< দ্বিতীয় বিবরণ 6 >

1 আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
Magi e chike, buche kod weche ma Jehova Nyasaye ma Nyasachu ochika mondo apuonju kendo uritgi e piny ma ungʼado aora Jordan mondo ukaw.
2 আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
Chikegi omiu mondo un, nyithindu kod nyikwau oluor Jehova Nyasaye ma Nyasachu e ndalo duto mag ngimau kurito buchene gi chikene ma amiyou mondo omi udag amingʼa gi mor.
3 সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
Winjuru, yaye Israel, kendo beduru motangʼ kurito chikena mondo omi umedru e piny ma opongʼ gi chak kod mor kich, mana kaka Jehova Nyasaye ma Nyasach kwereu nosingorenu.
4 হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
Winjuru, yaye jo-Israel, Jehova Nyasaye ma Nyasachwa, en Jehova Nyasaye achiel.
5 আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Her Jehova Nyasaye ma Nyasachi gi chunyi duto kendo gi ngimani duto kendo gi tekoni duto.
6 আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
Chike mamiyou kawuono onego bed e chunyu.
7 আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
Ketgi e chuny nyithindu, wuo e wechego ka un e dala, ka uwuotho e bath yo, ka unindo kata ka uchungʼ.
8 আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
Twegiuru e ngʼut lweteu kaka ranyisi kendo bawgiuru e lela wengeu.
9 আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
Ndikgiuru ewi dhoutu kendo e rangeyeu.
10 ১০ আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
Ka Jehova Nyasaye ma Nyasachu okelou e piny mane osingore ne kwereu, ma Ibrahim, Isaka kod Jakobo ni nomiu. En piny maduongʼ, man-gi mier madongo mane ok ugero,
11 ১১ এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
udi mopongʼ kod gik moko duto mabeyo, mane ok uloso, sokni ma ne ok ukunyo kod puothe mag mzabibu gi yiend zeituni mane ok upidho. Ka usechiemo muyiengʼ
12 ১২ কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
to beduru motangʼ mondo kik wiu wil kod Jehova Nyasaye mane ogolou Misri; e piny mane unie wasumbini.
13 ১৩ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
Luor Jehova Nyasaye ma Nyasachi, en kende ema itine ka ikwongʼori mana gi nyinge owuon.
14 ১৪ আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
Kik uluw nyiseche mamoko ma gin nyiseche joma odak e dieru;
15 ১৫ কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
nimar Jehova Nyasaye ma Nyasachu modak e dieru en Nyasaye ma janyiego kendo mirimbe ochomou kendo obiro tiekou e wangʼ piny.
16 ১৬ আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
Kik utem Jehova Nyasaye ma Nyasachu kaka ne uteme ka un Masa.
17 ১৭ আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
Beduru gi adieri mar rito chike Jehova Nyasaye ma Nyasachu, kaka omiyou e chikene kod buchene.
18 ১৮ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
Timuru gima nikare e wangʼ Jehova Nyasaye mondo udhi maber e yoreu, mi udonji kendo kaw piny maber mane Jehova Nyasaye osingore ne kwereu kokwongʼore,
19 ১৯ যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
ni obiro riembonu wasiku duto e dieru mana kaka ne Jehova Nyasaye owacho.
20 ২০ ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
E kinde mabiro ka wuodi openji niya, “Weche, buche kod chike mane Jehova Nyasaye ma Nyasachwa omiyi, tiendgi en angʼo?”
21 ২১ তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
To iwachne niya, “Ne wan wasumb Farao e piny Misri, to Jehova Nyasaye ne ogolowa Misri gi teko maduongʼ.
22 ২২ ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
Ne waneno gi wengewa kaka Jehova Nyasaye notimo honni kod ranyisi madongo ne jo-Misri kod Farao gi ode duto.
23 ২৩ সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
To ne ogolowa kuno kokelowa e piny mane osingore ne kwerewa kokwongʼore ni nomiwa.
24 ২৪ আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
Jehova Nyasaye ne ochikowa mondo warit buchene duto kendo waluor Jehova Nyasaye ma Nyasachwa mondo wadhi maber ndalo duto mag ngimawa, mana kaka timorenwa kawuononi.
25 ২৫ আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
Kendo ka warito chikegi adimba ma Jehova Nyasaye ma Nyasachwa miyowa kaka osechikowa, mano nobednwa kaka tim makare.”

< দ্বিতীয় বিবরণ 6 >