< দ্বিতীয় বিবরণ 29 >
1 ১ যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
Das sind die Worte des Bundes, welchen Jehova im Lande Moab dem Mose geboten hat, mit den Kindern Israel zu machen, außer dem Bunde, den er am Horeb mit ihnen gemacht hatte.
2 ২ মোচিয়ে সকলো ইস্ৰায়েলীয়া লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে;
Und Mose berief ganz Israel und sprach zu ihnen: Ihr habt alles gesehen, was Jehova vor euren Augen im Lande Ägypten getan hat, an dem Pharao und an allen seinen Knechten und an seinem ganzen Lande:
3 ৩ তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
Die großen Versuchungen, welche deine Augen gesehen haben, jene großen Zeichen und Wunder.
4 ৪ কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
Aber Jehova hat euch nicht ein Herz gegeben, zu erkennen, und Augen, zu sehen, und Ohren, zu hören, bis auf diesen Tag.
5 ৫ যিহোৱাই চল্লিশ বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট নাছিল।
Und ich habe euch vierzig Jahre in der Wüste geführt: Eure Kleider sind nicht an euch zerfallen, und dein Schuh ist nicht abgenutzt an deinem Fuße;
6 ৬ আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
Brot habt ihr nicht gegessen, und Wein und starkes Getränk habt ihr nicht getrunken; auf daß ihr erkenntet, daß ich Jehova, euer Gott, bin.
7 ৭ আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
Und als ihr an diesen Ort kamet, da zogen Sihon, der König von Hesbon, und Og, der König von Basan, aus, uns entgegen zum Streit, und wir schlugen sie;
8 ৮ আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
und wir nahmen ihr Land ein und gaben es den Rubenitern und den Gaditern und dem halben Stamme der Manassiter zum Erbteil.
9 ৯ গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
So beobachtet denn die Worte dieses Bundes und tut sie, auf daß ihr Gelingen habet in allem, was ihr tut.
10 ১০ আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
Ihr stehet heute allesamt vor Jehova, eurem Gott: eure Häupter, eure Stämme, eure Ältesten und eure Vorsteher,
11 ১১ আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
alle Männer von Israel, eure Kinder, eure Weiber und dein Fremdling, der inmitten deiner Lager ist, von deinem Holzhauer bis zu deinem Wasserschöpfer,
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
damit du in den Bund Jehovas, deines Gottes, eintretest und in seinen Eidschwur, den Jehova, dein Gott, heute mit dir macht;
13 ১৩ যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই আপোনালোকক নিজৰ লোক কৰি ল’ব পাৰে।
auf daß er dich heute als sein Volk bestätige, und er dein Gott sei, wie er zu dir geredet, und wie er deinen Vätern, Abraham, Isaak und Jakob, geschworen hat.
14 ১৪ কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই।
Und nicht mit euch allein mache ich diesen Bund und diesen Eidschwur,
15 ১৫ আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰপুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
sondern mit dem, der heute hier ist, der mit uns vor Jehova, unserem Gott, steht, und mit dem, der heute nicht mit uns hier ist.
16 ১৬ আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
Denn ihr wisset ja, wie wir im Lande Ägypten gewohnt haben, und wie wir mitten durch die Nationen gezogen sind, durch die ihr gezogen seid;
17 ১৭ আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।
und ihr habt ihre Scheusale gesehen, und ihre Götzen von Holz und Stein, Silber und Gold, die bei ihnen sind,
18 ১৮ সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
daß kein Mann oder Weib, oder Geschlecht oder Stamm unter euch sei, dessen Herz sich heute von Jehova, unserem Gott, abwende, um hinzugehen, den Göttern jener Nationen zu dienen; daß nicht eine Wurzel unter euch sei, die Gift und Wermut trage,
19 ১৯ এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
und es geschehe, wenn er die Worte dieses Eidschwures hört, daß er sich in seinem Herzen segne und spreche: Ich werde Frieden haben, wenn ich auch in der Verstocktheit meines Herzens wandle! Damit zu Grunde gehe das Getränkte mit dem Durstigen.
20 ২০ যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
Nicht wird Jehova ihm vergeben wollen, sondern alsdann wird der Zorn Jehovas und sein Eifer rauchen wider selbigen Mann; und der ganze Fluch, der in diesem Buche geschrieben ist, wird auf ihm ruhen, und Jehova wird seinen Namen unter dem Himmel austilgen;
21 ২১ যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
und Jehova wird ihn aus allen Stämmen Israels zum Unglück aussondern, nach all den Flüchen des Bundes, der in diesem Buche des Gesetzes geschrieben ist.
22 ২২ এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
Und das künftige Geschlecht, eure Kinder, die nach euch aufkommen werden, und der Ausländer, der aus fernem Lande kommen wird, werden sagen, wenn sie die Plagen dieses Landes sehen und seine Krankheiten, womit Jehova es geschlagen hat,
23 ২৩ তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
daß sein ganzes Land Schwefel und Salz, ein Brand, ist, daß es nicht besät wird und nichts sprossen läßt, und keinerlei Kraut darin aufkommt, gleich der Umkehrung von Sodom und Gomorra, Adama und Zeboim, welche Jehova umkehrte in seinem Zorn und in seinem Grimm, -
24 ২৪ তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
und alle Nationen werden sagen: Warum hat Jehova diesem Lande also getan? Weshalb diese große Zornglut?
25 ২৫ তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
Und man wird sagen: Darum daß sie den Bund Jehovas, des Gottes ihrer Väter, verlassen haben, den er mit ihnen gemacht hatte, als er sie aus dem Lande Ägypten herausführte,
26 ২৬ তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
und hingingen und anderen Göttern dienten und sich vor ihnen niederbeugten, Göttern, die sie nicht kannten, und die er ihnen nicht zugeteilt hatte:
27 ২৭ এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
da entbrannte der Zorn Jehovas über dieses Land, so daß er den ganzen Fluch über dasselbe gebracht hat, der in diesem Buche geschrieben ist;
28 ২৮ অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
Und Jehova hat sie herausgerissen aus ihrem Lande im Zorn und im Grimm und in großem Unwillen, und hat sie in ein anderes Land geworfen, wie es an diesem Tage ist. -
29 ২৯ কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।
Das Verborgene ist Jehovas, unseres Gottes; aber das Geoffenbarte ist unser und unserer Kinder ewiglich, damit wir alle Worte dieses Gesetzes tun.