< দ্বিতীয় বিবরণ 7 >

1 আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
چون یهوه، خدایت، تو را به زمینی که برای تصرفش به آنجا می‌روی درآورد، وامتهای بسیار را که حتیان و جرجاشیان و اموریان و کنعانیان و فرزیان و حویان و یبوسیان، هفت امت بزرگتر و عظیم تر از تو باشند، از پیش تواخراج نماید.۱
2 তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
و چون یهوه خدایت، ایشان را به‌دست تو تسلیم نماید، و تو ایشان را مغلوب سازی، آنگاه ایشان را بالکل هلاک کن، و با ایشان عهد مبند و بر ایشان ترحم منما.۲
3 নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।
و با ایشان مصاهرت منما؛ دختر خود را به پسر ایشان مده، و دختر ایشان را برای پسر خود مگیر.۳
4 কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
زیراکه اولاد تو را از متابعت من برخواهند گردانید، تاخدایان غیر را عبادت نمایند، و غضب خداوندبرشما افروخته شده، شما را بزودی هلاک خواهد ساخت.۴
5 বৰং আপোনালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিব; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাব, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাব।
بلکه با ایشان چنین عمل نمایید؛ مذبحهای ایشان را منهدم سازید، وتمثالهای ایشان را بشکنید و اشیریم ایشان را قطع نمایید، و بتهای تراشیده ایشان را به آتش بسوزانید.۵
6 কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
زیرا که تو برای یهوه، خدایت، قوم مقدس هستی. یهوه خدایت تو را برگزیده است تااز جمیع قومهایی که بر روی زمین‌اند، قوم مخصوص برای خود او باشی.۶
7 আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল।
خداوند دل خود را با شما نبست و شما رابرنگزید از این سبب که از سایر قومها کثیرتربودید، زیرا که شما از همه قومها قلیلتر بودید.۷
8 কিন্তু যিহোৱাই আপোনালোকক প্ৰেম কৰে, আৰু আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেইবাবেই তেওঁ এক ক্ষমতাশালী হাতেৰে আপোনালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধনগৃহৰ পৰা উদ্ধাৰ কৰিলে।
لیکن از این جهت که خداوند شما را دوست می‌داشت، و می‌خواست قسم خود را که برای پدران شما خورده بود، بجا آورد، پس خداوند شما را با دست قوی بیرون آورد، و از خانه بندگی از دست فرعون، پادشاه مصر، فدیه داد.۸
9 এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
پس بدان که یهوه، خدای تو، اوست خدا، خدای امین که عهد و رحمت خود را با آنانی که او را دوست می‌دارند و اوامر او را بجا می‌آورند تا هزار پشت نگاه می‌دارد.۹
10 ১০ কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
و آنانی را که او را دشمن دارند، بر روی ایشان مکافات رسانیده، ایشان را هلاک می‌سازد. و به هرکه او را دشمن دارد، تاخیرننموده، او را بر رویش مکافات خواهد رسانید.۱۰
11 ১১ এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য কৰিব।
پس اوامر و فرایض و احکامی را که من امروزبه جهت عمل نمودن به تو امر می‌فرمایم نگاه دار.۱۱
12 ১২ যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব।
پس اگر این احکام را بشنوید و آنها را نگاه داشته، بجا آورید، آنگاه یهوه خدایت عهد ورحمت را که برای پدرانت قسم خورده است، باتو نگاه خواهد داشت.۱۲
13 ১৩ তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
و تو را دوست داشته، برکت خواهد داد، و خواهد افزود، و میوه بطن توو میوه زمین تو را و غله و شیره و روغن تو را ونتاج رمه تو را و بچه های گله تو را، در زمینی که برای پدرانت قسم خورد که به تو بدهد، برکت خواهد داد.۱۳
14 ১৪ সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।
از همه قومها مبارک تر خواهی شد، و در میان شما و بهایم شما، نر یا ماده، نازادنخواهد بود.۱۴
15 ১৫ যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।
و خداوند هر بیماری را از تو دورخواهد کرد، و هیچکدام از مرضهای بد مصر راکه می‌دانی، برتو عارض نخواهد گردانید، بلکه برتمامی دشمنانت آنها را خواهد آورد.۱۵
16 ১৬ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতত যি সকলো জাতিক শোধাই দি জয়যুক্ত দিব, আপোনালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিব; তেওঁলোকলৈ আপোনালোকে কৃপা-দৃষ্টি নাৰাখিব; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিব, কিয়নো সেয়া আপোনালোকলৈ এক ফান্দস্বৰূপ হ’ব।
وتمامی قومها را که یهوه بدست تو تسلیم می‌کندهلاک ساخته، چشم تو برآنها ترحم ننماید، وخدایان ایشان را عبادت منما، مبادا برای تو دام باشد.۱۶
17 ১৭ আপোনালোকে যদি নিজৰ মনতে ক’য়, যে, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?”
و اگر در دلت گویی که این قومها از من زیاده‌اند، چگونه توانم ایشان را اخراج نمایم؟۱۷
18 ১৮ কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব।
از ایشان مترس بلکه آنچه را یهوه خدایت بافرعون و جمیع مصریان کرد، نیکو بیاد آور.۱۸
19 ১৯ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
یعنی تجربه های عظیمی را که چشمانت دیده است، و آیات و معجزات و دست قوی و بازوی دراز را که یهوه، خدایت، تو را به آنها بیرون آورد. پس یهوه، خدایت، با همه قومهایی که از آنهامی ترسی، چنین خواهد کرد.۱۹
20 ২০ ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক আপোনালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব।
و یهوه خدایت نیز زنبورها در میان ایشان خواهد فرستاد، تاباقی ماندگان و پنهان شدگان ایشان از حضور توهلاک شوند.۲۰
21 ২১ আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।
از ایشان مترس زیرا یهوه خدایت که در میان توست، خدای عظیم و مهیب است.۲۱
22 ২২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে আপোনালোকে একেলগে পৰাস্ত নকৰিব, কাৰণ তেনে কৰিলে আপোনালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব।
و یهوه، خدایت، این قومها را از حضورتو به تدریج اخراج خواهد نمود، ایشان را بزودی نمی توانی تلف نمایی مبادا وحوش صحرا برتوزیاد شوند.۲۲
23 ২৩ কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত আপোনালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব।
لیکن یهوه خدایت، ایشان را به‌دست تو تسلیم خواهد کرد، و ایشان را به اضطراب عظیمی پریشان خواهد نمود تا هلاک شوند.۲۳
24 ২৪ তেওঁলোকৰ ৰজাসকলক আপোনালোকৰ হাতত শোধাই দিব; তাতে আপোনালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে তেওঁলোকক বিনষ্ট নকৰে মানে আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।
و ملوک ایشان را بدست تو تسلیم خواهد نمود، تا نام ایشان را از زیر آسمان محوسازی، و کسی یارای مقاومت با تو نخواهدداشت تا ایشان را هلاک سازی.۲۴
25 ২৫ আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
و تمثالهای خدایان ایشان را به آتش بسوزانید، به نقره وطلایی که بر آنهاست، طمع مورز، و برای خودمگیر، مبادا از آنها به دام گرفتار شوی، چونکه نزد یهوه، خدای تو، مکروه است.۲۵
26 ২৬ আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।
و چیزمکروه را به خانه خود میاور، مبادا مثل آن حرام شوی، از آن نهایت نفرت و کراهت دار چونکه حرام است.۲۶

< দ্বিতীয় বিবরণ 7 >