< দ্বিতীয় বিবরণ 4 >
1 ১ এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
Gbọ́ Israẹli, gbọ́ òfin àti ìlànà tí èmi yóò kọ́ ọ yín. Ẹ tẹ̀lé wọn kí ẹ ba à lè yè, kí ẹ ba à lè lọ láti gba ilẹ̀ tí Olúwa Ọlọ́run àwọn baba yín yóò fi fún un yín.
2 ২ মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
Ẹ má ṣe fi kún àwọn ohun tí mo pàṣẹ fún un yín, ẹ kò sì gbọdọ̀ yọ kúrò nínú wọn, ṣùgbọ́n ẹ pa òfin Olúwa Ọlọ́run yín tí mo fún un yín mọ́.
3 ৩ আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
Ẹ ti fi ojú ara yín rí ohun tí Olúwa ṣe ní Baali-Peori. Olúwa Ọlọ́run yín run gbogbo àwọn tí ó tẹ̀lé òrìṣà Baali-Peori kúrò ní àárín yín.
4 ৪ কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
Ṣùgbọ́n gbogbo ẹ̀yin tí ẹ gbẹ́kẹ̀lé Olúwa Ọlọ́run láìyẹsẹ̀ ni ẹ wà láààyè lónìí.
5 ৫ শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
Ẹ kíyèsi i, mo ti kọ́ ọ yín ní àwọn òfin àti àṣẹ bí Olúwa Ọlọ́run mi ti pàṣẹ fún mi, kí ẹ ba à le tẹ̀lé wọn ní ilẹ̀ náà tí ẹ ń lọ láti ní ní ìní.
6 ৬ আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
Ẹ máa kíyèsi wọn dáradára. Èyí ni yóò fi ọgbọ́n àti òye yín han àwọn orílẹ̀-èdè. Àwọn tí wọn yóò gbọ́ nípa àwọn ìlànà wọ̀nyí, tí wọn yóò sì máa wí pé, “Dájúdájú, orílẹ̀-èdè ńlá yìí kún fún ọgbọ́n àti òye.”
7 ৭ চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
Orílẹ̀-èdè olókìkí wo ni ọlọ́run wọn tún súnmọ́ wọn, bí Olúwa Ọlọ́run wa ti súnmọ́ wa nígbàkígbà tí a bá ń ké pè é?
8 ৮ মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
Orílẹ̀-èdè wo ló tún le lókìkí láti ní àwọn ìlànà òdodo, àti òfin gẹ́gẹ́ bí àwọn òfin wọ̀nyí tí mo ń gbé kalẹ̀ fún un yín lónìí.
9 ৯ যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
Kìkì i kí ẹ kíyèsára, kí ẹ sì ṣọ́ra a yín gidigidi kí ẹ má ba à gbàgbé àwọn ohun tí ojú yín ti rí, kí wọn má sì ṣe sá kúrò lóókan àyà yín níwọ̀n ìgbà tí ẹ sì wà láààyè. Ẹ máa fi wọ́n kọ́ àwọn ọmọ yín àti àwọn ọmọ wọn tí ń bọ̀ lẹ́yìn wọn.
10 ১০ যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
Ẹ rántí ọjọ́ tí ẹ dúró níwájú Olúwa Ọlọ́run yín ní Horebu, nígbà tí ó wí fún mi pé, “Kó àwọn ènìyàn wọ̀nyí jọ síwájú mi láti gbọ́ ọ̀rọ̀ mi, kí wọ́n lè kọ́ láti máa bu ọlá náà fún mi ní gbogbo ìgbà tí wọ́n bá gbé lórí ilẹ̀ náà, kí wọ́n sì le è fi wọ́n kọ́ àwọn ọmọ wọn.”
11 ১১ সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
Ẹ̀yin súnmọ́ tòsí, ẹ sì dúró ní ẹsẹ̀ òkè náà, òkè náà sì ń jóná dé agbede-méjì ọrun, pẹ̀lú òkùnkùn, àti àwọsánmọ̀, àti òkùnkùn biribiri.
