< দ্বিতীয় বিবরণ 32 >

1 হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
Tega sikio, enyi mbingu, na niruhusu kuzungumza.
2 মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
Acha dunia isikie maneno ya kinywa changu. Acha mafundisho yangu yamwagike chini kama mvua, acha usemi wangu udondoke kama umande, kama mvua tulivu juu ya majani laini, na kama mvua za manyunyu juu ya mimea.
3 কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম; তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
Kwa maana nitatangaza jina la Yahwe, na kumpatia ukuu Mungu wetu.
4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Mwamba, kazi yake ni kamili; kwa maana njia zake ni za haki. Yeye ni Mungu mwaminifu, hana udhalimu. Yeye ni wa haki na mwadilifu.
5 তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে; তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
Wamefanya yaliyo maovu dhidi yake. Wao sio watoto wake. Ni aibu kwao. Wao ni kizazi kiovu na kilichopindika.
6 হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
Je! Unamzawadia Yahwe kwa njia hii, enyi watu wapumbavu na msiojitambua? Je! yeye si baba yenu, yule ambaye aliwaumba? Aliwaumba na kuwaimarisha.
7 সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা, সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব; বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
Kumbukeni siku zile za zamani, tafakari juu ya miaka mingi ya nyuma. Muulize baba yako naye atakuonyesha, wazee wako nao watakuambia.
8 সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
Pale ambapo Aliye Juu alipowapatia mataifa urithi wao – alipowagawa wanadamu wote, na kuweka mipaka ya watu, na alipoimarisha idadi ya miungu yao.
9 কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
Kwa maana fungu la Yahwe ni watu wake; Yakobo ni mgao wa urithi wake.
10 ১০ তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
Alimpata katika nchi ya jangwa, na katika jangwa kame na livumalo upepo; alimkinga na kumtunza, alimlinda kama mboni ya jicho lake.
11 ১১ যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
Kama tai akichungaye kiota chake na kupiga piga mabawa juu ya makinda yake, Yahwe alitandaza mabawa yake na kuwachukua, na kuwabeba kwenye mapapatio yake.
12 ১২ তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে; তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
Yahwe pekee alimuongoza, hapakuwa na mungu mgeni pamoja naye.
13 ১৩ পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
Alimfanya aendeshe katika maeneo ya juu ya nchi, na alimlisha matunda ya mbugani; alimrutubisha kwa asali kutoka kwenye jiwe, na mafuta kutoka kwenye mwamba mgumu sana.
14 ১৪ গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
Alikula siagi kutoka katika kundi na kunywa maziwa kutoka katika kundi la mifugo, pamoja na mafuta ya wanakondoo, kondoo dume wa Bashani na mbuzi, pamoja na ngano safi kabisa – nawe ulikunywa divai itokayo povu iliyotengenezwa kwa juisi ya mizabibu.
15 ১৫ যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Lakini Yeshuruni akakua kwa unene na kupiga mateke – ulikua kwa unene, ulikua mnene sana, na ulikuwa umekula ujazo wako – alimuacha Mungu aliyemuumba, na kukataa Mwamba wa wokovu wake.
16 ১৬ তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
Walimfanya Yahwe apatwe wivu kwa miungu yao ya ajabu; kwa maudhi yao walimkasirisha.
17 ১৭ ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
Walitoa dhabihu kwa mapepo, ambayo sio Mungu – miungu ambayo hawajaijua, miungu ambayo imejitokeza hivi karibuni, miungu ambayo mababu zenu hawakuogopa.
18 ১৮ যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
Umetelekeza Mwamba, ambao ulikuwa baba yako, na ukasahau Mungu aliyekuzaa.
19 ১৯ যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
Yahwe aliliona hili na kuwakataa, kwa sababu watoto wake wa kiume na mabinti zake walimchokoza.
20 ২০ তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
“Nitaficha uso wangu kwao”, alisema, “nami nitaona mwisho wao utakuaje; maana wao ni kazazi kaidi, watoto ambao sio waaminifu.
21 ২১ যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
Wamenifanya kuwa na wivu kwa kile ambacho sio mungu na kunikasirisha kwa mambo yao yasiyo na maana. Nitawafanya waone wivu kwa wale ambao sio taifa; nitawakasirisha kwa taifa pumbavu.
22 ২২ কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। (Sheol h7585)
Kwa maana moto kuwashwa kwa hasira yangu na inawaka hadi chini mwa Sheoli; inameza ulimwengu na mavuno yake; inawasha moto misingi ya milima. (Sheol h7585)
23 ২৩ মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম; তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
Nitarundia maafa juu yao; nitafyatua mishale yangu yote kwao;
24 ২৪ দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
Watapotea kwa njaa na kumezwa kwa joto liwakalo na uharibifu mchungu; nitatuma kwao meno ya wanyama wa mwituni, pamoja na sumu ya vitu vitambaao mavumbini.
25 ২৫ বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
Nje panga litawatwaa, na ndani ya vyumba hofu kuu itafanya hivyo. Wote mwanamume kijana na bikra nitawaangamiza, mchanga anyonyaye, na mwanamume mwenye mvi.
26 ২৬ মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
Nilisema nitawasambaza mbali, kwamba nitafanya kumbukumbu yao kukoma miongoni mwa wanadamu.
