< দ্বিতীয় বিবরণ 3 >

1 তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল।
Afei, yɛde yɛn ani kyerɛɛ Basan kwan so. Basanhene Og ne nʼasrafo nyinaa fi behyiaa yɛn wɔ Edrei ne yɛn koe.
2 তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়াসকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”
Nanso Awurade ka kyerɛɛ me se, “Nsuro no, efisɛ mede ɔno ne nʼakofo ne nʼasase nyinaa ahyɛ wo nsa. Sɛnea woyɛɛ Amorihene Sihon a odii ade wɔ Hesbon dii no, yɛ no saa ara.”
3 এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
Enti Awurade, yɛn Nyankopɔn, san de Basanhene Og ne nʼakofo nyinaa hyɛɛ yɛn nsa. Yɛbɔɔ wɔn gui a anka wɔn mu baako koraa.
4 সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ সকলোৱেই আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ।
Saa bere no, yɛfaa ne nkuropɔn nyinaa. Nkuropɔn aduosia no mu baako koraa nni hɔ a yɛannye amfi wɔn nsam. Argob mantam a ɛyɛ Og ahemman wɔ Basan nyinaa.
5 সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল।
Na wɔato afasu atenten afa saa nkuropɔn yi nyinaa ho de nnade apon atoto ano. Saa bere koro no ara mu, yɛfaa nkuraa a na wɔntoo afasu mfaa ho no bebree.
6 আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ।
Yɛsɛee Basan kuropɔn no pasaa sɛnea yɛsɛee Hesbonhene Sihon no. Yɛsɛee nkurow no ne mu mmarima, mmea ne mmofra nyinaa pasapasa.
7 কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
Nanso nkuropɔn no mu nyɛmmoa ne asade ahorow no de, yɛsoa kɔe.
8 সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ।
Saa bere no, yɛfaa Amorifo ahemfo baanu no nsase a na ɛdeda Asubɔnten Yordan apuei fam no nyinaa; nsase a efi Arnon subon mu de kosi bepɔw Hermon so nyinaa.
9 (চীদোনৰ লোকসকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়াসকলে চনীৰ বোলে।)
Sidonfo frɛ no Hermon Sirion na Amorifo frɛ no Senir.
10 ১০ সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
Yɛfaa nkuropɔn a ɛwɔ bepɔw no atifi no nyinaa so a Gilead ne Basan ka ho de kosi nkurow a ɛwɔ Saleka ne Edrei a na ɛyɛ Og ahemman wɔ Basan no nso ka ho bi.
11 ১১ অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
Abran no de, Basanhene Og nko na na waka. Ne dade mpa tenten boro anammɔn dumiɛnsa na ne trɛw yɛ anammɔn asia. Ɛda so wɔ Amonfo kuropɔn Raba mu mprempren ara.
12 ১২ সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ।
Nsase a yɛfaa no saa bere no, mede ne fa a ɛda fi Aroer Arnon subon mu ne ɔman a ɛda Gilead bepɔw no fa ne ne nkurow no maa Rubenfo ne Gadfo.
13 ১৩ গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়াসকলৰ দেশ বোলা হয়।
Afei, mede asase no nkae a ɛyɛ Gilead ne Basan nyinaa a na anka ɛyɛ Og ahemman no maa Manase abusua fa no. Na wɔfrɛ Argob mantam a ɛwɔ Basan no nyinaa se Abran asase.
14 ১৪ যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)
Manase aseni bi a wɔfrɛ no Yair faa Argob mantam no nyinaa de kosii Gesurfo ne Maakatfo hye so. Ɔde ne din too asase no frɛɛ hɔ Hawot-Yair de besi nnɛ.
15 ১৫ মই মাখীৰক গিলিয়দ দিলোঁ।
Mede Gilead maa Makir,
16 ১৬ অৰ্ণোনৰূবেন আৰু গাদ ফৈদৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যব্বোক নদীলৈকে দিলোঁ। যাব্বোক নদীখন অম্মোনৰ বংশধৰসকলৰ সীমা।
Rubenfo ne Gadfo no, memaa wɔn asase bi a efi Gilead fa bi, kosi Arnon subon ho, de kosii Asubɔnten Yabok a ɛyɛ Amonfo hye no so.
17 ১৭ ইয়াৰ আন সীমাবোৰ হৈছে যৰ্দ্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ পৰা অৰাবা সাগৰলৈকে আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে।
Atɔe hye no fi Asubɔnten Yordan a ɛda Araba a efi Kineret kosi Araba Po (a ɛne Nkyene Po no) wɔ Pisga bepɔw no ase.
18 ১৮ সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্ৰায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।
Na mehyɛɛ mo saa bere no se, “Awurade, mo Nyankopɔn, de asase yi ama mo sɛ momfa. Nanso mo mmarima akofo nyinaa nhyɛ akode nni mo nuanom Israelfo no anim ntwa Yordan.
19 ১৯ অৱশ্যে, মই আপোনালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত আপোনালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে।
Mo yerenom, mo mma ne mo nyɛmmoa bebrebe a minim sɛ mowɔ no de, mubetumi agyaw wɔ nkurow a mede ama mo no so.
20 ২০ যিহোৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও যৰ্দ্দনৰ সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্রত্যেকেই ঘূৰি আহিব।”
Sɛ Awurade bɔ Israelfo a wɔaka no ho ban na wɔtena asase a Awurade de rema wɔn wɔ Asubɔnten Yordan agya no so a, ansa na mo mu biara betumi asan akɔ asase a mede ama mo no so.”
21 ২১ সেই সময়ত মই যিহোচূৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব।
Saa bere no, meka kyerɛɛ Yosua se, “Wode wʼani ahu nea Awurade, wo Nyankopɔn, ayɛ saa ahemfo baanu yi nyinaa. Saa ara na ɔbɛyɛ ahemman a ɛwɔ faako a morekɔ no nso.
22 ২২ তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”
Nsuro wɔn, na Awurade, wo Nyankopɔn, bɛko ama wo.”
23 ২৩ সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলোঁ,
Saa bere no, mesrɛɛ Awurade se,
24 ২৪ “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে?
“Otumfo Awurade, woafi ase reda wo kɛseyɛ ne wo nsa a ɛyɛ den no adi akyerɛ wʼakoa. Na onyame bɛn na ɔwɔ ɔsoro anaa asase so a obetumi ayɛ mmaninne te sɛ wo?
25 ২৫ মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”
Mesrɛ wo, ma mintwa Yordan nkɔhwɛ asase pa a ɛda hɔ no, Lebanon mmepɔw asase fɛfɛ no.”
26 ২৬ কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;
Nanso esiane mo nti, Awurade bo fuw me. Na wantie me. Na Awurade ka kyerɛɛ me se, “Nka saa asɛm yi ho hwee bio nkyerɛ me.
27 ২৭ তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা।
Foro kɔ Pisga na hwɛ atɔe, atifi, anafo ne apuei. Esiane sɛ, worentwa Yordan no nti, wʼankasa fa wʼani hwɛ asase no.
28 ২৮ তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।”
Nanso soma Yosua, hyɛ no nkuran na hyɛ no den, efisɛ ɔno na obedi saa nnipa yi anim atwa na wama wɔadi asase a wʼani tua yi.”
29 ২৯ সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো।
Ɛno nti, yɛtenaa subon a ɛbɛn Bet-Peor no mu.

< দ্বিতীয় বিবরণ 3 >