< দ্বিতীয় বিবরণ 26 >
1 ১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব,
Когда ты придешь в землю, которую Господь Бог твой дает тебе в удел, и овладеешь ею, и поселишься в ней,
2 ২ তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
то возьми начатков всех плодов земли, которые ты получишь от земли твоей, которую Господь Бог твой дает тебе, и положи в корзину, и пойди на то место, которое Господь Бог твой изберет, чтобы пребывало там имя Его;
3 ৩ তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
и приди к священнику, который будет в те дни, и скажи ему: сегодня исповедую пред Господом Богом твоим, что я вошел в ту землю, которую Господь клялся отцам нашим дать нам.
4 ৪ তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
Священник возьмет корзину из руки твоей и поставит ее пред жертвенником Господа Бога твоего.
5 ৫ তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
Ты же отвечай и скажи пред Господом Богом твоим: отец мой был странствующий Арамеянин, и пошел в Египет и поселился там с немногими людьми, и произошел там от него народ великий, сильный и многочисленный;
6 ৬ মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে;
но Египтяне худо поступали с нами, и притесняли нас, и налагали на нас тяжкие работы;
7 ৭ তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
и возопили мы к Господу Богу отцов наших, и услышал Господь вопль наш и увидел бедствие наше, труды наши и угнетение наше;
8 ৮ যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
и вывел нас Господь из Египта Сам крепостию Своею великою и рукою сильною и мышцею простертою, великим ужасом, знамениями и чудесами,
9 ৯ তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
и привел нас на место сие, и дал нам землю сию, землю, в которой течет молоко и мед;
10 ১০ সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
итак вот, я принес начатки плодов от земли, которую Ты, Господи, дал мне, от земли, где течет молоко и мед. И поставь это пред Господом Богом твоим, и поклонись пред Господом Богом твоим,
11 ১১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
и веселись о всех благах, которые Господь Бог твой дал тебе и дому твоему, ты и левит и пришелец, который будет у тебя.
12 ১২ প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
Когда ты отделишь все десятины произведений земли твоей в третий год, год десятин, и отдашь левиту, пришельцу, сироте и вдове, чтоб они ели в жилищах твоих и насыщались,
13 ১৩ তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।
тогда скажи пред Господом Богом твоим: я отобрал от дома моего святыню и отдал ее левиту, пришельцу, сироте и вдове, по всем повелениям Твоим, которые Ты заповедал мне: я не преступил заповедей Твоих и не забыл;
14 ১৪ মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ।
я не ел от нее в печали моей, и не отделял ее в нечистоте, и не давал из нее для мертвого; я повиновался гласу Господа Бога моего, исполнил все, что Ты заповедал мне;
15 ১৫ হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।”
призри от святого жилища Твоего, с небес, и благослови народ Твой, Израиля, и землю, которую Ты дал нам - так как Ты клялся отцам нашим дать нам землю, в которой течет молоко и мед.
16 ১৬ আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
В день сей Господь Бог твой завещавает тебе исполнять все постановления сии и законы: соблюдай и исполняй их от всего сердца твоего и от всей души твоей.
17 ১৭ আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
Господу сказал ты ныне, что Он будет твоим Богом, и что ты будешь ходить путями Его и хранить постановления Его и заповеди Его и законы Его, и слушать гласа Его;
18 ১৮ যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
и Господь обещал тебе ныне, что ты будешь собственным Его народом, как Он говорил тебе, если ты будешь хранить все заповеди Его,
19 ১৯ যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।
и что Он поставит тебя выше всех народов, которых Он сотворил, в чести, славе и великолепии, и что ты будешь святым народом у Господа Бога твоего, как Он говорил.