< দ্বিতীয় বিবরণ 34 >
1 ১ পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,
और मूसा मोआब के मैदानों से कोह ए — नबू के ऊपर पिसगा की चोटी पर, जो यरीहू के सामने है चढ़ गया; और ख़ुदावन्द ने जिल'आद का सारा मुल्क दान तक, और नफ़्ताली का सारा मुल्क,
2 ২ গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।
और इफ़्राईम और मनस्सी का मुल्क, और यहूदाह का सारा मुल्क पिछले समन्दर तक,
3 ৩ তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
और दख्खिन का मुल्क, और वादी — ए — यरीहू जो ख़ुरमों का शहर है उसकी वादी का मैदान ज़ुग़र तक उसको दिखाया।
4 ৪ তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”
और ख़ुदावन्द ने उससे कहा, “यही वह मुल्क है, जिसके बारे में मैंने अब्रहाम और इस्हाक़ और या'क़ूब से क़सम खाकर कहा था, कि इसे मैं तुम्हारी नसल को दूँगा। इसलिए मैंने ऐसा किया कि तू इसे अपनी आँखों से देख ले, लेकिन तू उस पार वहाँ जाने न पाएगा।”
5 ৫ সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
तब ख़ुदावन्द के बन्दे मूसा ने ख़ुदावन्द के कहे के मुवाफ़िक़, वहीं मोआब के मुल्क में वफ़ात पाई,
6 ৬ মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
और उसने उसे मोआब की एक वादी में बैत फ़ग़ूर के सामने दफ़न किया; लेकिन आज तक किसी आदमी को उसकी क़ब्र मा'लूम नहीं।
7 ৭ মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
और मूसा अपनी वफ़ात के वक़्त एक सौ बीस बरस का था, और न तो उसकी आँख धुंधलाने पाई और न उसकी अपनी क़ुव्वत कम हुई।
8 ৮ ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।
और बनी इस्राईल मूसा के लिए मोआब के मैदानों में तीस दिन तक रोते रहे; फिर मूसा के लिए मातम करने और रोने — पीटने के दिन ख़त्म हुए।
9 ৯ নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
और नून का बेटा यशू'अ 'अक़्लमन्दी की रूह से मा'मूर था, क्यूँकि मूसा ने अपने हाथ उस पर रख्खे थे; और बनी — इस्राईल उसकी बात मानते रहे, और जैसा ख़ुदावन्द ने मूसा को हुक्म दिया था उन्होंने वैसा ही किया।
10 ১০ আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।
और उस वक़्त से अब तक बनी — इस्राईल में कोई नबी मूसा की तरह, जिससे ख़ुदावन्द ने आमने — सामने बातें कीं नहीं उठा।
11 ১১ যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।
और उसको ख़ुदावन्द ने मुल्क — ए — मिस्र में फ़िर'औन और उसके सब ख़ादिमों और उसके सारे मुल्क के सामने, सब निशान और 'अजीब कामों के दिखाने को भेजा था।
12 ১২ গোটেই ইস্ৰায়েলীয়াসকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেইদৰে আন কোনো ভাৱবাদীয়ে কৰা নাই।
यूँ मूसा ने सब इस्राईलियों के सामने ताक़तवर हाथ और बड़ी हैबत के काम कर दिखाए।