< দ্বিতীয় বিবরণ 6 >
1 ১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
A ovo su zapovijesti i uredbe i zakoni, koje Gospod Bog vaš zapovjedi da vas uèim da ih tvorite u zemlji u koju idete da je naslijedite,
2 ২ আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
Da bi se bojao Gospoda Boga svojega držeæi sve uredbe njegove i zapovijesti njegove, koje ti ja zapovijedam, ti i sin tvoj i unuk tvoj svega vijeka svojega, da bi ti se produljili dani tvoji.
3 ৩ সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Èuj dakle, Izrailju, i gledaj da tako èiniš, da bi ti dobro bilo i da biste se umnožili veoma u zemlji u kojoj teèe mlijeko i med, kao što ti je rekao Gospod Bog otaca tvojih.
4 ৪ হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
Èuj, Izrailju: Gospod je Bog naš jedini Gospod.
5 ৫ আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Zato ljubi Gospoda Boga svojega iz svega srca svojega i iz sve duše svoje i iz sve snage svoje.
6 ৬ আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
I neka ove rijeèi koje ti ja zapovijedam danas budu u srcu tvom.
7 ৭ আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
I èesto ih napominji sinovima svojim, i govori o njima kad sjediš u kuæi svojoj i kad ideš putem, kad liježeš i kad ustaješ.
8 ৮ আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
I veži ih sebi na ruku za znak, i neka ti budu kao poèeonik meðu oèima.
9 ৯ আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
I napiši ih na dovratnicima od kuæe svoje i na vratima svojim.
10 ১০ আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
A kad te uvede Gospod Bog tvoj u zemlju za koju se zakleo ocima tvojim, Avramu, Isaku i Jakovu, da æe ti je dati, u gradove velike i dobre, kojih nijesi zidao,
11 ১১ এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
I kuæe pune svakoga dobra, kojih nijesi punio, i na studence iskopane, kojih nijesi kopao, u vinograde i u maslinike, kojih nijesi sadio, i staneš jesti i nasitiš se,
12 ১২ কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
Èuvaj se da ne zaboraviš Gospoda, koji te je izveo iz zemlje Misirske, iz kuæe ropske.
13 ১৩ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
Gospoda Boga svojega boj se, i njemu služi, i njegovim se imenom kuni.
14 ১৪ আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
Ne idite za drugim bogovima izmeðu bogova drugih naroda, koji su oko vas.
15 ১৫ কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
Jer je Bog revnitelj, Gospod Bog tvoj, usred tebe, pa da se ne bi razgnjevio Gospod Bog tvoj na te i istrijebio te sa zemlje.
16 ১৬ আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
Nemojte kušati Gospoda Boga svojega kao što ga kušaste u Masi.
17 ১৭ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
Držite dobro zapovijesti Gospoda Boga svojega i svjedoèanstva njegova i uredbe njegove, koje ti je zapovjedio,
18 ১৮ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
I èini što je pravo i dobro pred Gospodom, da bi ti bilo dobro i da bi ušao u dobru zemlju, za koju se zakleo Gospod ocima tvojim, i da bi je naslijedio,
19 ১৯ যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
Da bi otjerao sve neprijatelje tvoje ispred tebe, kao što ti je rekao Gospod.
20 ২০ ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
Pa kad te zapita poslije sin tvoj govoreæi: kakva su to svjedoèanstva i uredbe i zakoni, što vam je zapovjedio Gospod Bog naš?
21 ২১ তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
Onda kaži sinu svojemu: bijasmo robovi Faraonovi u Misiru, i izvede nas Gospod iz Misira rukom krjepkom,
22 ২২ ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
I uèini Gospod znake i èudesa velika i zla u Misiru na Faraonu i na svemu domu njegovu pred nama,
23 ২৩ সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
A nas izvede odande da nas uvede u zemlju za koju se zakleo ocima našim da æe nam je dati.
24 ২৪ আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
I zapovjedi nam Gospod da vršimo sve ove uredbe bojeæi se Gospoda Boga svojega, da bi nam bilo dobro svagda i da bi nas saèuvao u životu, kao što se vidi danas.
25 ২৫ আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
I biæe nam pravda, ako uzdržimo i ustvorimo sve zapovijesti ove pred Gospodom Bogom svojim, kako nam je zapovjedio.