< দ্বিতীয় বিবরণ 7 >
1 ১ আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
Zvino kana Jehovha Mwari wenyu akusvitsai munyika yamuri kupinda kuti ive yenyu akadzinga ndudzi zhinji pamberi penyu dzinoti: vaHiti, vaGirigashi, vaAmori, vaKenani vaPerizi, vaHivhi, navaJebhusi, ndudzi nomwe dzakakura uye dzakasimba kukupfuurai,
2 ২ তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
uye kana Jehovha Mwari wenyu akavaisa mumaoko enyu akavakunda, ipapo munofanira kuvaparadza zvachose. Musaita chibvumirano navo, uye musavanzwira tsitsi.
3 ৩ নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।
Musaroorerana navo. Musapa vanasikana venyu kuvanakomana vavo kana kutorera vanakomana venyu vanasikana vavo,
4 ৪ কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
nokuti vachatsausa vanakomana venyu kubva pakunditevera kuti vashumire vamwe vamwari, uye kutsamwa kwaJehovha kuchapisa pamusoro penyu uye achakuparadzai nokukurumidza.
5 ৫ বৰং আপোনালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিব; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাব, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাব।
Izvi ndizvo zvamunofanira kuvaitira: Putsai aritari dzavo, pwanyai matombo avo anoera, temai mapango avo aAshera mugopisa zvifananidzo zvavo.
6 ৬ কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
Nokuti muri rudzi rutsvene kuna Jehovha Mwari wenyu, Jehovha Mwari wenyu akakutsaurai kubva kundudzi dzose dziri panyika kuti muve vanhu vake, pfuma yake inokosha.
7 ৭ আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল।
Jehovha haana kukudai kana kukutsaurai nokuti makanga makawanda kupfuura dzimwe ndudzi nokuti imi makanga muri vashoma kwazvo pandudzi dzose.
8 ৮ কিন্তু যিহোৱাই আপোনালোকক প্ৰেম কৰে, আৰু আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেইবাবেই তেওঁ এক ক্ষমতাশালী হাতেৰে আপোনালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধনগৃহৰ পৰা উদ্ধাৰ কৰিলে।
Asi nokuda kwokuti Jehovha anokudai uye akachengeta mhiko yaakaita kumadzitateguru enyu nokuda kwaizvozvo akakubudisai noruoko rune simba uye akakudzikinurai kubva munyika youranda, kubva pasimba raFaro mambo weIjipiti.
9 ৯ এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
Naizvozvo zivai kuti Jehovha Mwari wenyu ndiMwari; iye ndiMwari akatendeka anochengeta sungano yake yorudo kusvikira kumarudzi ane chiuru chamarudzi kuna avo vanomuda uye vanochengeta mirayiro yake.
10 ১০ কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
Asi vaya vanomuvenga achatsiva pamberi pavo nokuparadza; haachazononoki kutsiva pamberi pavo ivo vaya vanomuvenga.
11 ১১ এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য কৰিব।
Naizvozvo, chenjerai kuti mutevere zvakarayirwa, mitemo nemirayiro yandinokupai nhasi.
12 ১২ যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব।
Kana mukanyatsoteerera mirayiro iyi uye mukachenjerera kuti muitevere, ipapo Jehovha Mwari wenyu achachengeta sungano yake yorudo nemi, sezvaakapika kumadzitateguru enyu.
13 ১৩ তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
Achakudai uye achakuropafadzai uye achakuwedzerai uwandu hwenyu. Acharopafadza zvibereko zvomuviri wako, zvirimwa zvomunda wako, zviyo zvako, waini itsva namafuta, mhuru dzemombe uye makwayana amapoka ako munyika iyo yaakapikira madzitateguru enyu, kuti achakupai.
14 ১৪ সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।
Mucharopafadzwa kupfuura mamwe marudzi ose, hapangavi nomurume kana mukadzi asingabereki, kana chipfuwo chipi zvacho chisingabereki.
15 ১৫ যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।
Jehovha achakuchengetedzai kubva pahosha dzose. Haangaisi pamusoro penyu hosha dzakaipisa dzamaiziva muIjipiti, asi achadziisa pamusoro paavo vose vanokuvengai.
16 ১৬ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতত যি সকলো জাতিক শোধাই দি জয়যুক্ত দিব, আপোনালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিব; তেওঁলোকলৈ আপোনালোকে কৃপা-দৃষ্টি নাৰাখিব; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিব, কিয়নো সেয়া আপোনালোকলৈ এক ফান্দস্বৰূপ হ’ব।
Munofanira kuparadza marudzi ose akaiswa mumaoko enyu naJehovha Mwari wenyu. Musavanzwira tsitsi uye musashumira vamwari vavo nokuti izvozvo zvichava musungo kwamuri.
17 ১৭ আপোনালোকে যদি নিজৰ মনতে ক’য়, যে, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?”
Mungati mumwoyo menyu, “Ndudzi idzi dzakasimba kutipfuura. Tingadzidzinga seiko?”
18 ১৮ কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব।
Hamufaniri kuvatya; nyatsorangarirai zvakaitwa naJehovha Mwari wenyu kuna Faro neIjipiti yose.
19 ১৯ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
Makazviona nameso enyu matambudziko makuru, zviratidzo nezvishamiso, ruoko rune simba uye rwakatambanudzwa urwo Jehovha Mwari wenyu akakubudisai narwo. Jehovha Mwari wenyu achaita zvimwe chetezvo kumarudzi aya ose amava kutya zvino.
20 ২০ ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক আপোনালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব।
Pamusoro pezvo Jehovha Mwari achatumira mago pakati pavo kusvikira kunyange nevachasara vari vapenyu vakavanda kubva kwamuri vaparadzwa.
21 ২১ আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।
Musatyiswa navo, nokuti Jehovha Mwari wenyu, ari pakati penyu ndiMwari mukuru anotyisa.
22 ২২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে আপোনালোকে একেলগে পৰাস্ত নকৰিব, কাৰণ তেনে কৰিলে আপোনালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব।
Jehovha Mwari wenyu achadzinga ndudzi idzi kubva pamberi penyu, zvishoma nezvishoma. Hamungatenderwi kuvaparadza vose kamwe chete, kuti zvikara zvesango zvirege kuwanda munzvimbo dzakakupoteredzai.
23 ২৩ কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত আপোনালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব।
Asi Jehovha Mwari wenyu achavapa kwamuri, achivakanganisa zvikuru kusvikira vaparadzwa.
24 ২৪ তেওঁলোকৰ ৰজাসকলক আপোনালোকৰ হাতত শোধাই দিব; তাতে আপোনালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে তেওঁলোকক বিনষ্ট নকৰে মানে আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।
Achaisa madzimambo avo muruoko rwenyu, uye achabvisa mazita avo pasi pedenga. Hapana achagona kumira pamberi penyu; muchavaparadza.
25 ২৫ আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
Zvifananidzo zvavamwari vavo munofanira kuzvipisa. Musachiva sirivha kana negoridhe riri pazviri, uye musaritora kuti rive renyu, nokuti ringava musungo kwamuri, nokuti rinonyangadza kuna Jehovha Mwari wenyu.
26 ২৬ আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।
Usauyisa chinhu chinonyangadza mumba mako, kuti iwe, saicho, urege kutsaurirwa kuparadzwa. Chiseme kwazvo ugochivenga, nokuti chinhu chakatsaurirwa kuparadzwa.