12 ১২ সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
Olúwa sì bá yín sọ̀rọ̀ láti àárín iná náà wá. Ẹ gbọ́ àwọn ìró ohùn, ṣùgbọ́n ẹ kò rí ẹnikẹ́ni, ohùn nìkan ni ẹ gbọ́.
13 ১৩ তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
Ó sọ àwọn májẹ̀mú rẹ̀ fún un yín àní àwọn òfin mẹ́wẹ̀ẹ̀wá tí ó pàṣẹ fún un yín láti máa tẹ̀lé, ó sì kọ wọ́n sórí wàláà òkúta méjì.
14 ১৪ সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
Olúwa sì pàṣẹ fún mi nígbà náà láti kọ yín ní ìlànà àti ìdájọ, kí ẹ̀yin kí ó lè máa ṣe wọ́n ní ilẹ̀ náà, ní ibi tí ẹ̀yin ń lọ láti gbà á.
15 ১৫ যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
Ẹ kíyèsára gidigidi, torí pé, ẹ kò rí ìrísí ohunkóhun ní ọjọ́ tí Olúwa bá yín sọ̀rọ̀ ní Horebu láti àárín iná wá. Torí náà ẹ ṣọ́ra yín gidigidi,
16 ১৬ সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
kí ẹ ma ba à ba ara yín jẹ́ nípa ṣíṣe ère fún ara yín, àní ère lóríṣìíríṣìí yálà èyí tí ó ní ìrísí ọkùnrin tàbí tí obìnrin,
17 ১৭ পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
tàbí ti ẹranko orí ilẹ̀, tàbí ti ẹyẹ tí ń fò ní òfúrufú,
18 ১৮ নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
tàbí ti àwòrán onírúurú ẹ̀dá tí ń fà lórí ilẹ̀, tàbí ti ẹja nínú omi.
19 ১৯ আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
Bí ẹ bá wòkè tí ẹ rí oòrùn, òṣùpá àti àwọn ìràwọ̀: àwọn ohun tí a ṣe lọ́jọ̀ sójú ọ̀run, ẹ má ṣe jẹ́ kí wọ́n tàn yín jẹ dé bi pé ẹ̀yin yóò foríbalẹ̀ fún wọn, àti láti máa sin ohun tí Olúwa Ọlọ́run yín dá fún gbogbo orílẹ̀-èdè lábẹ́ ọ̀run.
20 ২০ যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Olúwa Ọlọ́run yín sì ti mú ẹ̀yin jáde kúrò nínú iná ìléru ńlá, àní ní Ejibiti, láti lè jẹ́ ènìyàn ìní i rẹ̀, bí ẹ̀yin ti jẹ́ báyìí.
21 ২১ তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
Inú Olúwa ru sí mi nítorí yín, ó sì ti búra pé èmi kì yóò la Jordani kọjá, èmi kì yóò sì wọ ilẹ̀ rere tí Olúwa Ọlọ́run fi fún un yín, ní ìní yín.
22 ২২ মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
Èmi yóò kú ní ilẹ̀ yìí, èmi kì yóò la Jordani kọjá, ṣùgbọ́n ẹ̀yin ti fẹ́ rékọjá sí òdìkejì odò láti gba ilẹ̀ rere náà.
23 ২৩ এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
Ẹ ṣọ́ra, kí ẹ má ṣe gbàgbé májẹ̀mú Olúwa Ọlọ́run yín tí ó ti bá a yín dá. Ẹ má ṣe ṣe ère ní ìrísí ohunkóhun fún ara yín, èèwọ̀ ni Olúwa Ọlọ́run yín kà á sí.
24 ২৪ কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
Torí pé iná ajónirun ni Olúwa Ọlọ́run yín, Ọlọ́run owú ni.