27 ২৭ কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
Isingekuwa kwamba naogopa uchokozi wa adui, na kwamba adui zake wangehukumu kimakosa, na kwamba wangesema, “Mkono wetu umeinuliwa,” ningefanya haya yote.
28 ২৮ তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
Kwa maana Israeli ni taifa linalopungukiwa na hekima, na hakuna ufahamu ndani mwao.
29 ২৯ তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
Ah laiti wangekuwa na hekima, wangeelewa hili, na kuzingatia ujio wa hatima yao!
30 ৩০ এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
Inawezekanaje mmoja kufukuza maelfu, na wawili kuweka makumi elfu mbioni, isipokuwa Mwamba wao hajawauza, na Yahwe hajawaachilia kwao?
31 ৩১ শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
Kwa maana mwamba wa maadui zetu si kama Mwamba wetu, kama vile maadui zetu wanavyokiri.
32 ৩২ সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
Kwa maana mzabibu wao unatoka kwenye mzabibu wa Sodoma, na kwenye mashamba ya Gomorra; na zabibu zake ni zabibu za sumu; vishada vyao ni vichungu.
33 ৩৩ সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেঁটি সাপৰ ভয়ানক বিষ
Mvinyo yao ni sumu ya nyoka na sumu katili ya nyoka.
34 ৩৪ এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
Huu mpango haujafichwa kwangu kwa siri, na kufungwa kabisa katika hazina zangu?
35 ৩৫ সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
Kisasi ni changu kutoa, na fidia, katika muda mguu wao utakapotereza; kwa maana siku ya maafa kwao ipo karibu, na vitu vitakavyokuja juu yao vitaharakisha kutendeka.
36 ৩৬ যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
Kwa maana Yahwe atatoa haki kwa watu wake, na atawahurumia watumishi wake. Atahakikisha kuwa nguvu yao imetoweka, na hakuna atakayesalia, iwe watumwa au watu huru.
37 ৩৭ তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
Kisha atasema, “wako wapi miungu yao, mwamba ambao wamekimbilia? –
38 ৩৮ তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
miungu iliyokula sadaka zao nene na kunywa mvinyo wa sadaka zao za kinywaji? Na wainuke na kukusaidia; na wawe ulinzi kwako.
39 ৩৯ এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Tazama sasa mimi, hata mimi, ni Mungu, na kwamba hakuna mungu tofauti yangu; ninaua, na ninaleta uhai; ninajeruhi, na ninaponya, na hakuna mtu atakayekuokoa kutoka kwa uwezo wangu.
40 ৪০ কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো, মোৰ চিৰস্থায়ী জীৱনৰ শপত,
Kwa maana ninainua mikono yangu mbinguni na kusema, “Niishivyo milele, nitatenda.
41 ৪১ যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
Nitakapong’oa panga langu lingaaro, na mkono wangu utakapoanza kuleta haki, nitalipiza kisasi juu ya maadui zangu, na kuwalipa wale wote wanichukiao.
42 ৪২ হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
Nitafanya mishale yangu kulewa na damu, na panga langu litameza nyama kwa damu ya waliouawa na mateka, na kutoka kwa vichwa vya viongozi wa adui.”
43 ৪৩ হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
Furahi, enyi mataifa, na watu wa Mungu, kwa maana atalipiza kisasi damu ya watumishi wake; atalipiza kisasi juu ya maadui zake, naye atafanya upatanisho kwa ajili ya nchi yake, kwa watu wake.
44 ৪৪ এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
Musa alikuja na kunena maneno yote ya wimbo huu masikioni mwa watu, yeye na Yoshua mwana wa Nuni.
45 ৪৫ ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
Kisha Musa alimaliza kunena maneno haya yote kwa Israeli yote.
46 ৪৬ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
Aliwaambia, “Imarisheni akili yenu kwa haya maneno ambayo nimewashuhudia kwenu leo, ili kwamba muwaamuru watoto wenu kuyashika, maneno yote ya sheria hii.
47 ৪৭ কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
Kwa maana hili si jambo dogo kwako, kwa sababu ni uzima wako, na kupitia jambo hili utarefusha siku zako katika nchi ambayo unakwenda juu ya Yordani kumiliki.”
48 ৪৮ সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
Yahwe alizungumza na Musa katika siku hiyo hiyo na kusema,
49 ৪৯ “তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
“Nenda katika usawa huu wa milima wa Abarimu, juu ya mlima wa Nebo, ambao upo katika nchi ya Moabu, mkabala na Yeriko. Utatazama nchi ya Kanani, ambayo ninawapatia watu wa Israeli kama miliki yao.
50 ৫০ যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
Utakufa katika mlima utakaopanda, na utakusanywa kwa watu wako, kama Haruni Muisraeli mwenzako alivyokufa juu ya mlima wa Hori na kukusanywa kwa watu wake. Hii
51 ৫১ কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
itatendeka kwa sababu haukuwa mwaminifu kwangu miongoni mwa watu wa Israeli katika maji ya Meriba kule Kadeshi, katika jangwa la Zini; kwa sababu haukunitendea utukufu na heshima miongoni mwa watu wa Israeli.
52 ৫২ তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”
Kwa maana utaona nchi mbele yako, lakini hautakwenda kule, katika nchi ninayowapatia watu wa Israeli.”

< দ্বিতীয় বিবরণ 32 >