< দ্বিতীয় বিবরণ 5 >

1 তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
ויקרא משה אל כל ישראל ויאמר אלהם שמע ישראל את החקים ואת המשפטים אשר אנכי דבר באזניכם היום ולמדתם אתם ושמרתם לעשתם
2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
יהוה אלהינו כרת עמנו ברית--בחרב
3 যিহোৱাই আমাৰ পূর্ব–পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
לא את אבתינו כרת יהוה את הברית הזאת כי אתנו אנחנו אלה פה היום כלנו חיים
4 যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
פנים בפנים דבר יהוה עמכם בהר--מתוך האש
5 সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
אנכי עמד בין יהוה וביניכם בעת ההוא להגיד לכם את דבר יהוה כי יראתם מפני האש ולא עליתם בהר לאמר
6 ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
אנכי יהוה אלהיך אשר הוצאתיך מארץ מצרים מבית עבדים לא יהיה לך אלהים אחרים על פני
7 মোৰ আগত আন কোনো দেৱতা নাথাকক।
לא תעשה לך פסל כל תמונה אשר בשמים ממעל ואשר בארץ מתחת--ואשר במים מתחת לארץ
8 তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
לא תשתחוה להם ולא תעבדם כי אנכי יהוה אלהיך אל קנא--פקד עון אבות על בנים ועל שלשים ועל רבעים לשנאי
9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
ועשה חסד לאלפים--לאהבי ולשמרי מצותו (מצותי)
10 ১০ কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
לא תשא את שם יהוה אלהיך לשוא כי לא ינקה יהוה את אשר ישא את שמו לשוא
11 ১১ তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
שמור את יום השבת לקדשו כאשר צוך יהוה אלהיך
12 ১২ তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
ששת ימים תעבד ועשית כל מלאכתך
13 ১৩ সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
ויום השביעי--שבת ליהוה אלהיך לא תעשה כל מלאכה אתה ובנך ובתך ועבדך ואמתך ושורך וחמרך וכל בהמתך וגרך אשר בשעריך--למען ינוח עבדך ואמתך כמוך
14 ১৪ কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
וזכרת כי עבד היית בארץ מצרים ויצאך יהוה אלהיך משם ביד חזקה ובזרע נטויה על כן צוך יהוה אלהיך לעשות את יום השבת
15 ১৫ সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
כבד את אביך ואת אמך כאשר צוך יהוה אלהיך--למען יאריכן ימיך ולמען ייטב לך על האדמה אשר יהוה אלהיך נתן לך
16 ১৬ নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
לא תרצח ולא תנאף ולא תגנב ולא תענה ברעך עד שוא
17 ১৭ তোমালোকে নৰবধ নকৰিবা।
ולא תחמד אשת רעך ולא תתאוה בית רעך שדהו ועבדו ואמתו שורו וחמרו וכל אשר לרעך
18 ১৮ তোমালোকে ব্যভিচাৰ নকৰিবা।
את הדברים האלה דבר יהוה אל כל קהלכם בהר מתוך האש הענן והערפל--קול גדול ולא יסף ויכתבם על שני לחת אבנים ויתנם אלי
19 ১৯ তোমালোকে চুৰ নকৰিবা।
ויהי כשמעכם את הקול מתוך החשך וההר בער באש ותקרבון אלי כל ראשי שבטיכם וזקניכם
20 ২০ তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
ותאמרו הן הראנו יהוה אלהינו את כבדו ואת גדלו ואת קלו שמענו מתוך האש היום הזה ראינו כי ידבר אלהים את האדם וחי
21 ২১ আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
ועתה למה נמות כי תאכלנו האש הגדלה הזאת אם יספים אנחנו לשמע את קול יהוה אלהינו עוד--ומתנו
22 ২২ এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
כי מי כל בשר אשר שמע קול אלהים חיים מדבר מתוך האש כמנו--ויחי
23 ২৩ সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল
קרב אתה ושמע את כל אשר יאמר יהוה אלהינו ואת תדבר אלינו את כל אשר ידבר יהוה אלהינו אליך--ושמענו ועשינו
24 ২৪ আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
וישמע יהוה את קול דבריכם בדברכם אלי ויאמר יהוה אלי שמעתי את קול דברי העם הזה אשר דברו אליך--היטיבו כל אשר דברו
25 ২৫ কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
מי יתן והיה לבבם זה להם ליראה אתי ולשמר את כל מצותי--כל הימים למען ייטב להם ולבניהם לעלם
26 ২৬ মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
לך אמר להם שובו לכם לאהליכם
27 ২৭ আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
ואתה פה עמד עמדי ואדברה אליך את כל המצוה והחקים והמשפטים אשר תלמדם ועשו בארץ אשר אנכי נתן להם לרשתה
28 ২৮ এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
ושמרתם לעשות כאשר צוה יהוה אלהיכם אתכם לא תסרו ימין ושמאל
29 ২৯ মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
בכל הדרך אשר צוה יהוה אלהיכם אתכם--תלכו למען תחיון וטוב לכם והארכתם ימים בארץ אשר תירשון
30 ৩০ তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
31 ৩১ কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
32 ৩২ এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
33 ৩৩ আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”

< দ্বিতীয় বিবরণ 5 >