25 ২৫ যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
Lẹ́yìn ìgbà tí ẹ ti ní àwọn ọmọ àti àwọn ọmọ ọmọ, tí ẹ sì ti gbé ní ilẹ̀ yìí pẹ́, bí ẹ bá wá ba ara yín jẹ́ nípa ṣíṣe irú ère yówù tó jẹ́, tí ẹ sì ṣe búburú lójú Olúwa Ọlọ́run yín, tí ẹ sì mú un bínú.
26 ২৬ মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
Mo pe ọ̀run àti ayé láti jẹ́rìí takò yín lónìí, pé kíákíá ni ẹ ó parun ní ilẹ̀ náà tí ẹ ń la Jordani kọjá lọ láti gbà. Ẹ kò ní pẹ́ ní ilẹ̀ náà, ṣùgbọ́n ẹ̀yin yóò run pátápátá.
27 ২৭ যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
Olúwa yóò fọ́n yín ká sí àárín àwọn ènìyàn náà, àwọn díẹ̀ nínú yín ni yóò yè láàrín orílẹ̀-èdè tí Olúwa yóò fọ́n yín sí.
28 ২৮ সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
Ẹ ó sì máa sin ọlọ́run tí á fi ọwọ́ ènìyàn ṣe: tí wọ́n fi igi àti òkúta ṣe, èyí tí kò le ríran, gbọ́rọ̀, jẹun tàbí gbọ́ òórùn.
29 ২৯ কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
Bí ẹ̀yin bá wá Olúwa Ọlọ́run yín láti bẹ̀ ẹ́, ẹ ó ri i, bí ẹ bá wá a, pẹ̀lú gbogbo ọkàn yín àti gbogbo àyà a yín.
30 ৩০ যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
Bí ẹ bá wà nínú wàhálà, bí gbogbo nǹkan wọ̀nyí bá ṣẹlẹ̀ sí yín, láìpẹ́ ẹ ó tún padà tọ Olúwa Ọlọ́run yín wá, ẹ ó sì gbọ́ tirẹ̀.
31 ৩১ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
Nítorí pé Olúwa Ọlọ́run yín aláàánú ni, kò ní gbàgbé tàbí pa yín rẹ́ tàbí kó gbàgbé májẹ̀mú pẹ̀lú àwọn baba ńlá yín, èyí tí ó fi ìdí rẹ̀ múlẹ̀ nípa ìbúra.
32 ৩২ এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
Ẹ béèrè báyìí nípa ti àwọn ọjọ́ ìgbàanì ṣáájú kí a tó bí i yín, láti ìgbà tí Ọlọ́run ti dá ènìyàn sórí ilẹ̀ ayé. Ẹ béèrè láti igun ọ̀run kan sí èkejì. Ǹjẹ́ irú nǹkan olókìkí báyìí: ti ṣẹlẹ̀ rí? Ǹjẹ́ a ti gbọ́ irú u rẹ̀ rí?
33 ৩৩ আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
Ǹjẹ́ àwọn ènìyàn mìíràn tí ì gbọ́ ohùn Ọlọ́run rí, tí ó sọ̀rọ̀ jáde láti inú iná, gẹ́gẹ́ bí ẹ̀yin ti gbọ́ tí ẹ sì yè?
34 ৩৪ ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
Ǹjẹ́ Ọlọ́run kan ti gbìyànjú àti mú orílẹ̀-èdè kan jáde kúrò nínú òmíràn fúnra rẹ̀ rí, nípa ìdánwò, nípa iṣẹ́ àmì, àti iṣẹ́ ìyanu nípa ogun, tàbí nípa ọwọ́ agbára tàbí nína apá, àti nípa ẹ̀rù ńlá: gẹ́gẹ́ bí gbogbo èyí tí Olúwa Ọlọ́run yín ṣe fún un yín ní Ejibiti ní ojú ẹ̀yin tìkára yín?
35 ৩৫ যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
A fi gbogbo nǹkan wọ̀nyí hàn yín kí ẹ bá a lè gbà pé Olúwa ni Ọlọ́run. Kò sì sí ẹlòmíràn lẹ́yìn rẹ̀.
