< দ্বিতীয় বিবরণ 34 >

1 পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,
Ascendit ergo Moyses de campestribus Moab super montem Nebo, in verticem Phasga contra Iericho: ostenditque ei Dominus omnem Terram Galaad usque Dan,
2 গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।
et universum Nephthali, terramque Ephraim et Manasse, et omnem terram Iuda usque ad mare novissimum,
3 তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
et australem partem, et latitudinem campi Iericho civitatis palmarum usque Segor.
4 তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”
Dixitque Dominus ad eum: Hæc est terra, pro qua iuravi Abraham, Isaac, et Iacob, dicens: Semini tuo dabo eam. Vidisti eam oculis tuis, et non transibis ad illam.
5 সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
Mortuusque est ibi Moyses servus Domini, in terra Moab, iubente Domino:
6 মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
et sepelivit eum in valle Terræ Moab contra Phogor: et non cognovit homo sepulchrum eius usque in præsentem diem.
7 মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
Moyses centum et viginti annorum erat quando mortuus est: non caligavit oculus eius, nec dentes illius moti sunt.
8 ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।
Fleveruntque eum filii Israel in campestribus Moab triginta diebus: et completi sunt dies planctus lugentium Moysen.
9 নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
Iosue vero filius Nun repletus est Spiritu sapientiæ, quia Moyses posuit super eum manus suas. Et obedierunt ei filii Israel, feceruntque sicut præcepit Dominus Moysi.
10 ১০ আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।
Et non surrexit ultra propheta in Israel sicut Moyses, quem nosset Dominus facie ad faciem,
11 ১১ যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।
in omnibus signis atque portentis, quæ misit per eum, ut faceret in Terra Ægypti Pharaoni, et omnibus servis eius, universæque terræ illius,
12 ১২ গোটেই ইস্ৰায়েলীয়াসকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেইদৰে আন কোনো ভাৱবাদীয়ে কৰা নাই।
et cunctam manum robustam, magnaque mirabilia, quæ fecit Moyses coram universo Israel.

< দ্বিতীয় বিবরণ 34 >