< দ্বিতীয় বিবরণ 9 >

1 হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
“O! Israel, see. Èle Yɔdan tɔsisi la tso ge egbe, eye nàde asi dukɔ siwo le tɔsisi la godo la nyanya me. Dukɔ mawo tri akɔ, eye wosẽ wu wò! Woɖo gli kɔkɔwo ƒo xlã woƒe duwo.
2 সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
Anak ƒe viwo, ame siwo nye ame dzɔatsuwo, eye dukɔ aɖeke mate ŋu anɔ te ɖe wo nu o la le wo dome.
3 কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।
Ke Yehowa, wò Mawu la anɔ ŋgɔ na wò abe dzo si fiaa nu ene be yeatsrɔ̃ wo ale be nàte ŋu aɖu wo dzi kaba, eye nànya wo ɖa le anyigba la dzi.
4 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।
“Ne Yehowa miaƒe Mawu wɔ esia na wò la, mègagblɔ na ɖokuiwò be, ‘Yehowae ve nunye, elabena menye ame dzɔdzɔe o.’ Mele nenema o. Dukɔ kemɛwo ƒe vɔ̃ɖivɔ̃ɖi tae Yehowa le esia wɔ ge ɖo.
5 আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
Menye esi mienye ame nyui dzɔdzɔewo tae Yehowa anya wo ɖa le mia ŋgɔ ɖo o! Megale egblɔm na mi be, dukɔ kemɛwo ƒe vɔ̃ɖivɔ̃ɖi tae hekpe ɖe Yehowa miaƒe Mawu ƒe ŋugbe si wòdo na mia fofowo, Abraham, Isak kple Yakob ŋu ta koe.
6 এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।
Megale egblɔm ake be, Yehowa, miaƒe Mawu la mele anyigba nyui sia tsɔm na mi le miaƒe nyonyo ta o, elabena mienyo o. Mienye dukɔ vɔ̃ɖi kple kɔlialiatɔwo.”
7 আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
Migaŋlɔ be o, ke boŋ miɖo ŋku ale si miedo dɔmedzoe na Yehowa, miaƒe Mawu la enuenu le gbedzi, tso gbe si gbe miedzo le Egipte va se ɖe fifia dzi. Miedze aglã ɖe eŋu le ɣeyiɣi siawo katã me.
8 হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।
Mieɖo ŋku ale si miedo dɔmedzoe nɛ le Horeb to la gbɔ dzi oa? Enɔ klalo be yeatsrɔ̃ mi.
9 যি সময়ত যিহোৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ। তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।
Menɔ toa dzi ɣe ma ɣi, eye menɔ nubabla si Yehowa wɔ kpli mi, si nye kpe siwo dzi wòŋlɔ seawo ɖo la xɔm. Menɔ afi ma ŋkeke blaene kple zã blaene. Nyemeɖu naneke le ɣeyiɣi ma katã me o. Nyemeno tsi gɔ̃ hã o.
10 ১০ যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
Yehowa tsɔ kpe kpakpa eve siwo dzi Mawu tsɔ eƒe asibidɛ ŋlɔ nu ɖo la nam. Se siwo katã Yehowa de na mí le toa dzi to dzo me le miaƒe takpegbe la le wo dzi.
11 ১১ সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।
Le ŋkeke blaeneawo kple zã blaeneawo ƒe nuwuwu la, Yehowa tsɔ kpe kpakpa eveawo, nubabla ƒe kpe kpakpawo nam.
12 ১২ যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”
Egblɔ nam be maɖi yi anyigba kaba, elabena dukɔ si mekplɔ tso Egipte la gblẽ kɔ ɖo na eɖokui; eɖe asi le Mawu ƒe seawo ŋu kaba, eye wòlolõ ga hetsɔ wɔ legbae.
13 ১৩ যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোকসকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।
Tete Yehowa gblɔ nam be, “Mekpɔe be dukɔ sia nye ame kɔlialiatɔwo sɔŋ.
14 ১৪ তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”
Ɖe asi le ŋunye matsrɔ̃ wo, matutu woƒe ŋkɔwo ɖa le dziƒoa te, eye mawɔ wò boŋ wò dzidzimeviwo woazu dukɔ si akpɔ ŋusẽ, eye wòalolo wu Israel.”
