”
तर यपुन्‍नेका छोरा कालेबले यो देश देख्‍नेछ । त्यसले पूर्ण रूपमा परमप्रभुलाई पछ्याएकोले म त्यसलाई र त्यसका सन्तानहरूलाई त्यसले पाइला टेकेको यो देश दिने छु ।'
37 ৩৭ আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
तिमीहरूका कारणले परमप्रभु मसित पनि रिसाउनुभयो, 'तँ पनि त्यहाँ जाने छैनस् ।
38 ৩৮ কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।
मेरो सामु खडा हुने नूनका छोरा यहोशू त्यहाँ जाने छ । त्यसलाई उत्साह दे किनकि त्यसले यस देशको कब्जा गर्न इस्राएललाई अगुवाइ गर्नेछ ।
39 ৩৯ তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
यस बाहेक, तेरा स-साना बालबालिकाहरू जसको विषयमा तैँले तिनीहरू सिकार हुने छन् भनी बताएको थिइस्, जससित आज असल र खराबको ज्ञान छैन, तिनीहरू नै त्यहाँ जाने छन् । तिनीहरूलाई म यो देश दिने छु र तिनीहरूले यसको अधिकार गर्ने छन् ।
40 ৪০ কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
तर तिमीहरू भने फर्केर उजाड-स्थानको बाटो हुँदै नर्कटहरूको समुद्रको दिशातर्फ जाओ ।'
41 ৪১ যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।
तब तिमीहरूले मलाई जवाफ दियौ, 'हामीले परमप्रभुको विरुद्धमा पाप गरेका छौँ । हामी माथि उक्लेर लडाइँ गर्ने छौँ, र परमप्रभु हाम्रा परमेश्‍वरले हामीलाई गर्नू भनी आज्ञा दिनुभएका सबै कुरा हामी गर्नेछौँ । तिमीहरूका बिचमा भएका हरेक पुरुषले आ-आफ्नो हतियार उठाएर त्यस पहाडी देशलाई आक्रमण गर्न तयार भयौ ।
42 ৪২ তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
परमप्रभुले मलाई भन्‍नुभयो, 'तिनीहरूलाई भन्, “आक्रमण नगर्; लडाइँ नगर् किनकि म तिमीहरूसँग हुने छैनँ, र तिमीहरू आफ्ना शत्रुहरूद्वारा पराजित हुने छौ ।'
43 ৪৩ মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।
मैले तिमीहरूलाई यसरी नै भनेँ, तर तिमीहरूले मेरो कुरा सुनेनौ । तिमीहरू परमप्रभुको आज्ञाको विरुद्धमा गयौ । तिमीहरू हठी भयौ र त्यस पहाडी देशलाई आक्रमण गर्न गयौ ।
44 ৪৪ সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।
तर त्यस पहाडी देशमा बस्‍ने एमोरीहरू तिमीहरूको विरुद्धमा आएर तिमीहरूलाई मौरीलाई झैँ लखेटे अनि सेइरदेखि होर्मासम्मै तिमीहरूलाई प्रहार गरे ।
45 ৪৫ তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
तिमीहरू फर्केर पमरप्रभुको सामु रोयौ । तर पमरप्रभुले तिमीहरूको रुवाइ सुन्‍नुभएन, न त उहाँले तिमीहरूलाई ध्यानै दिनुभयो ।
46 ৪৬ এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।
त्यसैले तिमीहरू कादेशमा धेरै दिनसम्म बस्यौ । तिमीहरूले त्यहाँ पुरै दिनहरू बितायौ ।

< দ্বিতীয় বিবরণ 1 >