36 ৩৬ তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
Ó jẹ́ kí ẹ gbọ́ ohùn rẹ̀ láti ọ̀run wá, láti kọ́ ọ yín. Ní ayé, ó fi iná ńlá rẹ̀ hàn yín, ẹ sì gbọ́ ohùn rẹ̀ láti àárín iná wá,
37 ৩৭ কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
torí pé ó fẹ́ràn àwọn baba ńlá yín, ó sì yan àwọn ọmọ wọn ní ipò lẹ́yìn wọn. Nípa ìwà láààyè àti nípa agbára ńlá rẹ̀ ni ó fi mú un yín kúrò ní Ejibiti.
38 ৩৮ আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
Láti lé àwọn orílẹ̀-èdè tí ó tóbi tí ó sì lágbára níwájú yín; láti le è mú un yín wá sí ilẹ̀ wọn kí ẹ lè jogún rẹ̀ bí ó ti rí lónìí.
39 ৩৯ এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Ẹ gbà kí ẹ sì fi sọ́kàn lónìí pé Olúwa ni Ọlọ́run lókè ọ̀run lọ́hùn ún àti ní ilẹ̀ ní ìsàlẹ̀ níhìn-ín. Kò sí òmíràn mọ́.
40 ৪০ সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
Ẹ pa àwọn ìlànà àti àṣẹ rẹ̀ mọ́ tí mo ń fún un yín lónìí; kí ó ba à le è yẹ yín, kí ẹ̀yin sì le è pẹ́ ní ilẹ̀ tí Olúwa Ọlọ́run yín fún un yín ní gbogbo ìgbà.
41 ৪১ ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
Mose sì ya àwọn ìlú mẹ́ta kan sọ́tọ̀ ní apá ìwọ̀-oòrùn Jordani.
42 ৪২ সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
Kí apànìyàn kí ó lè máa sá síbẹ̀, tí ó bá ṣi ẹnìkejì rẹ̀ pa, tí kò sì kórìíra rẹ̀ tẹ́lẹ̀ rí, àti pé bí ó bá sá sí ọ̀kan nínú ìlú wọ̀nyí kí ó lè là.
43 ৪৩ সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
Àwọn ìlú mẹ́tẹ̀ẹ̀ta náà nìwọ̀nyí: Beseri ní ijù, ní ilẹ̀ pẹ̀tẹ́lẹ̀, tí àwọn ọmọ Reubeni; Ramoti ní Gileadi, ti àwọn ọmọ Gadi àti Golani ní Baṣani, ti àwọn ará Manase.
44 ৪৪ এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
Èyí ni òfin tí Mose gbé kalẹ̀ fún àwọn ará Israẹli.
45 ৪৫ এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
Wọ̀nyí ni àwọn ẹ̀rí, àti ìlànà àti ìdájọ́ tí Mose fi lélẹ̀ fún ún àwọn ọmọ Israẹli, lẹ́yìn tí wọ́n ti jáde kúrò ní Ejibiti.
46 ৪৬ যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
Tí wọ́n sì wà ní ẹ̀bá àfonífojì Beti-Peori ní ìlà-oòrùn Jordani; ní ilẹ̀ Sihoni, ọba àwọn Amori tí ó jẹ ọba Heṣboni tí Mose àti àwọn ọmọ Israẹli ṣẹ́gun, bí wọ́n ṣe ń ti Ejibiti bọ̀.
47 ৪৭ তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
Wọ́n gba ilẹ̀ rẹ̀, àti ilẹ̀ Ogu ọba Baṣani àwọn ọba Amori méjèèjì tí ń bẹ ní ìlà-oòrùn Jordani.
48 ৪৮ এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
Ilẹ̀ wọ̀nyí bẹ̀rẹ̀ láti Aroeri ní etí odò Arnoni dé orí òkè Sirioni (èyí ni Hermoni).
49 ৪৯ এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।
Àti gbogbo aginjù ní ìlà-oòrùn Jordani títí dé Òkun Iyọ̀ ní ìsàlẹ̀ gẹ̀rẹ́gẹ̀rẹ́ Pisga.