< দ্বিতীয় বিবরণ 31 >
1 ১ পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,
След това Моисей, като изговори тия думи на целия Израил, прибави та им каза:
2 ২ “মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
На сто и двадесет години съм аз днес; не мога вече да излизам и да влизам; и Господ ми е казал: Няма да преминеш тоя Иордан.
3 ৩ আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।
Господ твоят Бог Той ще върви пред тебе; Той ще изтреби тия народи от пред тебе, и ти ще ги завладееш; и Исус, той ще върви пред тебе, според както Господ говори.
4 ৪ ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
И Господ ще им направи така както направи на аморейските царе Сион и Ог, и на земята им, които изтреби.
5 ৫ যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
Господ ще ги предаде вам; и вие да им сторите според всичките заповеди, които съм ви заповядал.
6 ৬ আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
Бъдете силни и дързостни, не бойте се нито да се страхувате от тях; защото Господ твоят Бог Той е, Който върви пред теме; не ще отстъпи от тебе нито ще те остави.
7 ৭ তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
Тогава Моисей повика Исуса и му каза, пред целия Израил: Бъди силен и смел, защото ти ще въведеш тия люде в земята, за която Господ се е клел на бащите им, че ще им я даде, и ти ще им я разделиш за наследство.
8 ৮ যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
Господ, Той е, Който ходи пред тебе, Той ще бъде с тебе; не ще отстъпи от тебе нито ще те остави; не бой се нито се страхувай.
9 ৯ মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
А Моисей написа тоя закон и го предаде на свещениците, Левиевите потомци, които носеха ковчега за плочите на Господния завет, и на всичките Израилеви старейшини.
10 ১০ মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
Моисей им заповяда, казвайки: В края на всяка седма година, в годината определена за опрощаването, в празника на скинопигията,
11 ১১ যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।
когато целия Израил се събира да се явява пред Господа твоя Бог на мястото, което Той избере, да прочиташ тоя закон пред целия Израил на всеослушание.
12 ১২ আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
Събирай людете, мъжете, жените, децата и чужденеца, който е отвътре градовете ти, за да чуят и се научат, та да се боят от Господа вашия Бог, и да внимават да изпълняват всичките думи на тоя закон;
13 ১৩ তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”
да чуят и чадата им, които не знаят, та да се научат да се боят от Господа вашия Бог до тогава, до когато живеете в земята, към която преминавате през Иордан, за да я завладеете.
14 ১৪ পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
Тогава Господ каза на Моисея: Ето, наближават дните ти да умреш; повикай Исуса, и представете се в шатъра за срещане, за да му дам поръчка. Моисей, прочее, отиде и Исус, и се представи в шатъра за срещане.
15 ১৫ তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
И Господ се яви в шатъра в облачен стълб; и облачният стълб застана до върха на шатъра.
16 ১৬ যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
И Господ рече на Моисея: Ето, ти ще заспиш с бащите си; а тия люде ще се подигнат да блудствуват след чуждите богове на земята, гдето отиват да се намират между тях, а ще оставят Мене, и ще престъпват завета, който направих с тях.
17 ১৭ যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
И в оня ден гневът на Ми ще пламне против тях, а Аз ще ги оставя и ще скрия лицето Си от тях; и ще бъдат разграбвани, и много злини и скърби ще ги постигнат; та ще кажат в оня ден; Не постигнаха ли ни тия злини понеже нашият Бог не е всред нас?
18 ১৮ তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
И в оня ден Аз непременно ще скрия от тях лицето Си поради всичките злини, които ще са сторили, като се обърнат към чужди богове.
19 ১৯ তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
И сега, напишете си тая песен и научете израилтяните на нея; турете я в устата им, тъй щото тая песен да Ми бъде за свидетелство против израилтяните.
20 ২০ কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
Защото, като ги въведа в земята, за която съм се клел на бащите им, земя гдето текат мляко и мед, и те ядат и се наситят и затлъстеят, тогава ще се обърнат към чужди богове и ще им служат, а Мене ще отхвърлят с презрение и ще нарушават завета Ми.
21 ২১ তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
И като ги постигнат много злини и Скърби, тая песен ще говори против тях като свидетел защото няма да се забрави от устата на потомството им; понеже Аз зная мислите, които те размишляват още сега, преди да съм се клел.
22 ২২ সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।
И тъй Моисей написа тая песен в същия ден, и научи израилтяните на нея.
23 ২৩ তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
А Господ заръча на Исуса Навиевия син, казвайки: Бъди силен и дързостен, защото ти ще въведеш израилтяните в земята, за която съм им се клел; и Аз ще бъда с тебе.
24 ২৪ মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
А когато Моисей написа на книга думите на тоя закон дори до край,
25 ২৫ তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,
тогава Моисей заповяда на левитите, които носеха ковчега за плочите, на Господния завет, като каза:
26 ২৬ “এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
Вземете тая книга на закона и турете я край ковчега за плочите на завета на Господа нашия Бог; и там ще бъде за свидетелство против тебе.
27 ২৭ কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
Защото аз зная непокорството ти и коравината на врата ти. Ето, догде съм още жив между вас днес, вие сте били непокорни Господу; а колко повече ще бъдете след като умра!
28 ২৮ আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
Съберете при мене всичките старейшини на племената си и първенците си, за да говоря тия думи на всеослушание и да призова небето и земята за свидетели против тях.
29 ২৯ কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
Понеже знам, че подир смъртта ми непременно ще се развратите и отклоните от пътя, за който ви заповядах; и в послешните дни злини ще ви застигнат, понеже ще вършите зло пред Господа и ще Го разгневите с делата на ръцете си.
30 ৩০ তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।
Моисей, прочее, изговори до край, на всеослушание пред цялото Израилево общество, думите на тая песен: