< দ্বিতীয় বিবরণ 3 >
1 ১ তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল।
Потом обративши се идосмо к Васану. И изиђе пред нас Ог, цар васански и сав народ његов на бој у Едрајин.
2 ২ তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়াসকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”
И Господ ми рече: Не бој га се, јер га дадох у твоје руке са свим народом његовим и са земљом његовом, да учиниш с њим онако како си учинио са Сионом царем аморејским, који сеђаше у Есевону.
3 ৩ এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
Тако нам даде Господ Бог наш у руке и Ога, цара васанског са свим народом његовим, и разбисмо га и не остависмо му ниједног живог.
4 ৪ সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ সকলোৱেই আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ।
И узесмо тада све градове његове; не би ниједног града ког не узесмо, шездесет градова, сав крај арговски, царство Ога у Васану.
5 ৫ সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল।
Сви ти градови беху утврђени зидом високим, вратима и преворницама, осим других места без зидова врло много.
6 ৬ আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ।
И раскопасмо их као што учинисмо Сиону, цару есевонском, побивши по свим местима и људе и жене и децу.
7 ৭ কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
А сву стоку и плен по градовима запленисмо за се.
8 ৮ সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ।
Тако узесмо онда земљу из руку двојице царева аморејских, која је с ове стране Јордана од потока Арнона до горе Ермона,
9 ৯ (চীদোনৰ লোকসকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়াসকলে চনীৰ বোলে।)
(Сидонци зову Ермон Сирион, а Амореји га зову Сенир, )
10 ১০ সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
Сва места у равни и сав Галад и сав Васан до Салхе и Едрајина, градове царства Ога у Васану.
11 ১১ অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
Јер само Ог цар васански беше остао од дивова. Гле, одар његов, одар гвозден, није ли у Рави синова Амонових? Девет је лаката дуг, а широк четири лакта, лакта човечија.
12 ১২ সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ।
Тако наследисмо ту земљу онда; од Ароира, који је на потоку Арнону, и половину горе Галада с градовима њеним дадох синовима Рувимовим и Гадовим.
13 ১৩ গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়াসকলৰ দেশ বোলা হয়।
И остатак Галада и сав Васан, царство Огово, дадох половини племена Манасијиног; сав крај арговски по свему Васану зваше се земља дивовска.
14 ১৪ যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)
Јаир син Манасијин узе сав крај арговски до међе гесурске и махатске; и прозва Васанску својим именом: села Јаирова до данашњег дана.
15 ১৫ মই মাখীৰক গিলিয়দ দিলোঁ।
А Махиру дадох Галад.
16 ১৬ অৰ্ণোনৰূবেন আৰু গাদ ফৈদৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যব্বোক নদীলৈকে দিলোঁ। যাব্বোক নদীখন অম্মোনৰ বংশধৰসকলৰ সীমা।
А Рувимовом племену и Гадовом племену дадох од Галада до потока Арнона, како захвата поток с међама, па до потока Јавока, где је међа синова Амонових.
17 ১৭ ইয়াৰ আন সীমাবোৰ হৈছে যৰ্দ্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ পৰা অৰাবা সাগৰলৈকে আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে।
И поље и Јордан с међама од Хинерота до мора уз поље, до мора сланог, испод Фазге према истоку.
18 ১৮ সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্ৰায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।
И заповедих вам онда и рекох: Господ Бог ваш дао вам је ову земљу у наследство; наоружани хајдете пред браћом својом, синовима Израиљевим, ко је год за војску.
19 ১৯ অৱশ্যে, মই আপোনালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত আপোনালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে।
А жене ваше и деца ваша и стока ваша (знам да имате много стоке) нека остану у градовима вашим, које вам дадох,
20 ২০ যিহোৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও যৰ্দ্দনৰ সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্রত্যেকেই ঘূৰি আহিব।”
Докле не смири Господ и браћу вашу као вас, да и они наследе земљу, коју ће им Господ Бог ваш дати с оне стране Јордана; онда се вратите сваки на своје наследство, које вам дадох.
21 ২১ সেই সময়ত মই যিহোচূৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব।
А Исусу онда заповедих говорећи: Очи твоје виде све што је учинио Господ Бог ваш са она два цара; онако ће Господ учинити са свим царствима у која дођеш.
22 ২২ তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”
Немојте их се бојати, јер ће се Господ Бог ваш бити за вас.
23 ২৩ সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলোঁ,
И молих се Господу онда говорећи:
24 ২৪ “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে?
Господе Боже! Ти си почео показивати слузи свом величину своју и крепку руку своју, јер који је Бог на небу или на земљи који би творио дела каква су Твоја и у кога би била сила каква је Твоја?
25 ২৫ মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”
Дај ми да пређем и видим земљу добру која је преко Јордана и гору добру, Ливан.
26 ২৬ কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;
Али Господ беше гневан на ме с вас, и не услиши ме, него ми рече: Доста; не говори ми више за то.
27 ২৭ তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা।
Попни се на врх ове горе, и подигавши очи своје на запад и на север и на југ и на исток, види очима својим, јер нећеш прећи преко Јордана.
28 ২৮ তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।”
Него подај заповести Исусу, и утврди га и укрепи га; јер ће он прећи пред народом тим, и он ће им разделити у наследство земљу коју видиш.
29 ২৯ সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো।
И остасмо у овој долини према Вет-Фегору.