< দ্বিতীয় বিবরণ 6 >
1 ১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
Haya ndiyo maagizo, amri na sheria ambazo Bwana Mungu wenu aliniagiza niwafundishe ninyi ili mpate kuyashika katika nchi ambayo ninyi mnavuka Yordani kuimiliki,
2 ২ আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
ili kwamba ninyi, watoto wenu na watoto wao baada yao wamche Bwana Mungu wenu siku zote kwa kushika amri na maagizo yake yote ninayowapa, ili mweze kuyafurahia maisha marefu.
3 ৩ সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Sikia, ee Israeli, nawe uwe mwangalifu kutii ili upate kufanikiwa na kuongezeka sana katika nchi itiririkayo maziwa na asali, kama Bwana, Mungu wa baba zenu, alivyowaahidi ninyi.
4 ৪ হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
Sikia, ee Israeli: Bwana Mungu wako, Bwana ni mmoja.
5 ৫ আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Mpende Bwana Mungu wako kwa moyo wako wote, na kwa roho yako yote, na kwa nguvu zako zote.
6 ৬ আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
Amri hizi ninazokupa leo zitakuwa katika moyo wako.
7 ৭ আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
Wafundishe watoto wako kwa bidii. Nena kuhusu amri hizi uketipo nyumbani na wakati utembeapo njiani, ulalapo na uamkapo.
8 ৮ আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
Zifunge kama alama juu ya mkono wako, na uzifunge juu ya paji la uso wako.
9 ৯ আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
Ziandike kwenye miimo ya milango ya nyumba yako na juu ya malango yako.
10 ১০ আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
Wakati Bwana Mungu wako atakapokuleta katika nchi aliyowaapia baba zako, Abrahamu, Isaki na Yakobo, kukupa wewe, nchi kubwa, ina miji inayopendeza ambayo hukuijenga,
11 ১১ এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
nyumba zilizojaa vitu vizuri vya aina nyingi ambavyo hukuvijaza, visima ambavyo hukuchimba, na mashamba ya mizabibu na mizeituni ambayo hukupanda wewe, basi, utakapokula na kushiba,
12 ১২ কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
jihadhari usije ukamwacha Bwana, aliyekutoa katika nchi ya Misri, kutoka nchi ya utumwa.
13 ১৩ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
Utamcha Bwana Mungu wako, na umtumikie yeye peke yake na kuapa kwa jina lake.
14 ১৪ আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
Usifuate miungu mingine, miungu ya mataifa yanayokuzunguka;
15 ১৫ কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
kwa kuwa Bwana Mungu wako, ambaye yuko katikati yako, ni Mungu mwenye wivu na hasira yake itawaka dhidi yako, naye atakuangamiza kutoka uso wa nchi.
16 ১৬ আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
Usimjaribu Bwana Mungu wako kama ulivyofanya huko Masa.
17 ১৭ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
Utayashika maagizo ya Bwana Mungu wako kwa bidii, na masharti na amri alizokupa.
18 ১৮ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
Fanya lililo haki na jema mbele za Bwana, ili upate kufanikiwa, uweze kuingia na kuimiliki nchi nzuri ambayo Bwana aliahidi kwa kiapo kwa baba zako,
19 ১৯ যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
kuwafukuza kwa nguvu adui zako mbele yako kama Bwana alivyosema.
20 ২০ ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
Siku zijazo, mtoto wako atakapokuuliza, “Ni nini maana ya masharti haya, amri na sheria hizi ambazo Bwana Mungu wako alikuagiza wewe?”
21 ২১ তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
Mwambie: “Tulikuwa watumwa wa Farao huko Misri, lakini Bwana alitutoa sisi kutoka Misri kwa mkono wenye nguvu.
22 ২২ ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
Bwana akapeleka mbele yetu ishara za miujiza na maajabu makubwa na ya kutisha mno juu ya Misri na Farao pamoja na nyumba yake yote.
23 ২৩ সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
Lakini Mungu akatutoa huko, akatuleta na kutupa nchi hii ambayo aliwaahidi baba zetu kwa kiapo.
24 ২৪ আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
Bwana akatuagiza tutii amri hizi zote na kumcha Bwana Mungu wetu, ili tupate kustawi na kuendelea kuwa hai kama ilivyo leo.
25 ২৫ আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
Kama tukizitii kwa bidii amri hizi zote mbele za Bwana Mungu wetu, kama alivyotuamuru sisi, hiyo itakuwa haki yetu.”