< দ্বিতীয় বিবরণ 4 >

1 এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
Ahora pues, oh Israel, escucha los Estatutos y Ordenanzas que les enseño para que los practiquen a fin de que vivan y entren a tomar posesión de la tierra que Yavé, el ʼElohim de sus antepasados, les da.
2 মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
Nada añadirán a la Palabra que yo les mando ni de ella quitarán, para que guarden los Mandamientos de Yavé su ʼElohim que yo les ordeno.
3 আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
Los ojos de ustedes vieron lo que Yavé hizo en el caso de Baal-peor, cómo Yavé su ʼElohim destruyó de entre ustedes a todos los hombres que siguieron a Baal-peor.
4 কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
Pero ustedes, que se aferraron a Yavé su ʼElohim están todos vivos hoy.
5 শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
Miren, yo les enseñé Estatutos y Ordenanzas, tal como Yavé mi ʼElohim me mandó, para que hagan así en la tierra a donde van a entrar a poseerla.
6 আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
Obsérvenlos y practíquenlos, pues esta es su sabiduría y su entendimiento a la vista de las naciones, las cuales oirán todos estos Estatutos y dirán: ¡En verdad esta gran nación es un pueblo sabio y entendido!
7 চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
Pues ¿cuál nación hay tan grande que tenga ʼelohim tan cerca de ella, como Yavé nuestro ʼElohim está siempre cuando lo invocamos?
8 মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
¿Y cuál nación hay tan grande que tenga Estatutos y Ordenanzas tan justos como toda esta Ley que hoy presento ante ustedes?
9 যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
Por tanto, guárdate y guarda tu alma con diligencia. No olvides las cosas que vieron tus ojos, ni se aparten de tu corazón en todos los días de tu vida. Las enseñarás a tus hijos y a tus nietos.
10 ১০ যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
El día cuando estuviste delante de Yavé tu ʼElohim en Horeb, cuando Yavé me dijo: Congrégame al pueblo y haré que oigan mis Palabras para que aprendan a temerme todos los días que vivan sobre esta tierra, y las enseñen a sus hijos.
11 ১১ সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
Se acercaron y permanecieron al pie de la montaña mientras la montaña ardía en fuego hasta el centro del cielo, en medio de oscuridad, nubes y densa niebla.
12 ১২ সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
Yavé les habló desde en medio del fuego. Ustedes oían el sonido de palabras, pero no percibían figura alguna, sino una voz.
13 ১৩ তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
Él mismo les anunció su Pacto, el cual les mandó observar: los Diez Mandamientos que escribió sobre dos tablas de piedra.
14 ১৪ সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
En aquel tiempo Yavé me mandó enseñarles los Estatutos y Ordenanzas para que los practiquen en la tierra a donde pasan para heredarla.
15 ১৫ যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
Así que guárdense cuidadosamente, ya que ninguna forma vieron el día cuando Yavé les habló en Horeb desde en medio del fuego,
16 ১৬ সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
no sea que se corrompan y se hagan escultura de imagen en la forma de cualquier figura con semejanza de hombre o de mujer,
17 ১৭ পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
de bestia que está en la tierra, de ave que vuela por el cielo,
18 ১৮ নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
de reptil que se arrastra por el suelo, o de pez que nada en las aguas debajo de la tierra.
19 ১৯ আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
No sea que, al levantar tus ojos al cielo y al ver el sol, la luna y las estrellas, toda la hueste del cielo, te desvíes y te postres ante ellos y les rindas culto. Porque Yavé tu ʼElohim los concedió a todos los pueblos debajo de todo el cielo.
20 ২০ যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Yavé los tomó a ustedes y los sacó del horno de hierro de Egipto para que sean el pueblo de su herencia, como son hoy.
21 ২১ তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
Yavé se mostró enojado contra mí por causa de ustedes, y juró que no pasaría el Jordán ni entraría en la buena tierra que Yavé su ʼElohim les da como heredad.
22 ২২ মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
Así que yo moriré en esta tierra. No pasaré el Jordán, pero ustedes pasarán y poseerán esa buena tierra.
23 ২৩ এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
Por tanto, guárdense para que no olviden el Pacto que Yavé su ʼElohim hizo con ustedes, y se hagan escultura, imagen de todo lo que les prohibió Yavé su ʼElohim.
24 ২৪ কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
Porque Yavé su ʼElohim es fuego consumidor, ʼElohim celoso.