15 ১৫ সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।
Metrɔ gbɔ tso to bibi la dzi le esime melé kpe eve siwo dzi Mawu ŋlɔ eƒe seawo ɖo la ɖe asi.
16 ১৬ তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।
Le toa te la, mekpɔ nyivi si miewɔ le miaƒe nu vɔ̃ si miewɔ ɖe Yehowa miaƒe Mawu ŋu me. Miegbugbɔ le Yehowa yome kaba ŋutɔ!
17 ১৭ তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ; আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ।
Esia ta metsɔ kpe eveawo do ɖe dzi, eye mexlã wo ɖe anyi sesĩe! Megbã wo le mia ŋkume!
18 ১৮ যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।
Le esia megbe la, meganɔ Yehowa ŋkume ŋkeke blaene kple zã blaene numaɖumaɖu, tsimanomano, elabena miewɔ nu si Yehowa lé fui wu nu sia nu, eye miena wòdo dɔmedzoe vevie ŋutɔ.
19 ১৯ যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।
Mevɔ̃ ɖe mia nu ŋutɔŋutɔ, elabena Yehowa ɖo vevie be yeatsrɔ̃ mi. Ke egaɖo tom ɣe ma ɣi hã.
20 ২০ ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
Aron ɖo xaxa gã aɖe me, elabena Yehowa do dɔmedzoe ɖe eŋu ŋutɔ. Ke medo gbe ɖa, eye Yehowa kpɔ nublanui nɛ.
21 ২১ মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
Metsɔ miaƒe nu vɔ̃ si nye nyivi si miewɔ la, medee dzo me, tui memie wòzu ʋuʋudedi, eye metsɔ ʋuʋudedi la kɔ ɖe tɔʋu si dzɔ tso toa dzi la me.
22 ২২ ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত আপোনালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিল।
Miegado dɔmedzoe na Yehowa le Tabera, emegbe le Masa, eyome le Kibrot Hatava.
23 ২৩ তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।
Le Kades Barnea la, esi Yehowa gblɔ na mi be miage ɖe anyigba si wòtsɔ na mi dzi la, miedze aglã ɖe eŋuti, eye miexɔe se be akpe ɖe mia ŋu o. Miegbe toɖoɖoe.
24 ২৪ মই যেতিয়াৰে পৰা আপোনালোকক জানিছোঁ, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।
Ɛ̃, mienɔ aglã dzem ɖe Yehowa ŋu tso gbe si gbe ke menya mi,
25 ২৫ যিহোৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।
eya ta metsyɔ mo anyi ɖe Yehowa ŋkume ŋkeke blaene kple zã blaene mawo me esime Yehowa di be yeatsrɔ̃ mi.
26 ২৬ মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
“Medo gbe ɖa na Yehowa be, Aƒetɔ Yehowa, mègatsrɔ̃ wò ŋutɔ wò amewo o. Wò ŋutɔ wò domenyinu si nèɖe kple wò ŋusẽ triakɔ, eye nèɖe wo tso Egipte kple asi sesẽ.
27 ২৭ তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
Ɖo ŋku wò dɔlawo, Abraham, Isak kple Yakob dzi. Mègaɖo ŋku ame siawo ƒe kɔlialia kple woƒe vɔ̃ɖivɔ̃ɖi kple woƒe nu vɔ̃wo dzi o.
28 ২৮ কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
Ne menye nenema o la, dukɔ si me nèkplɔ mí do go tso la agblɔ be, ‘Esi Yehowa mete ŋu kplɔ wo yi anyigba si ƒe ŋugbe wòdo na wo dzi o, eye esi wòlé fu wo ta la, ekplɔ wo do goe be yeawu wo le gbedzi.’
29 ২৯ কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”
Wò amewo kple wò domenyilawo wonye, ame siwo nètsɔ wò ŋusẽ triakɔ kple abɔ sesẽ la kplɔ tso Egipte.”

< দ্বিতীয় বিবরণ 9 >