< দ্বিতীয় বিবরণ 5 >

1 তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
Musa ya tattara dukan Isra’ila ya ce, Ku ji, ya Isra’ila, ƙa’idodi da dokokin da na furta a kunnuwanku a yau. Ku koye su, ku kuma tabbata kun bi su.
2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
Ubangiji Allahnmu ya yi alkawari da mu a Horeb.
3 যিহোৱাই আমাৰ পূর্ব–পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
Ba da kakanninmu ba ne Ubangiji ya yi wannan alkawari, amma da mu ne, da dukanmu waɗanda muke da rai a yau.
4 যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
Ubangiji ya yi magana fuska da fuska da ku daga wuta a kan dutse.
5 সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
(A wannan lokaci na tsaya tsakanin Ubangiji da ku, don in furta muku maganar Ubangiji, domin kun ji tsoron wutar, ba ku kuwa hau dutsen ba.) Ya ce,
6 ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
“Ni ne Ubangiji Allahnka, wanda ya fitar da ku daga Masar, daga ƙasar bauta.
7 মোৰ আগত আন কোনো দেৱতা নাথাকক।
“Ba za ka kasance da waɗansu alloli a gabana ba.
8 তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
Ba za ka yi wa kanka gunki, ko wata siffar abin da take a sama a bisa, ko siffar abin da yake a duniya a ƙasa, ko siffar abin da yake a cikin ruwa a ƙarƙashin ƙasa ba.
9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
Ba za ka rusuna musu, ko ka yi musu sujada ba. Gama Ni, Ubangiji Allahnka, Allah ne mai kishi, nakan hukunta’ya’ya saboda zunuban iyaye har tsara ta uku da ta huɗu na waɗanda suka ƙi ni.
10 ১০ কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
Amma nakan nuna ƙauna ga dubban tsararraki na waɗanda suke ƙaunata, suke kuma kiyaye dokokina.
11 ১১ তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
Ba za ka yi amfani da sunan Ubangiji Allahnka a banza ba, gama Ubangiji zai ba wa duk mai yin amfani da sunansa a banza laifi.
12 ১২ তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
Ka kiyaye ranar Asabbaci ta wurin kiyaye ta da tsarki, yadda Ubangiji Allahnka ya umarce ka.
13 ১৩ সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
Kwanaki shida za ka yi aiki, ka kuma yi dukan aikinka,
14 ১৪ কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
amma rana ta bakwai, Asabbaci ne ga Ubangiji Allahnka. A kanta ba za ka yi wani aiki ba, ko kai, ko ɗanka, ko’yarka, ko bawanka, ko baiwarka, ko saniyarka, ko jakinka, ko wani daga dabbobinka, ko baƙo a ƙofofinka, don bayinka maza da mata su ma su huta, kamar ka.
15 ১৫ সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
Ka tuna fa, dā kai bawa ne a ƙasar Masar amma Ubangiji Allahnka ya fitar da kai daga can da iko da kuma ƙarfi. Saboda haka Ubangiji Allahnka ya umarce ka ka kiyaye ranar Asabbaci.
16 ১৬ নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
Ka ba da girma ga mahaifinka da mahaifiyarka, yadda Ubangiji Allahnka ya umarce ka, don ka yi tsawon rai, ka kuma sami zaman lafiya a ƙasar da Ubangiji Allahnka yake ba ka.
17 ১৭ তোমালোকে নৰবধ নকৰিবা।
Kada ka yi kisankai.
18 ১৮ তোমালোকে ব্যভিচাৰ নকৰিবা।
Kada ka yi zina.
19 ১৯ তোমালোকে চুৰ নকৰিবা।
Kada ka yi sata.
20 ২০ তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
Kada ka ba da shaidar ƙarya a kan maƙwabcinka.
21 ২১ আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
Kada ka yi ƙyashin matar maƙwabcinka. Kada kuma ka yi sha’awar gidan maƙwabcinka, ko gonarsa, ko bayinsa maza da mata, ko saniyarka, ko jakinsa, ko dai wani abin da yake na maƙwabtanka.”
22 ২২ এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
Waɗannan su ne dokokin da Ubangiji ya furta da babbar murya ga taronku gaba ɗaya, a can dutse ta tsakiyar wuta, girgije da kuma baƙin duhu; bai kuma ƙara kome ba. Sa’an nan ya rubuta su a kan alluna biyu na dutse, ya kuma ba ni su.
23 ২৩ সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল
Sa’ad da kuka ji muryar daga duhu, yayinda dutsen yana cin wuta, dukan manyan kabilanku da dattawanku suka zo wurina.
24 ২৪ আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
Kuka kuma ce, “Ubangiji Allahnmu ya nuna mana ɗaukakarsa da zatinsa, mun kuma ji muryarsa a tsakiyar wutar. A yau mun ga cewa mutum zai iya rayu idan ma Allah ya yi magana da shi.
25 ২৫ কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
Amma yanzu, don me za mu mutu? Wannan wuta mai girma za tă cinye mu, za mu kuwa mutu in muka ci gaba da jin muryar Ubangiji Allahnmu.
26 ২৬ মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
Gama wanda ɗan adam ne ya taɓa jin muryar Allah mai rai yana magana daga wuta, kamar yadda muka ji, ya kuma tsira?
27 ২৭ আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
Kai, ka matsa kusa, ka saurara ga dukan abin da Ubangiji Allahnmu ya faɗa. Sa’an nan ka faɗa mana dukan abin da Ubangiji Allahnmu ya faɗa maka. Za mu saurara, mu kuma yi biyayya.”
28 ২৮ এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
Ubangiji ya ji ku, sa’ad da kuka yi magana da ni, sai Ubangiji ya ce mini, “Na ji abin da wannan mutane suka faɗa maka. Abin da suka faɗa daidai ne.
29 ২৯ মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
Kash, da a ce zukatansu za su zama masu tsorona, su kuma kiyaye dukan dokokina kullum mana, saboda kome yă zama da lafiya gare su, da kuma’ya’yansu har abada!
30 ৩০ তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
“Je, ka faɗa musu su koma tentunansu.
31 ৩১ কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
Kai kuwa ka tsaya a nan tare da ni saboda in ba ka umarnai, ƙa’idodi da kuma dokoki duka, da za ka koya musu don su bi a ƙasar da nake ba su, su mallaka.”
32 ৩২ এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
Sai ku yi hankali don ku yi abin da Ubangiji Allahnku ya umarce ku; kada ku juya dama ko hagu.
33 ৩৩ আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”
Ku yi tafiya cikin dukan hanyar da Ubangiji Allahnku ya umarce ku, saboda ku zauna, ku yi nasara, ku kuma yi tsawon rai a ƙasar da za ku mallaka.

< দ্বিতীয় বিবরণ 5 >