25 ২৫ যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
Cuando engendren hijos y nietos y envejezcan en la tierra, si se depravan, hacen escultura, imagen de cualquier cosa y hacen lo malo ante Yavé su ʼElohim y lo irritan,
26 ২৬ মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
hoy yo llamo al cielo y la tierra como testigos contra ustedes con respecto a que pronto perecerán en la tierra hacia la cual cruzan el Jordán para poseerla. No prolongarán sus días en ella, sino serán absolutamente destruidos.
27 ২৭ যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
Yavé los esparcirá entre los pueblos, y serán pocos en número entre las naciones a las cuales Yavé los llevará.
28 ২৮ সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
Allí servirán a ʼelohim hechos por manos humanas, de palo y de piedra, que no ven, ni oyen, ni comen, ni olfatean.
29 ২৯ কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
Pero desde allí buscarás a Yavé tu ʼElohim y lo hallarás, si lo buscas con todo tu corazón y toda tu alma.
30 ৩০ যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
Cuando estés en angustia y todas estas cosas lleguen sobre ti en los últimos días, entonces regresarás a Yavé tu ʼElohim y escucharás su voz.
31 ৩১ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
Porque Yavé tu ʼElohim es misericordioso, no te abandonará, ni te destruirá, ni olvidará el Pacto que les juró a tus antepasados.
32 ৩২ এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
Pues pregunta ahora con respecto a los días pasados, desde el día cuando ʼElohim creó al hombre sobre la tierra y desde un extremo del cielo hasta el otro: ¿Sucedió alguna vez o se oyó jamás cualquier cosa como ésta?
33 ৩৩ আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
¿Alguna vez otro pueblo oyó la voz de ʼElohim que habla en medio del fuego, como tú la oíste y seguiste vivo?
34 ৩৪ ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
¿O intentó jamás un ʼelohim venir a tomar para él una nación de entre otra, con pruebas, señales y prodigios, con guerra, mano poderosa y brazo extendido, y con grandes portentos como todo lo que hizo con ustedes Yavé su ʼElohim delante de sus ojos en Egipto?
35 ৩৫ যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
A ti te fue mostrado para que sepas que Yavé es ʼElohim, y no hay otro fuera de Él.
36 ৩৬ তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
Desde el cielo te permitió oír su voz para instruirte y sobre la tierra te permitió ver su gran fuego. Oíste sus palabras desde en medio del fuego.
37 ৩৭ কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
Porque amó a tus antepasados y escogió a su descendencia después de ellos, ʼElohim personalmente te sacó de Egipto por medio de su gran poder,
38 ৩৮ আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
y expulsó de delante de ti a naciones grandes y más poderosas que tú para introducirte y darte en heredad la tierra de ellos, como sucede hoy.
39 ৩৯ এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Por tanto, reconoce hoy y reflexiona en tu corazón que Yavé es ʼElohim arriba en el cielo y abajo en la tierra, y que no hay otro.
40 ৪০ সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
Guarda, pues, sus Estatutos y Mandamientos que yo te ordeno hoy para que te vaya bien, a ti y a tus hijos, y prolongues tus días sobre la tierra que Yavé tu ʼElohim te da para siempre.
41 ৪১ ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
Entonces Moisés apartó tres ciudades al otro lado del Jordán, hacia el nacimiento del sol,
42 ৪২ সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
para que huya allí el homicida que mate a su prójimo sin intención, y sin aborrecerlo antes. Al huir a cualquiera de estas ciudades podrá salvar su vida.
43 ৪৩ সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
a Beser en la llanura del desierto, para los rubenitas, a Ramot en Galaad para los gaditas, y a Golán en Basán para los de Manasés.
44 ৪৪ এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
Esta es la Ley que Moisés expuso ante los hijos de Israel.
45 ৪৫ এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
Estos son los Testimonios, Estatutos y Ordenanzas que Moisés promulgó a los hijos de Israel cuando salieron de Egipto,
46 ৪৬ যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
al otro lado del Jordán, en el valle que está frente a Bet-peor, en la tierra de Sehón, rey de los amorreos, que habitaba en Hesbón, al cual Moisés y los hijos de Israel derrotaron después que salieron de Egipto.
47 ৪৭ তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
Poseyeron esta tierra, así como la tierra de Og, rey de Basán, dos reyes amorreos que estaban al otro lado del Jordán, hacia el oriente,
48 ৪৮ এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
desde Aroer, que está junto a la ribera del arroyo Arnón, hasta la Montaña de Sion, que es Hermón,
49 ৪৯ এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।
con todo el Arabá al otro lado del Jordán, hacia el oriente, hasta el mar del Arabá, al pie de las laderas de la montaña Pisga.

< দ্বিতীয় বিবরণ 4 >