< দ্বিতীয় বিবরণ 9 >
1 ১ হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
Ouve, ó Israel, hoje passarás o Jordão, para entrar a possuir nações maiores e mais fortes do que tu; cidades grandes, e muradas até aos céus;
2 ২ সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
Um povo grande e alto, filhos de gigantes, que tu conheces, e de que já ouvistes: Quem pararia diante dos filhos dos gigantes?
3 ৩ কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।
Sabe pois hoje que o Senhor teu Deus, que passa diante de ti, é um fogo que consome, que os destruirá, e os derrubará de diante de ti: e tu os lançarás fora, e cedo os desfarás, como o Senhor te tem dito.
4 ৪ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।
Quando pois o Senhor teu Deus os lançar fora de diante de ti, não fales no teu coração, dizendo: Por causa da minha justiça é que o Senhor me trouxe a esta terra para a possuir: porque pela impiedade destas nações é que o Senhor as lança fora, diante de ti.
5 ৫ আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
Não é por causa da tua justiça, nem pela retidão do teu coração que entras a possuir a sua terra, mas pela impiedade destas nações o Senhor teu Deus as lança fora, de diante de ti; e para confirmar a palavra que o Senhor teu Deus jurou a teus pais, Abraão, Isaac e Jacob.
6 ৬ এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।
Sabe pois que não é por causa da tua justiça que o Senhor teu Deus te dá esta boa terra para possui-la, pois tu és povo obstinado.
7 ৭ আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
Lembra-te, e não te esqueças, de que muito provocaste a ira ao Senhor teu Deus no deserto; desde o dia em que saístes do Egito, até que chegastes a esse lugar, rebeldes fostes contra o Senhor;
8 ৮ হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।
Pois em Horeb tanto provocastes à ira o Senhor, que se acendeu contra vós para vos destruir.
9 ৯ যি সময়ত যিহোৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ। তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।
Subindo eu ao monte a receber as tábuas de pedra, as tábuas do concerto que o Senhor fizera convosco, então fiquei no monte quarenta dias e quarenta noites; pão não comi, e água não bebi;
10 ১০ যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
E o Senhor me deu as duas tábuas de pedra, escritas com o dedo de Deus; e nelas tinha escrito conforme a todas aquelas palavras que o Senhor tinha falado convosco no monte, do meio do fogo, no dia da congregação.
11 ১১ সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।
Sucedeu pois que ao fim dos quarenta dias e quarenta noites, o Senhor me deu as duas tábuas de pedra, as tábuas do concerto.
12 ১২ যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”
E o Senhor me disse: Levanta-te, desce depressa daqui, porque o teu povo, que tiraste do Egito, já se tem corrompido: cedo se desviaram do caminho que eu lhes tinha ordenado: imagem de fundição para si fizeram.
13 ১৩ যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোকসকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।
Falou-me mais o Senhor, dizendo: atentei para este povo, e eis que ele é povo obstinado:
14 ১৪ তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”
Deixa-me que os destrua, e apague o seu nome de debaixo dos céus: e te faça a ti nação mais poderosa e mais numerosa do que esta.
15 ১৫ সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।
Então virei-me, e desci do monte; e o monte ardia em fogo e as duas tábuas do concerto estavam em ambas as minhas mãos.
16 ১৬ তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।
E olhei, e eis que havieis pecado contra o Senhor vosso Deus; vós tinheis feito um bezerro de fundição: cedo vos desviastes do caminho que o Senhor vos ordenara.
17 ১৭ তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ; আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ।
Então peguei das duas tábuas, e as arrojei de ambas as minhas mãos, e as quebrei aos vossos olhos.
18 ১৮ যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।
E me lancei perante o Senhor; como de antes, quarenta dias e quarenta noites não comi pão e não bebi água, por causa de todo o vosso pecado que havieis pecado, fazendo mal aos olhos do Senhor, para o provocar à ira
19 ১৯ যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।
Porque temi por causa da ira e do furor, com que o Senhor tanto estava irado contra vós, para vos destruir: porém ainda por esta vez o Senhor me ouviu.
20 ২০ ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
Também o Senhor se irou muito contra Aarão para o destruir; mas também orei por Aarão ao mesmo tempo.
21 ২১ মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
Porém eu tomei o vosso pecado, o bezerro que tinheis feito, e o queimei a fogo, e o pisei, moendo-o bem, até que se desfez em pó: e o seu pó lancei no ribeiro que descia do monte.
22 ২২ ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত আপোনালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিল।
Também em Taberah, e em Massah, e em Quibroth-hattaava provocastes muito a ira do Senhor.
23 ২৩ তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।
Quando também o Senhor vos enviou desde Cades-barnea, dizendo: Subi, e possui a terra, que vos tenho dado: rebeldes fostes ao mandado do Senhor vosso Deus, e não o crestes, e não obedecestes à sua voz.
24 ২৪ মই যেতিয়াৰে পৰা আপোনালোকক জানিছোঁ, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।
Rebeldes fostes contra o Senhor desde o dia em que vos conheci.
25 ২৫ যিহোৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।
E prostrei-me perante o Senhor aqueles quarenta dias e quarenta noites em que estava prostrado; porquanto o Senhor dissera que vos queria destruir.
26 ২৬ মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
E eu orei ao Senhor, dizendo: Senhor Deus, não destruas o teu povo e a tua herança, que resgataste com a tua grandeza, que tiraste do Egito com mão forte.
27 ২৭ তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
Lembra-te dos teus servos, Abraão, Isaac, e Jacob: não atentes para a dureza deste povo, nem para a sua impiedade, nem para o seu pecado:
28 ২৮ কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
Para que o povo da terra de onde nos tiraste não diga: Porquanto o Senhor os não pode introduzir na terra de que lhes tinha falado, e porque os aborrecia, os tirou para os matar no deserto:
29 ২৯ কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”
Todavia são eles o teu povo e a tua herança, que tu tiraste com a tua grande força e com o teu braço estendido.