< দ্বিতীয় বিবরণ 6 >

1 আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
Sasa haya ni maagizo, amri, na sheria ambazo Yahwe Mungu wetu ameniamuru mimi kuwafundisha ninyi, ili kwamba muweze kuzishika katika nchi ambayo mnaenda ng'ambo ya pili ya Yordani kumiliki,
2 আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
ili kwamba mpate kumheshimu Yahwe wenu, ili muzishike amri zake zote na maagizo ninayowaamuru-ninyi, wana wenu na wana wa wana wenu, siku zenu zote za maisha, ili kwamba siku zenu ziongezeke.
3 সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Kwa hiyo wasikilizeni, Israeli, na kuzishika ili kwamba iweze kuwa vizuri kwenu, ili kusudi muweze kuzidi mno kwenye nchi itiririkayo maziwa na asali, kama Yahwe Mungu wa Baba zenu, amewaahidi atafanya.
4 হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
Sikiliza, Israel: Yahwe Mungu wetu ni mmoja.
5 আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Mtampenda Yahwe Mungu wenu kwa moyo wenu wote, kwa roho zenu zote, na kwa akili zenu zote.
6 আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
Maneno ninayowaamuru ninyi leo yatakuwa katika moyo wenu;
7 আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
na mtayafundisha kwa bidii kwa watoto wenu, mtayazungumza wakati mkaapo katika nyumba zenu, wakati mlalapo, na wakati mwinukapo.
8 আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
Utazifunga kama ishara juu ya mkono wako, nayo yatakuwa utepe kati ya macho yako.
9 আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
Utaziandika kwenye miimo ya mlango ya nyumba yako na kwenye malango.
10 ১০ আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
Wakati Yahwe Mungu wako akuleta kwenye nchi ambayo aliaapa kwa baba zako, Ibrahimu, Isaka, na Yakobo, kwamba angekupa, pamoja na miji mikubwa na mizuri ambayo hamkuijenga,
11 ১১ এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
na nyumba zilizojaa kila aina ya vitu vizuri ambavyo hamkuzifanya, visima ambavyo hamkuvichimba, mashamba na miti ya mizeituni ambayo hamkuipanda, mtakula na kutosheka-
12 ১২ কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
basi iweni makini ili kwamba msije kumsahau Yahwe, aliyewaleta toka nchi ya Misri, toka nyumba ya utumwa.
13 ১৩ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
Mtamheshimu Yahwe Mungu wenu, yeye mtamwabudu, na mtaapa kwa jina lake.
14 ১৪ আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
Hamtawaendea miungu mingine, miungu ya watu wanaowazunguka wote-
15 ১৫ কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
kwa kuwa Yahwe Mungu wenu katikati yenu ni Mungu wa wivu- kama mtafanya, hasira ya Yahwe Mungu wenu atawasha dhidi yenu na atawaangamiza kutoka kwenye uso wa dunia.
16 ১৬ আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
Hamtamjaribu Yahwe Mungu wenu kama mlivyomjaribu huko Massah.
17 ১৭ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
Kwa bidii mtayashika maagizo ya Yahwe Mungu wenu, maagizo yake makini, na amri ambazo amewaamuru.
18 ১৮ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
Mtafanya kile kilicho sahihi na kizuri katika macho ya Yahwe, kwamba iwe vizuri kwenu, na kwamba muweze kuingia na kumiliki nchi nzuri ambayo Yahwe aliaapa kwa baba zenu,
19 ১৯ যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
kuwaondoa maadui zenu wote mbele zenu, kama Yahwe alivyosema.
20 ২০ ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
Wakati mwana wako auliza kwa wakati unaokuja, kusema,”Ni zipi amri za gano, sheria, na amri zingine ambazo Yahwe Mungu wetu alituamuru?
21 ২১ তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
Basi utasema kwa mwana wako, tulikuwa watumwa wa Farao huko Misri, Yahwe alitutoa Misri kwa mkono wa uweza,
22 ২২ ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
na alionesha ishara na maajabu, makuu na makali, Misri kwa Farao, na kwa nyumba yake yote, mbele ya macho yenu,
23 ২৩ সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
na alitutoa kutoka huko, ili kwamba atulete ndani, kutupa nchi ambayo aliaapa kwa baba zetu.
24 ২৪ আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
Yahwe alituamuru daima kuzishika amri hizi, kumuogopa Yahwe Mungu wetu kwa uzuri wetu, ili kwamba atuweke hai, kama tulivyo leo.
25 ২৫ আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
Kama tutashika maagizo haya yote mbele ya Yahwe Mungu wetu kama alivyotuamuru, hii itakuwa haki yetu.

< দ্বিতীয় বিবরণ 6 >