< দ্বিতীয় বিবরণ 8 >
1 ১ আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে।
Alle de Bud, jeg i Dag pålægger dig, skal I omhyggeligt handle efter, for at I må blive i Live og blive mangfoldige og komme ind og tage det Land i Besiddelse, som HERREN tilsvor eders Fædre.
2 ২ আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
Og du skal komme i Hu, hvorledes HERREN din Gud i disse fyrretyve År har ført dig i Ørkenen for at ydmyge dig og sætte dig på Prøve og for at se, hvad der boede i dit Hjerte, om du vilde holde hans Bud eller ej.
3 ৩ ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
Han ydmygede dig og lod dig sulte og gav dig så Manna at spise, en Føde, som hverken du eller dine Fædre før kendte til, for at lade dig vide, at Mennesket ikke lever af Brød alene; men ved alt, hvad der udgår af HERRENs Mund, lever Mennesket.
4 ৪ এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল।
Dine klæder blev ikke slidt af Kroppen på dig, og dine Fødder hovnede ikke i disse fyrretyve År:
5 ৫ এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
Så vid da og tag dig til Hjerte, at HERREN optugter dig, som en Mand optugter sin Søn.
6 ৬ আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
Og hold HERREN din Guds Bud, så du vandrer på hans Veje og frygter ham.
7 ৭ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
Thi HERREN din Gud vil føre dig ind i et herligt Land, et Land med Vandbække, Kilder og Strømme, der vælder frem på Bjerg og Dal,
8 ৮ সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
et Land med Hvede og Byg, med Vinstokke, Figentræer og Granatæbletræer, et Land med Oliventræer og Honning,
9 ৯ সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।
et Land, hvor du ikke skal tære Fattigmands Brød, hvor du intet skal mangle, et Land, hvis Sten giver Jern, og i hvis Bjerge du kan hugge Kobber.
10 ১০ আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
Men når du så spiser dig mæt, skal du love HERREN din Gud for det herlige Land, han gav dig.
11 ১১ আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
Vogt dig for at glemme HERREN din Gud, så du ikke holder hans Bud, Lovbud og Anordninger, som jeg i Dag pålægger dig.
12 ১২ অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব।
Når du da spiser dig mæt og bygger gode Huse og bor i dem,
13 ১৩ যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
og dit Hornkvæg og Småkvæg øges, og dit Sølv og Guld øges, og alt, hvad du ejer, øges,
14 ১৪ তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
lad så ikke dit Hjerte blive hovmodigt, så du glemmer HERREN din Gud, som førte dig ud af Ægypten, af Trællehuset,
15 ১৫ তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
ham, som ledte dig i den store, grufulde Ørken med dens Giftslanger og Skorpioner og vandløse Ødemarker, ham, som lod Vand vælde frem til dig af den flinthårde Klippe,
16 ১৬ তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
ham, som i Ørkenen gav dig Manna at spise, som dine Fædre ikke kendte til, dig til Ydmygelse og Prøvelse, for i de kommende Dage at kunne gøre vel imod dig!
17 ১৭ আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
Og sig ikke ved dig selv: "Det er min egen Kraft og min egen Hånds Styrke, der har skaffet mig den Rigdom."
18 ১৮ কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
Men kom HERREN din Gud i Hu; thi ham er det, der giver dig Kraft til at vinde dig Rigdom for at stadfæste den Pagt, han tilsvor dine Fædre, således som det nu er sket.
19 ১৯ আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
Men hvis du glemmer HERREN din Gud og holder dig til andre Guder og dyrker og tilbeder dem, så vidner jeg for eder i Dag, at I skal gå til Grunde.
20 ২০ আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।
Som de Folk, HERREN lader gå til Grunde for eder, skal I gå til Grunde, til Straf for at I ikke vilde adlyde HERREN eders Gud!